আমাৰ বোপা টাওনীয়া হ’ল — ধ্ৰুৱজ্যোতি শৰ্মা
আমাৰ বোপা টাওনীয়া হ’ল
— ধ্ৰুৱজ্যোতি শৰ্মা
বোপা গাঁৱলৈ নহা
বহুদিন হ’ল,
বোকা পানীও নেদেখা হ’ল
পথাৰৰ মাদকতা নোপোৱা হ’ল
আমাৰ বোপা ডাঙৰ হ’ল
তেওঁ টাওনীয়া হ’ল৷
লেটিপেটি হৈ পথাৰৰ বোকাত
তেওঁ এদিন কৈছিল
“আইৰ কোলাত শুই
পাহৰি যাব পাৰি সকলো নিৰ্মমতা“
সেনাৰ বৰ্বৰতাত
তেওঁৰ ভগ্নী তেতিয়া চিপজৰীত৷
এচলু এচলু পানীৰে
তিয়াই পাৰৰ বালিবোৰ
লুইতক কৰিছিল প্ৰাৰ্থনা
“তোমাৰ শকতিৰে
ওপচাই দিয়া বুঢ়ালুইত
মোৰ পিতাইৰ বোকোচাত
পথাৰৰ কঠীয়া“
তেতিয়া গাওঁলীয়া আছিল তেওঁ
গাৰ ঘামত তেতিয়াও আছিল
বোকা আৰু শস্যৰ সুবাস৷
বোপা এদিন টাওনলৈ আহিল
পথাৰখন ৰাখিবলৈ
গাওঁখন জীয়াবলৈ
দেশখন বচাবলৈ বুকুৰ তেজেৰে লিখিলে
“তেজ দিম তেল নিদিও“
বোপা তেতিয়াও ডাঙৰ হোৱা নাছিল
বাৰীৰ পিছৰ মাটিবিঘা
পথাৰৰ সোণগুটিৰ ভাৰ
আৰু আগভেঁটি ধৰা মৈমনচিঙীয়া আইন
বোপা তেতিয়াওঁ ডাঙৰ হোৱা নাছিল৷
এতিয়া বোপাৰ মুখত
বৰমাকৰ জয়গান
কপালত ফোঁট
বোপাৰ এতিয়া টাওনত
কেবাপূৰাও শুকান মাটি
গাঁৱৰ নৰীয়াপাটিত খেতিয়ক পিতাই
টিভিৰ পৰ্দাত বোপাৰ ছবি
বোপা এতিয়া ডাঙৰ হ’ল
বোকা পানীৰ গোন্ধ নিচিনা হ’ল৷
পথাৰত চনমাটি
শিবিৰত বন্যাৰ্ত আই
বোপাৰ হাতত তেলৰ নামজাৰী
বোপাই টাওনীয়া হ’ল
ডাঙৰ কথা ভবা হ’ল
লুইতক ফালি বৰমাকক দিব পৰা হ’ল৷