আমাৰ মইনাই হেল্ল’ ক’ব জানে….(প্ৰণৱ নাথ)

(সৰুতে ককা-আইতাৰ মুখৰ পৰা শুনা সাধুকথা, সমনীয়াৰ মাজত চৰ্চা হোৱা সাঁথৰ আদিৰ কথাও হয়তো এই মুহূৰ্তত আপোনাৰ মনলৈ আহিছে। সেই সময়ত মনোৰঞ্জন আৰু জ্ঞান আহৰণৰ সেইবোৰেই আছিল একমাত্ৰ উত্স—“ইয়াতে মাৰিলো টিপা, গড়গাঁও পালেগৈ শিপা”- এই সাঁথৰটোৰ উত্তৰ আমি যেনেদৰে দিছিলোঁ, আজিৰ শিশুৱে তেনেদৰে নিশ্চয় নিদিয়ে। কিয়নো আজিকালি টিপাত “ভূমিকম্প” নহয় “ম’বাইল”হে বাজে।)

মনৰ ডেউকা মেলি জীৱনৰ অলং-দলং খেলা সময়লৈ যদি আমি উভতি চাও, দেখিবলৈ পাম শৈশৱৰ এখন ৰঙীন ছবি। যেতিয়া আমি পখিলা আৰু জিঞাৰ পিছে পিছে দৌৰি ফুৰিছিলোঁ! অলৌ-গুটি, টলৌ-গুটি আৰু বৰশীৰ পুঙাত শৈশৱৰ সোণালী সময়বোৰৰ স্মৰণ কৰি যিমান ৰোমাঞ্চিত হওঁ। বেলেগ কোনো অভিজ্ঞতাই হয়তো জীৱনৰ মাদকতা তেনেদৰে অনুভৱ কৰাৰ অৱকাশ নিদিব। কিন্তু বৰ্তমানৰ প্ৰজন্মক আমি পখিলা বা বৰশীক লৈ ব্যস্ত হ’ব দিয়াৰ কথা কল্পনা কৰিব পাৰো নে? নিশ্চয় নোৱাৰো। বোধহয় তেনে কৰা উচিতো নহ’ব। আজিৰ বিজ্ঞান প্ৰযুক্তিৰ দ্ৰুত পৰিৱৰ্তনৰ যুগত বিজ্ঞানৰ ন-ন আৱিস্কাৰে আসৰুতে ককা-আইতাৰ মুখৰ পৰা শুনা সাধুকথা, সমনীয়াৰ মাজত চৰ্চা হোৱা সাঁথৰ আদিৰ কথাও হয়তো এই মুহূৰ্তত আপোনাৰ মনলৈ আহিছে। সেই সময়ত মনোৰঞ্জন আৰু জ্ঞান আহৰণৰ সেইবোৰেই আছিল একমাত্ৰ উত্স—“ইয়াতে মাৰিলো টিপা, গড়গাঁও পালেগৈ শিপা”- এই সাঁথৰটোৰ উত্তৰ আমি যেনেদৰে দিছিলোঁ, আজিৰ শিশুৱে তেনেদৰে নিশ্চয় নিদিয়ে। কিয়নো আজিকালি টিপাত “ভূমিকম্প” নহয় “ম’বাইল”হে বাজে। মাৰ শিশুসকললৈ আনি দিছে এখন নতুন পৃথিৱী, য’ত ঘৰৰ বাহিৰ নোলোৱাকৈয়ে হাতৰ মুঠিত আবদ্ধ হয় সমগ্ৰ বিশ্ব-ব্ৰহ্মাণ্ড।

সৰুতে ককা-আইতাৰ মুখৰ পৰা শুনা সাধুকথা, সমনীয়াৰ মাজত চৰ্চা হোৱা সাঁথৰ আদিৰ কথাও হয়তো এই মুহূৰ্তত আপোনাৰ মনলৈ আহিছে। সেই সময়ত মনোৰঞ্জন আৰু জ্ঞান আহৰণৰ সেইবোৰেই আছিল একমাত্ৰ উত্স—“ইয়াতে মাৰিলো টিপা, গড়গাঁও পালেগৈ শিপা”- এই সাঁথৰটোৰ উত্তৰ আমি যেনেদৰে দিছিলোঁ, আজিৰ শিশুৱে তেনেদৰে নিশ্চয় নিদিয়ে। কিয়নো আজিকালি টিপাত “ভূমিকম্প” নহয় “ম’বাইল”হে বাজে। আলৰ বৃদ্ধৰ পৰা আৰম্ভ কৰি দুগ্ধপোষ্য শিশুলৈকে সক’লোৰে মুখে-মুখে কেৱল হেল্ল’ আৰু হেল্ল’ৰ অনুৰণন। এতিয়াৰ প্ৰজন্মই ম’বাইলতে বিচাৰি পায় খেল, সংগীত তথা মনোৰঞ্জনৰ লগৰীক। জীৱনৰ লগৰীকো বিচাৰি পায় ম’বাইলৰ জৰিয়তেই। ম’বাইলৰ হেল্ল’ৰ ধামখুমীয়াত আজিৰ প্ৰজন্মই কিবাকিবি হেৰুৱাবলৈ ধৰিছে নেকি বাৰু? হয়, মোৰ বোধেৰে বহু কিবাকিবিয়েই হেৰুওৱাৰ উপক্ৰম হৈছে, যাৰ ভিতৰত কল্পনাপ্ৰৱণ আৰু সৃজনীশীল মনটো, অধ্যয়নৰ বহুমূলীয়া সময়, সুস্থ সামাজিক আচৰণ ইত্যাদি ইত্যাদি। বিজ্ঞানৰ এই যুগান্তকাৰী আৱিস্কাৰটোৱে আমাৰ কিবা কাঢ়ি নিয়া বুলি একাষাৰে ক’লে নিৰ্ঘাত অন্যায় কৰা হ’ব। ই আমাক দিল খুলি দিছে। আপোনাৰ নিশ্চয় জানিবৰ মন গৈছে? হয়, ম’বাইলে আজি আমাক বহু দুৰ্লভ বস্তু সহজলভ্য কৰি দিছে। অশ্লীল বাৰ্ত্তালাপ, পৰ্ন ছবি (Porn Film),পঢ়া টেবুলত এফ এমৰ গান শুনি দীঘলীয়া প্ৰেমালাপ। আগতে ইমান সহজলভ্য আছিলনে?
ইমানৰ পিছতো আপোনাৰ থুনুক-থানাক মাত ওলোৱা কণমানি শিশুটিৰ হাতত ম’বাইলটো তুলি দি আপুনি গৰ্ব কৰি ক’বনে –মোৰ মইনাই হেল্ল’ ক’ব জানে।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Copying is Prohibited!