ত্ৰয়োদশ বৰ্ষ, চতুৰ্থ সংখ্যা, আঘোণ, ১৯৪৫ শক, নবেম্বৰ, ২০২৩

''আমি মদ খামে‍ই'' (ধনজিৎ কুমাৰ শৰ্ম্মা)

আমি মদ খামে‍ই
আস..
মদৰ নিচাত মাতাল হৈ
শব্দৰে খেলিম , সুৰেৰে খেলিম, ভাস্কৰ্য্যৰে খেলিম
সমীকৰণেৰে খেলিম
নতুন ক’ড আৰু এলগ’ৰিথ’ম সাজিম
ন যৌগ স্ৰজিম
মহাকাশত চাং পাতিম
বিশ্ব-সমাজ ৰচিম।
আৰু ব’ৰ হ’লে চিগাৰেট হুপিম
লাউদ স্পিকাৰত জুবিন, অংগৰাগ বা লেডী গাগাক শুনিম
কলিজাৰ কোঁহে কোঁহে প্ৰকৃতি আৰু সত্যত নিজকে বিলা‍ই দিম
স্পেনিছ সুন্দৰীৰ চকুত চকু থৈ ক’ম – ‘তোক ম‍ই বৰ ভাল পাওঁ’
দুয়ো দুয়োতে মাতাল হৈ অন্তৰীক্ষত বিহু নাচিম।
আৰু তহঁতে নিজৰ সংকৰিত বাস্তৱত জ্বলি পুৰি
কাকত আৰু মূৰ্খৰ বাকছত নিজৰ শ্ৰাদ্ধ উদযাপন কৰিবি
গোঢ়ামি আৰু অন্ধতাৰে আৰু দুটামান সংগঠন কৰিবি
আমাক পশু, বান্দৰ আৰু উদ্দাম নৃত্যৰ উপনাম দিবি
যা – আৰু যে বেয়া নাপাওঁ,
বুজি উঠিছোঁ
এযা যে তহঁতৰ দুৰ্বলতাৰ অন্য এক উপনাম।
ঐ দে, আৰু এপেগ দে…
এয়া তহঁতৰ নামতে‍ই
আজি পি আহিছো, ৰাখিব নোৱাৰো ক’মে‍ই
ধুলিসাৎ কৰি দিলি এ‍ই দেশ ‘মোৰ দেশ’
‘ক’ ৰে কলম, ‘খ’ ৰে খৰম এৰি
‘এ’ ফ’ৰ আপেল, ‘বি’ ফ’ৰ বল মই নিজে শিকা না‍ই
গুপ্তহত্যাৰ কলংকিত ৰাজনীতিত আমি চামিল না‍ই
গণেশগুৰীৰ হত্যাকাৰীক বৰমালা পিন্ধোৱা না‍ই
বা পিয়নৰ চাকৰিতো ঘোচ দিব যোৱা না‍ই
আনকি অ’ বিজুলীও চুৰি কৰা না‍ই।
জাননে..
ভয়াতুৰ আচলতে তহঁত হাঃ হাঃ…
আৰু অদূৰদৰ্শী,
আমাৰ উন্নতিত তহঁত নিঃচিহ্ন হ’বি বুলি বৰ ভয় কৰ
পুতৌ জন্মে তহঁতলৈ।
মিছা অহংকাৰ, অপৈণত দক্ষতা আৰু অজ্ঞতাৰে
ঠেলি দিলি সহজ সৰল মানুহখিনিক ধ্বংশৰ গৰাহলৈ
আৰু এতিয়া আমাৰ জোতা আৰু ভণ্টিজনীৰ স্কাৰ্ট চাবলৈ আহিছ?
যা নকওঁ আৰু…
তহঁতৰ দুষ্কাৰ্য্য, বহুমূখীতা, কৰ্মহীনতা আৰু
‘যোগ্য ভোগ্য বসুন্ধৰা’ৰ নামতে‍ই
মোৰ শেষ পেগ।
(বি: দ্ৰ: মদ আৰু চিগাৰেট স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক)

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!