আমেৰিকাৰ চিয়েল কমাণ্ডো – কিশোৰ শৰ্মা

আপোনালোকে হয়তো আমেৰিকাৰ SEAL কমাণ্ডোৰ কথা শুনিছে৷ SEAL হ’ল (Sea, Air and Land ত অপাৰেচন ৰ বাবে বিশেষ প্ৰশিক্ষণ লোৱা লোকৰ গোটক চমুকৈ SEAL বুলি জনা যায়) আমেৰিকাৰ নৌ সেনাবাহিনীৰ এক বিশেষ অপাৰেচন গ্ৰুপ৷ এই গ্ৰুপটোৱে ১৯৬২ চনৰ পৰা বৰ্তমানলৈ কাম কৰি আছে৷ এই গ্ৰুপৰ এজন কমাণ্ডোৰ কেতবোৰ অনুভৱ আপোনালোকৰ বাবে লিখাৰ চেষ্টা কৰিছো …..

“আমি যেতিয়া SEAL ৰ প্ৰশিক্ষণলৈ যাওঁ তেতিয়া কেইবাধৰণৰো সাঁতোৰৰ প্ৰশিক্ষণ লব লগা হয়৷ তাৰে এটা হ’ল নিশা সাঁতোৰাৰ প্ৰশিক্ষণ, যি নেকি অতিশয় ঠাণ্ডা আৰু বোকাময় পৰিবেশত প্ৰায় ১৫ ঘণ্টা জুৰি হয়৷ নিশা সাঁতোৰা আৰু সাগৰীয় পৰিবেশত থকাৰ বাবে প্ৰশিক্ষণৰ আগে আগে প্ৰশিক্ষক সকলে সকলোকে কিছুমান কৌশল বা নিয়ম শিকাই দিয়ে৷ তেওঁলোকৰ মতে সাগৰৰ সেই অঞ্চলবোৰত চাৰ্ক ওলায়, অৱশ্যে চাৰ্কে আজিলৈকে কাকো অন্যায় কৰা নাই৷ কিন্তু যদিহে পানীত নামি থকা অৱস্থাত চাৰ্কে দেখা দিয়ে আৰু আমাৰ চাৰিওফালে ঘূৰিব ধৰে, তেতিয়াহেনো ভয় খাব নালাগে৷ সাঁতুৰি পলোৱাৰ পৰিৱৰ্তে একে ঠাইত মাটি স্পৰ্শ কৰি থিয় দি থাকিব লাগে৷ তথাপিও যদি চাৰ্কটোৱে খেদি আহে তেতিয়াহ’লে শৰীৰৰ সমস্ত শক্তিৰে তাৰ দীঘলীয়া মুখখনত ঘোঁচা মাৰিব লাগে, ফলত সি পলাই যাব৷ আমাৰ জীৱনতো এনে অসংখ্য চাৰ্ক আহিব আৰু জীৱন যুদ্ধত জিকিব হ’লে এইবোৰৰ লগত মোকাবিলা কৰিব পাৰিব লাগিব৷ যদি আমি পৃথিৱী খনক নৰূপত সজাব বিচাৰো, তেন্তে চাৰ্কবোৰৰ পৰা পলালে নহ’ব বৰং সেইবোৰ খেদিব লাগিব৷ আমি ১৫০ জন পুৰুষে প্ৰশিক্ষণ ল’বলৈ আহিছিলো, চাৰ্কৰ আগমণৰ পিছত ৪২ জনহে আছোগৈ৷ বাকী বোৰে আগবাঢ়িব নোৱাৰি বেৰেকলৈ ঘূৰি গ’ল৷

শোৱাপাটি বা বিছনা খন প্ৰতিগৰাকী ব্যক্তিৰ বাবে প্ৰয়োজন৷ ৰাতিপুৱা শুই উঠি বিছনাখন সামৰাৰ পৰাই দৈনন্দিন জীৱনৰ প্ৰতিটো কাম আৰম্ভ হয়৷ বিছনা সামৰা কামটো যিমান নিয়াৰিকৈ হয়, তাৰপৰাই দিনটোৰ বিভিন্ন কাম কৃতকাৰ্য্যতাৰে কৰাৰ সোপান আৰম্ভ হয়৷ বিছনা সজোৱা কামটোৱে আমাৰ জীৱনৰ প্ৰতিটো সৰু কামৰ মূল্য বুজাই দিয়ে৷ যদি আমি সৰু কাম এটা সুচাৰু ৰূপে কৰিব নোৱাৰো, তেন্তে ডাঙৰ কাম এটা ভালদৰে কেনেকৈ কৰিম৷

কোনোবাদিনা দিনটো ভালদৰে পাৰ নহলেও নাই, কিন্তু দিনটোৰ শেষত নিজে ধুনীয়াকৈ সজাই থৈ দিয়া বিছনাখন পালে পিছদিনাখনলৈ পুনৰ কৰ্ম উদ্দীপনা বাঢ়ি আহে৷ বিছনা সজোৱা কামটো সৰু হ’লেও তেনে সৰু সৰু কামৰ মাজেদিয়েই দিনটো আগবাঢ়ে, জীৱনটো আগবাঢ়ে৷ সৰু কামবোৰ নিয়াৰিকৈ সম্পন্ন হলেহে ডাঙৰ কামবোৰো সফল হয়৷
প্ৰশিক্ষণ শেষ হ’বলৈ এতিয়াও কেইবা সপ্তাহ বাকী….দৃঢ়সংকল্প লৈছিলো প্ৰশিক্ষণ শেষ কৰিহে যাম৷ SEAL কমাণ্ডোৰ কেইটামান nick name এ আমাক ৰোমাঞ্চিত কৰি ৰাখিছিল, যেনে Frogmen, The teams, The men of blue face আদি৷ ইয়াৰ motto হ’ল “The Only Easy Day Was Yesterday“, “It Pays to be a Winner“৷ এইবাৰ ক’ব গৈছো ৪২ জনৰ কাহিনী…আমাক ৬ খন নাওত ৭ জনীয়া দল হিচাপে ভগাই দিয়া হৈছিল৷ মই ওখ জোৱানৰ দলটিত আছিলো, আমি পিন্ধা ফ্লিপাৰ বোৰ দীঘলীয়া আছিল৷ ৫ ফুটতকৈ কম উচ্চতাৰ জোৱানবোৰক এখন নাওত দিয়া হৈছিল, তেওঁলোকৰ ফ্লিপাৰবোৰ চুটি আছিল৷ ফ্লিপাৰ মানে ডুবাৰুৱে পানীত সাতুঁৰিবলৈ ভৰিত পিন্ধা এবিধ যতন৷ এই কম উচ্চতাৰ জোৱান প্ৰশিক্ষাৰ্থী সকলৰ ভিতৰত এজন ভাৰতীয় মূলৰ আমেৰিকান, এজন আফ্ৰিকান আমেৰিকান, এজন পোলেণ্ড আমেৰিকান, এজন গ্ৰীক আমেৰিকান, এজন ইটালী মূলৰ আমেৰিকান আৰু দুজন আমেৰিকাৰ মিডল ৱেষ্টৰ সুঠাম দেহৰ লোক আছিল৷ আন সকলো প্ৰশিক্ষাৰ্থীতকৈ এই সকল সকলো ক্ষেত্ৰত পাৰ্গত আছিল৷ তেওঁলোকে পিন্ধা চুটি ফ্লিপাৰবোৰৰ বাবে আনসকলে জোকাইছিল৷ কিন্তু বিশ্বৰ বিভিন্ন ঠাইৰ জাতি সমূহৰ পৰা অহা এইসকলেই বিজয়ৰ শেষ হাঁহি মাৰিছিল, আমাতকৈ বহুত আগেয়েই লক্ষ্যত উপনীত হ’ব পাৰিছিল৷ SEAL প্ৰশিক্ষণ এক ডাঙৰ আৰু ৰোমাঞ্চকৰ অভিজ্ঞতা৷ জয়ী হোৱাই ইয়াৰ একমাত্ৰ লক্ষ্য৷ ইয়াত জাতি, বৰ্ণ, ক’লা, বগা, শিক্ষা থকা নথকা, সামাজিক পৰিচয় আদিৰ কোনো স্থান নাই, কেৱল লাগে ফলাফল, কৃতকাৰ্য্যতাৰ ফলাফল৷ আমি বিশ্বত এক বৈষম্যবিহীন পৰিৱৰ্তন বিচাৰিছো, সেয়া সম্ভৱ হ’ব যদিহে আমি ব্যক্তি এজনক হৃদয়ৰ বিশালতাৰে জুখি চাওঁ; ফ্লিপাৰৰ জোখেৰে জুখিলে বৈষম্য ওলাবই৷

প্ৰশিক্ষণৰ নৱম সপ্তাহক নাৰকীয় সপ্তাহ (HELL WEEK) বোলা হয়৷ এই সময়ছোৱাত একেৰাহে ছয় দিন ছয় ৰাতি নিদ্ৰাবিহীন ভাবে কটাব লগা হয়৷ এদিন বোকাৰ মাজত কটাবলগীয়াও হয়৷ সেই বিশেষ বুধবাৰটোত, সূৰ্য্য অস্তৰ লগে লগে আমিও বোকাৰ পথাৰলৈ অগ্ৰসৰ হৈছিলো৷ প্ৰশিক্ষকৰ পৰা নীতি নিৰ্দেশনা পোৱাৰ পিছত, ১৫ ঘণ্টাৰ বাবে আমি বোকাত নামি পৰিলো৷ মূৰটোৰ বাদে দেহৰ সকলো অংশ বোকাই গ্ৰাস কৰি পেলালে৷ তীব্ৰ শীত, দেহ কঁপাই যোৱা চেঁচা বতাহে হাড় কঁপাব আৰম্ভ কৰিলে৷ দাঁত, মুখ কঁপিবলৈ ধৰিলে আৰু কেতবোৰ কৰুণ উচুপনি আৰম্ভ হ’ল৷ তেনেদৰে ১০ ঘণ্টা পাৰ হ’ল, প্ৰশিক্ষকৰ পৰা শুনিবলৈ পালো, যদিহে আমাৰ মাজৰ ৫ জনে হাত দাঙি দিয়ে, তেন্তে গোটেই দলটোকে বোকাৰ পৰা উঠিব দিয়া হ’ব৷ কিন্তু প্ৰশিক্ষণৰ ইমানবোৰ ঢাপ পাৰ কৰাৰ পিছত, নিজৰ শৌৰ্য্য, বীৰ্য্যক কোনেও দুৰ্বল বুলি নাভাবে৷ এজন SEAL কমাণ্ডো ৰূপে চিনাকি পাবলৈয়ে টো এই কষ্টকৰ পথ বাচি লৈছে৷ আগলৈ আৰু ৫ ঘণ্টাৰ কথা ভাবি থাকোতে কঁপা কঁপা মাতেৰে সুৰ-লয় নোহোৱা গানৰ কলি কোনোবাজনৰ কণ্ঠৰ পৰা ওলাই আহিব ধৰিলে৷ সেয়াই আৰম্ভণী কোনোবা এজনৰ, এজনৰ পৰা দুজনে, দুজনৰ পৰা তিনিজনে…ক্ৰমে গান আগবাঢ়িল৷ প্ৰশিক্ষকৰ ধমকিৰ মাজতো গান চলি থাকিল৷ বোকাবোৰ গৰম যেন লগা হ’ল৷ এই ক্ষুদ্ৰ শক্তিয়েই আমাক মহাশক্তিৰ কাম দিলে, যাৰবাবে পৰৱৰ্তী কেইটামান ঘণ্টা আমি অনায়সে পাৰ কৰিলো৷ বিশ্বৰ বিভিন্ন প্ৰান্ত ঘূৰি মই এটা কথাই শিকিলো, সেয়া হ’ল আশাৰ জয় আৰু নিৰাশাৰ পৰাজয় কাৰণ আমি কৰা আশাবোৰত শক্তি লুকাই থাকে৷ আমাৰ এজন জোৱানে কৰা আশাই আমাৰ শক্তি….যেনেদৰে এজন ৱাশ্বিংটনৰ আশাবোৰ, এজন মেণ্ডেলাৰ আশাবোৰ আৰু পাকিস্তানৰ এজনী মালালাৰ আশাবোৰে জনসাধাৰণক শক্তি যোগান ধৰিছিল৷

আমি দৈনন্দিন একোটা কাম সম্পন্ন কৰিব লাগে, যদিওবা আমি ব্যৰ্থ হও তথাপিও কৰ্ম সম্পাদনৰ ক্ষেত্ৰত কঠোৰ হ’বই লাগিব৷ সকলোকে সন্মান কৰিব লাগিব, অধোগামী সকলক ওপৰলৈ আনিব লাগিব৷ আমাৰ এনেবোৰ কৰ্ম ভৱিষ্যতৰ প্ৰজন্মই ক্ৰমশ: অনুসৰণ কৰিব৷ আমি বিশ্বত তেনে এক পৰিবৰ্তন বিচাৰো৷“
এনে এগৰাকী কমাণ্ডোৰ অনুভৱে আমাকো অনুপ্ৰাণিত কৰে|

■■■

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!