আমেৰিকাৰ দৰা (নন্দিতা খাখলাৰী)

: তই ‘সন্ধানী’ ত নিদিয় কিয়?

মূৰটো ঘূৰাই গ’ল৷ সন্ধানী? সন্ধানী বৰা? তাই চোন আমাক হোষ্টেলত আটাইতকৈ বেছি ৰেগিং কৰা সেই অসুৰীজনী আছিল৷ দিনে-ৰাতি সন্ধানীৰ সন্ত্ৰাসত ভয়তে পেটত ভাত নগৈছিল আমাৰ৷ তাইৰ পৰা বিশেষ মৰম পাই থোৱা লগৰ দুজনী মানে এতিয়া তাইক পালে দুই চৰ মাৰিলোঁহেতেন বুলি জঁকি উঠে৷ সেইজনী সন্ধানীক আকৌ মই কি গৰজত কিবা দিবলৈ যাম! খঙেই উঠি আহিল তিঙিচকৈ৷ বিভালৈ চালোঁ, টিভিৰ সমুখত বহি ষ্টাৰ প্লাছৰ ‘পৱিত্ৰ ৰিস্তা’ত তাইৰ দুচকু নিবদ্ধ৷ তাৰ মাজত হঠাতে সন্ধানীৰ উল্লেখ৷

: অই, সন্ধানী বৰাক মই কিয় কিবা দিবলৈ যাম অ’?
এইবাৰ বিভাৰ আচৰিত হোৱা পাল৷ ‘পৱিত্ৰ ৰিস্তা’ৰ পৰা চকু ঘূৰাই মোৰ ওপৰত নিক্ষেপ৷
: কোন সন্ধানী বৰা?
: কিয়, তইয়ে চোন ক’লি এইমাত্ৰ সেই অসুৰীজনীক কিবা দিবলৈ?
: তোৰ নহ’ব আৰু! মই ‘সন্ধানী মেট্ৰিমনী’ৰ কথা কৈছোঁ৷ প্ৰফাইল এটা খোল তাত৷ সদায় এনেকৈয়ে থাকিবি নেকি?
: কি? ? অই, অমুকীৰ ইমান বেয়া দিন আহা নাই৷ কাৰোবাক লগ পালে এনেই পাম, এইবোৰ মেট্ৰিমনীয়েল চাইটৰ বজাৰখনত বিয়াৰ বেহা মেলিব নোৱাৰি৷ অলপ ভাল নালাগিল, অলপ প্ৰেম নহ’ল, বুকুত অলপ আবেগৰ উখল-মাখল নহ’ল! ধেই! তেনেকৈ আৰু কাৰোবাৰ লগত বিয়া হ’ব পাৰিনে? বুকু ফিন্দাই ক’লোঁ৷
: থ’ থ’! গল্প-কবিতা লিখি লিখি তোৰ মূৰটো গ’ল৷ আমাৰ মানুহবোৰ যে এতিয়াও ইমান বেকৱাৰ্ড হৈ আছে৷ মেট্ৰিমনীয়েল ছাইটৰ নাম শুণিলেই মহাপাপ হোৱা যেন পায়৷ দূৰ সম্পৰ্কীয় মাহী-খুড়ীয়ে আনি দিয়া ল’ৰাৰ খবৰটোতকৈনো কেনেকৈ বেলেগ হয় সেইটো? একেই অচিনাকি মানুহেই নহ’ল জানো?

ভাবি চালোঁ, কথাটো নোহোৱা নহয়৷ হ’ল বুলি…পিছে বিভাৰ কপাল কোঁচাই থকা মুখখনলৈ চাই বিশেষ একো নোকোৱাই ভাল বুলি চুপ হৈ বহি থাকিলোঁ৷ ‘পৱিত্ৰ ৰিস্তা’ চলি থাকিল টিভিত৷ গোটেই সময়খিনি নায়িকাৰ ক্ৰন্দনৰতা মুখখন চাই চাই চিৰিয়েলখনৰ নাম কেনেকৈনো ‘পৱিত্ৰ ৰিস্তা’ হ’ব পাৰে তাকেই ভাবি থাকিলোঁ৷

তিনিদিন পিছত বিভাৰ ফোন, ‘অই তোৰ কাৰণে ল’ৰা এটা চাইছো৷ ইঞ্জিনীয়েৰ, বিৰাট ভাল প্ৰ’ফাইল, আমেৰিকাত থাকে৷ তাতে পঢ়ি তাতেই চাকৰি কৰি আছে’৷

: কি? গোটেই ভাৰতবৰ্ষখনত তই ল’ৰা এটা বিচাৰি নাপালিনে যে চিধাই আমেৰিকা যাবলগীয়া হ’ল?
: ফাল্টু কথা নবকিবি৷ আমেৰিকাত থকা এন আৰ আই ল’ৰা পাবৰ কাৰণে ছোৱালী বলিয়া হৈ থাকে আৰু তই ঠাত্তা কৰিব আহিছ? শুণ, তোক আজি সি ফোন কৰিব৷ ৰাতি সোনকালে বেঙীৰ দৰে শুই নাযাবি, মানে তাত দিন হ’লে ইয়াত ৰাতি ন’! চ’ সি নিজৰ টাইমতহে ফোন কৰিব আৰু দেচোন৷ মোৰ ইজ্জতৰ কথা আছে, ভালকৈ কথা পাতিবি৷ তোৰ সেই যুক্তিবাদী মূলাগাভৰুৰ বীৰাংগনা ৰূপটো দেখুৱাব নাযাবি৷ থওঁ এতিয়া, কাম আছে বহুত৷
: ৰ’ চোন ৰ’…. হেল্লো? বিভা? … নাই সংযোগ বিচ্ছিন্ন৷ তাৰ পিছত বিভাৰ মোবাইল অ’ফ৷ চিন্তাত পৰিলোঁ, কি কৰা যায়! সচাঁই ফোন আহিব নেকি? আহিলে ধৰিম নে? ধৰিলোৱে যেনিবা, কি কথা পাতিম? শেষ দুবাৰৰ দৰে সেই পুলিচে জেৰা কৰাৰ দৰে প্ৰশ্ন সোধা কেইটাৰ দৰে মক্কেল হ’লে মিছাই মূৰটো এসপ্তাহলৈ নষ্ট হৈ থাকিব৷ কিন্তু বিভাৰ ইজ্জতৰ কথাটো থকিল নহয়!

ৰাতিলৈ ৰুমমেট মমীৰ লগত ফেচবুকত অনুসন্ধান৷ প্ৰফাইল দেখিয়ে ‘বিগ টাৰ্ণ অফ্’! প্ৰফাইল ফটো, কাভাৰ ফটো সকলোতে নিজৰ ফটো সজাই থোৱা ল’ৰাবোৰে নিজক লৈ কিবা কপ্লেক্সিটিত ভোগে বুলি বহুদিনিয়া বিশ্বাস৷ এখেতেও চাগৈ একেই মেটেৰিয়েল! তাতে ওখই–পাখই কুন্দত কটা চেহেৰা৷ কথা নপতাই ভাল হ’ব বুলি ভাবিতেই ফোনটো বাজিল দীঘলীয়াকৈ৷ মমীয়ে ফিচিককৈ হাঁহিলে৷
: ‘হেল্লো…….’

তাৰপিছৰ কথাখিনি সাধাৰনতে যেনেকুৱা নহয়, প্ৰথমবাৰৰ বাবে তেনেকুৱা হ’ল৷ আমেৰিকা হ’লে কি হ’ব, ভাৰতৰ নিচিনাই চিম্পল দেখোন! চেঞ্চ অৱ হিউমাৰ এক্সিলেণ্ট! প্ৰথম বাৰ্তালাপ পঞ্চাছ মিনিট, দ্বিতীয় বাৰ্তালাপ ডেৰ ঘণ্টা… উইকএণ্ডৰ পৰা ডেইলী, তাৰপৰা লাঞ্চ ব্ৰেকত, লাহেকৈ গুডমৰ্ণিং-গুডইভিনিং-গুডনাইট-স্কাইপ… সকলো মিলি মুঠতে আমেৰিকা-ভাৰতৰ সময় একাকাৰ! কথা পাতোতে পাতোতে জীৱনত কেতিয়াও শুণি নোপোৱা খাই নোপোৱা এগাল খাদ্যৰ নাম শুনা হ’ল, কেতিয়াবা আমেৰিকাই লাঞ্চত থাই খায়, কেতিয়াবা মুখত নুফুটা ইটালিয়ান, কেতিয়াবা ডিনাৰত মেডিটেৰেনিয়ান চিকেন স্কোৱৰ্মা৷ কেতিয়াবা আমেৰিকাৰ অফিচত ৰাতি দুটা বাজে, ভাৰতত মৰমৰ দুঃশ্চিন্তা! আমেৰিকাই স্পৰ্টছ ভাল পায়, জীৱনত সদায় বাতৰিকাকত খেলৰ শিতান স্কিপ কৰি যোৱা অমুকীৰ আমেৰিকান ফুটবলৰ খেলুৱৈ দুজনমানৰ নামো মুখস্থ হ’ল৷ ভিডিঅ’ চাটত আমেৰিকাৰ ৰাস্তা-পদূলি-ঘৰ-বাথৰূম আদিও দেখাৰ সৌভাগ্য হ’ল! গছৰ ৰঙা পাত দেখুৱাই আমেৰিকাই বুজালে ‘ফ’ল ছিজন’ কি হয়৷ আমেৰিকাৰ চিম্পল মনটোৱে আঘাত নাপাওক বুলিয়ে বেঙীৰ দৰে নজনাৰ ভাও ধৰি ‘ফ’ল ছিজন’ৰ জ্ঞান লভা হ’ল৷ ভাৰতেও বুজালে, গছৰ পৰা পাত সৰাকে আমাৰ ইয়াত স(শ)ৰত ঋতু নকয়৷ ইমান যে একো নাজানে, আমেৰিকালৈ ভাৰতৰ মৰম লাগি যায়!

এমাহ ধৰি আমেৰিকা-ভাৰতৰ সময় একাকাৰ হোৱাৰ পিছত হঠাতে এদিনৰ পৰা আমেৰিকাৰ খবৰ নাই৷ নাই যে নাই, একেবাৰে গুগল মেপতো বিচাৰি পাবলৈ নাই৷ ইফালে বুকুভগা দুখ-চিন্তাত বাৰ ঘণ্টা আগত চলা ভাৰতত সময় স্থৱিৰ! দিন-ৰাতি নাযায়–নুপুৱায়! চকুপানীত গাৰুৰ কপাহ ন’হলেও কাভাৰখন বাৰুকৈয়ে তিতিল৷ পিছে আমেৰিকা আৰু কোনোপধ্যে ৱৰ্ল্ড মেপত নাই৷ কোনখন বিশ্বযুদ্ধ হ’ল বাৰু! ফেচবুক, ফোনটোতে অপেক্ষাৰত হৈ হৈ অৱশেষত লাহে লাহে ভাৰতত পানী শুকাল, ঘড়ীৰ কাটাইও কিছু লৰচৰ কৰিলে৷ দহদিন পিছত এদিন হঠাতে মমী পাগলৰ দৰে চিঞৰি চিঞৰি ঘৰ সোমাল,

: অই..ফেচবুক খোল, ফেচবুক খোল! !
: কি হ’ল?
: আমেৰিকাই বিয়া পাতিলে!
: কি? ?

কম্পিত বুকু, মেলা মুখখন লৈ ফেচবুক খুলিলোঁ৷ ইমান চিম্পল যেন লাগিছিল চোন! দুখ-ইৰ্ষাত দুচকু জলক-তবক৷ আগতে ৰুমাল এখন যোগাৰ কৰি লোৱা হ’লে ভাল আছিল, মনে মনে ভাবিলোঁ৷ পিছে এয়া কি! আমেৰিকাৰ প্ৰফাইল খুলি হতবম্ব! হাঁহিম নে কান্দিম! ! মমী হাঁহিত পাগল৷ ভগৱান ভাল বচালা, এইবেলি তোমাৰ নামত ক’লা পঠা এটা এৰি দিবই লাগিব বুলি মনতে সেৱা এটাই জনালোঁ৷ পূৰ্বৰ বিশ্বাস আৰু বেছি প্ৰগাঢ় হ’ল! ল’ৰাৰ প্ৰফাইল ফটো আৰু কাভাৰ ফটোত দুজন ল’ৰাই চেনী হাঁহি মাৰি সাৱটা-সাৱটি কৰি ফটো লগাই ‘জাষ্ট মেৰিড’ লিখি থলে আৰু বুজিবলৈ বাকী নাথাকে তেৰাৰ কোনবিধ কম্প্লেক্সিটি আছে! !

গধূলি বিভালৈ ফোন,
: হেৰৌ, আমেৰিকাৰ খবৰটো ক’ত পাইছিলি সচাঁকৈ ক’চোন তই?
: এহ্ বাদ দেচোন!
: ক’বি নে?
: ..হেৰি নহয় ..মানে… ‘সন্ধানী’ত! ! !

পিছফালৰ পৰা মমীৰ মাত, ‘অই, আজি পিছে ডিনাৰত চিকেন স্কোৱাৰ্মা খাবি নেকি’? ?

[সম্পূৰ্ণ কাল্পনিক ঘটনা, কোনো জীৱিত বা মৃত ব্যক্তিৰ লগত সম্পৰ্ক নাই! কাৰো আবেগ-অনুভূতিক আঘাত দিয়াৰো উদ্দেশ্য নাই ]

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!