আম্ৰপালী: বৰ্ণিল দস্তাবেজৰ স্বৰ্ণিল লিপি — পৰী পাৰবীন

পঞ্চদশ খণ্ড:  

চুবুৰীয়া অংগৰাজ্য জয় কৰি মগধত ভৰি দিলে ৰজা বিম্বিসাৰে। জয়ৰ উল্লাসত সিদিনা সমগ্ৰ ৰাজ্য উত্ৰাৱল। ৰাজপথত পুষ্পৰ দলিচা। আয়তীসকলে উৰুলিৰে ৰজা আৰু সৈন্য-সামন্তক আদৰি আনিছে।  

ৰাজগিৰি পাহাৰৰ ওপৰত এক সুৰক্ষিত স্থানত অৱস্থিত এই বিম্বিসাৰপুৰী মগধৰাজ্য। মধ্যভাগৰ সমতল ভূমিত স্থাপন কৰা হৈছে সুউচ্চ ৰাজপ্ৰসাদ। মগধৰাজ্যৰ চৌপাশে সেউজীয়াৰে আৱৰা।   সেউজীয়াৰ মাজত ভিন্নৰঙী প্ৰজাপতিৰ মেলা। উদ্যানৰ মাজেৰে পাহাৰৰ পৰা নামি অহা চঞ্চল নিৰ্ঝৰৰ শব্দই ৰাজপ্ৰসাদৰ অন্তেষপুৰ ঝ্ংকাৰিত কৰি ৰাখিছে।  

এই অন্তেষপুৰৰ মাজত ৰজা বিম্বিসাৰৰ বিলাসী জীৱন, শৌৰ্য-বীৰ্য-ক্ষমতা আৰু দয়া-সহানুভূতিৰ সমাহাৰ ঘটা এক জীৱন। প্ৰজাগণ সুখী তেওঁক লৈ। আকাল নাই মগধৰাজ্যত। ৰজাই সেয়ে এইবাৰ সাম্ৰাজ্য বহলোৱাৰ পাং পাতিছে। যুৱপুত্ৰ অজাতশত্ৰুক সেনাপতিৰ দায়িত্ব অৰ্পণ কৰি অংগৰাজ্য জয় কৰিবলৈ পঠিয়ালে।

যুদ্ধ জয়ৰ শুভ বাৰ্তা পাই পোন্ধৰ বছৰীয়া যোগ্য পুত্ৰক অংগৰাজ্যৰ অভিষেক পাতিলে। অভিষেক উদযাপনলৈ আহিছে বিভিন্ন ৰাজ্যৰ কলা-কুশলীসকল। বিম্বিসাৰ নিজেই এজন সংগীতপ্ৰিয় লোক, তাতে শাস্ত্ৰীয় সংগীতজ্ঞ। গতিকে দেশ-বিদেশৰ পৰা নামী-দামী শিল্পী আনি তেওঁ মজলিচ পাতিছে। সুন্দৰী নৰ্তকীৰ খোজৰ শব্দত ৰাজগৃহ তল-ওপৰ হৈছে। হাতত সুৰাৰ পাত্ৰ লৈ নৃত্য উপভোগ কৰিবলৈ সুকোমল মজিয়াত আসন লৈছে ৰজা বিম্বিসাৰ সহিতে সভাসদৰ আন ব্যক্তিসকল। ৰজাৰ কাষত তেওঁৰ পৰম আস্থাভাজন প্ৰধানমন্ত্ৰীজনা।  

সুৰা, সুৰ আৰু নৃত্যৰ লহৰে মায়াবী কৰি তোলা এটা নিশা। প্ৰমোদকক্ষৰ সিপাৰে ঝৰ্ণাৰ উদ্দাম গতি। এইপাৰে মাতাল নিশাৰ তিৰবিৰণি। সুন্দৰী নৰ্তকীৰ দেহৰ সঞ্চালনে আকৃষ্ট কৰি পেলাইছে তেওঁক,

“আসঃ কি এই নৃত্য! হে নাৰী, তুমি এই ভংগীমা ক’ত শিকিলা?”

নৰ্তকীয়ে লজ্জাবোধ অনুভৱ কৰিছে, থমকি ৰৈছে নৰ্তকীৰ দুভৰি। স্বয়ং ৰজাই সভাসদৰ সন্মুখত তেওঁক প্ৰশংসা কৰিছে, এয়া কম সন্মানজনক কথা নে?

“কোৱা সুন্দৰী, কি উপহাৰেৰে সুখী কৰোঁ তোমাক?”

নৰ্তকীয়ে উত্তৰ দিছে, “মহাৰাজ, আপুনি সুখী হৈছে এয়াইতো মোৰ উপহাৰ। “

উত্তৰত মুগ্ধ হৈছে ৰজা বিম্বিসাৰ। নৰ্তকীক স্বৰ্ণমুদ্ৰা উপহাৰ দি তেওঁ মজলিচৰ পৰা ওলাই আহি ঝৰ্ণাৰ পাৰত বহিছে। বাহিৰত স্ফটিকহেন জোনাক।

যুৱ প্ৰধানমন্ত্ৰী আহি তেওঁৰ কাষতে থিয় লৈ ঝৰ্ণালৈ দৃষ্টি নিক্ষেপ কৰিছে। সুন্দৰী নৰ্তকীৰ নৃত্যৰ শব্দ তল পৰাৰ লগে লগে নৈঃশব্দ্যত ডুব গৈছে নিশাটো।

“মহাৰাজে বৈশালীৰ আম্ৰপালীৰ কথা শুনিছে নিশ্চয়।”

“আম্ৰপালী!” , বিম্বিসাৰে ঠিক ধৰিব পৰা নাই প্ৰধানমন্ত্ৰীৰ উদ্দেশ্য কি।

“হয় মহাৰাজ, আম্ৰপালী। বৈশালীৰ ৰাজগণিকা আম্ৰপালীয়ে বৈশালীক এই নতুন মাত্ৰা প্ৰদান কৰিছে। এই অতীৱসুন্দৰী আম্ৰপালীক মগধত স্থান দিব পাৰিলেহে মগধৰ সৌ্ষ্ঠৱ বৃদ্ধি হ’ব। “

“আম্ৰপালীক মগধত স্থান! সেয়া কিদৰে সম্ভৱ প্ৰধানমন্ত্ৰী?”

“প্ৰেম নতুবা যুদ্ধৰ দ্বাৰা। “

উত্তৰৰ ৰূপত বিশাল প্ৰশ্ন এটা এৰি প্ৰধানমন্ত্ৰীয়ে ৰাজগৃহ ত্যাগ কৰিলে। অকলে বহি ৰ’ল ৰজা বিম্বিসাৰ।

আপাতত আজি বৰ সুখৰ দিন। সুযোগ্য পুত্ৰৰ অভিষেকৰ দিন। তেওঁৰ জয়-উৎসৱৰ দিন। মগধ আৰু অংগৰ দৰে দুখন বিশাল ৰাজ্যত স্বামী আৰু সন্তানক ৰজাৰ ৰূপত দেখি ৰাণী চেলেনাৰ মন থৌকি বাথৌ। আজিৰ পৰা প্ৰায় পোন্ধৰবছৰৰ আগতেই বৈশালীৰ লিচ্ছবিদলৰ জীয়ৰী চেলেনাৰ পাণিগ্ৰহণ কৰিছিল তেওঁ। সেই সূত্ৰে লিচ্ছবিদলৰ লগতো তেওঁৰ ঘনিষ্ঠ সম্পৰ্ক। সেই লিচ্ছবিদলৰে নেতা মনুদেৱৰ ৰাজসভাৰ অনুমোদিত নৰ্তকী আম্ৰপালী। অংকটো তেওঁ জুকিয়াই চালে।  

আম্ৰপালীৰ নাম তেওঁ নুশুনা নহয়। দেশ-বিদেশৰ মাজত প্ৰচুৰ জনপ্ৰিয় এই আম্ৰপালী। আম্ৰপালীৰ ৰূপ আৰু গুণত আচ্ছন্ন অনেকজন। বিম্বিসাৰে কোনোদিনেই দৈহিক সৌন্দৰ্যৰ প্ৰতি বলীয়ান হোৱা নাছিল। গণিকাৰ ক্ষন্তেকীয়া প্ৰেমৰ দৰে তুচ্ছ কথাবোৰক তেওঁ কোনোদিনেই গুৰুত্ব দিবলগা কথা বুলি ভবা নাছিল। তিনিগৰাকীকৈ সুন্দৰী পত্নীৰে জীৱন ভৰি আছে তেওঁৰ। বিশেষকৈ দ্বিতীয় পত্নী ক্ষেমা ৰূপে-গুণে অতুলনীয়। ৰজা বিম্বিসাৰে সুন্দৰী নৰ্তকীৰ নৃত্যত মোহিত হ’লেও প্ৰেম নিবেদনৰ বাবে বাৰে বাৰে ৰাণী ক্ষেমাৰ কাষত উপস্থিত হয়গৈ। তেওঁৰো আছিল ৰজা বিম্বিসাৰৰ প্ৰতি গভীৰ প্ৰেম আৰু বিশ্বাস। তেওঁ জানিছিল যে ৰজা বিম্বিসাৰৰ বাবে তেওঁ সদায়েই বিশেষ আৰু অনন্যা।

মগধ ৰাজ্যৰ পূবে আছে ৰাজ্য অংগৰাজ্য। দুয়োখন ৰাজ্যৰ মাজেৰে বৈ আছে চম্পা নদী। মগধৰ উত্তৰে আছে গংগা নদী। এই গংগা নদী পাৰ হ’লেই বৈশালী। বৈশালীৰ তিনিদিশ ওখ প্ৰাচীৰেৰে আৱৰা। গংগা পাৰ হৈ কিছু দূৰ গ’লেই মূল প্ৰৱেশদ্বাৰ দেখা যায়, য’ত মোতায়েন কৰা আছে এদল নৈশ নিৰাপত্তাৰক্ষী। নিৰাপত্তাৰক্ষীৰ নিছিদ্ৰ পহৰাৰ মাজত বৈশালী সুৰক্ষিত। গংগা নৈৰ ওপৰত চলি থকা নৌকা আৰু ফেৰীযাত্ৰাই বেহা-বণিজৰ একমাত্ৰ মাধ্যম। তেনে এক কুঁৱলীসনা শীতৰ নিশা ছদ্মবেশী বণিক আহি বৈশালীৰ প্ৰৱেশপথত ভৰি দিয়ে। নিৰাপত্তাৰক্ষীয়ে প্ৰশ্ন কৰে,

“ক’ৰ পৰা আহিছে? এই ৰাতি আপুনি ক’লৈ যায়?”

চতুৰ ছদ্মবেশী বণিকে কথাৰ পাকত নিৰাপত্তাৰক্ষীক বশ কৰিবলৈ সক্ষম হয়। প্ৰৱেশৰ অনুমতি পাই চকচকীয়া স্বৰ্ণমুদ্ৰা আনি নিৰাপত্তাৰক্ষীৰ হাতত তুলি দিয়ে।

ছদ্মবেশী বণিকে বৈশালীৰ মানচিত্ৰখন উলিয়াই লয়। চোৰাংচোৱাৰ সহায়ত যোগাৰ কৰা মানচিত্ৰখনে তেওঁক বৈশালীৰ চুক-কোণৰ সৈতে পৰিচিত কৰাব। ৰজা মনুদেৱৰ দুৰ্বল অৱস্থাৰ বিষয়েও জ্ঞাত হৈছে তেওঁ। কাজেই বৈশালী দখলৰ বাবে উপযুক্ত সময় এয়া। অতিথিশালাৰ নিৰ্জন নিশাবোৰতো এই ৰাজ্যজয়ৰ নিচাটোৱে তেওঁৰ মনটো ভৰাই ৰাখে। তাৰ মাজতেই নূপুৰৰ শব্দ আৰু সোমৰসৰ গোন্ধটোৱে তেওঁক কিছু অস্থিৰ নকৰা নহয়, কিন্তু মুহূৰ্ততে মনটো জোকাৰি তেওঁ প্ৰকৃত ক্ষত্ৰিয়পুত্ৰৰ দৰে সামাজ্যবিস্তাৰৰ চিন্তাত নিমগ্ন হৈ পৰে।

আৰু এজন ৰাজকুমাৰ আহিল চুবুৰীয়া ত্ৰৌঞ্চৰাজ্যৰ পৰা। আম্ৰকুঞ্জৰ বাহিৰত বেছ কিছুদিন অপেক্ষা কৰি বুজন পৰিমাণৰ ধন নিয়োগ কৰি তেওঁ স্বপ্নকক্ষিকাত প্ৰৱেশৰ অনুমতি পালে। শুক্লপক্ষৰ ৰাতি নৃত্যৰ শেষত আম্ৰপালী দৰ্শনৰ সৌভাগ্য ঘটিল সেই ৰাজকুমাৰৰ।

মোৰ আতিথ্যত লেওসেও হৈ পৰে কোমল বয়সীয়া যুৱ ৰাজকুমাৰ।  

“দেৱী, মোৰ যে কতদিনৰ হেঁপাহ পূৰ্ণ হৈছে”, আবেগবিহ্বল কণ্ঠেৰে ৰাজকুমাৰে মোৰ মুক্ত কেশত মূৰ গুঁজি দিয়ে।

“কি হেঁপাহ ৰাজকুমাৰ?” , প্ৰেমৰ নিখুঁত অভিনয়েৰে তেওঁৰ মুখখন দুহাতৰ মাজত তুলি লওঁ মই।

ৰাতিৰ ৰাতিটো তেওঁ মোৰ মাজত বিলীন হোৱাৰ সপোন দেখে। তনু-মন সঁপি মই তেওঁৰ, কেৱল তেওঁৰেই হৈ পৰো।  

কামদেৱৰ দৰে কুন্দত কটা মুখৰ অধিকাৰী সেই ৰাজকুমাৰৰ। কোমল বয়স, ছটফটীয়া যৌৱন। শেষ প্ৰহৰৰ ৰাতি মোৰ উদং বক্ষত মুখ গুজি পৰি থাকে এখনি নিষ্পাপ মুখ। কি হেঁপাহ এই ৰাজকুমাৰৰ? উত্তৰ দিবলৈ অক্ষম হৈ পৰে তেওঁ।  

পালংকৰ পৰা উদ্যানলৈ খোজ লওঁ মই। এক বিশাল পৰিমাণৰ ধনেৰে তেওঁ বেচ কিছুদিনৰ বাবে স্বপ্নকক্ষিকা আৰক্ষণ কৰিছে। বিনিময়ত মোৰ সাহচৰ্য আৰু প্ৰেম।

এই যে প্ৰেমৰ বিনিময়, এই কথাটোৱেই বৰ অবান্তৰ কথা নহয়নে? ছাঁইবৰ্ণী গিৰিমালালৈ চাই প্ৰশ্ন কৰি পেলাওঁ মই। বক্ষ ওফন্দাই গিৰিমালাটোৱে উত্তৰ দিয়ে, “তোমাৰ মনটো ইমান জটিল কিয় দেৱী? তেওঁ ধন দিছে, বিনিময়ত তুমি প্ৰেম দিয়া। এয়াই তোমাৰ পেছা, সেয়াই তোমাৰ স্ব-ধৰ্ম।”

প্ৰেম! প্ৰেমৰ সংজ্ঞা ইমান সহজ! কত পুৰুষৰ স’তে ৰাত্ৰিযাপন কৰিছোঁ। কত পুৰুষৰ দম্ভ খহি পৰিছে মোৰ সৰল মূৰ্তিৰ আগত, কিন্তু মই যে কোনো এজনৰ কাৰণেই বুকুত উদযাপন কৰা নাই বিষাদৰ কবিসভা। নিজন মুহূৰ্তত কোনো পুৰুষৰ অৱয়বে মোৰ মনটো অস্থিৰ কৰি তোলা নাই। কিয়?

ওহোঁ, সেয়াও সত্য নহয়। এই সময়ত অন্ততঃ এজন পুৰুষৰ অৱয়ৱে মোৰ মনটো অস্থিৰ কৰি তোলে। অত্যন্ত দাম্ভিক, ঈৰ্ষাকাতৰ সেই পুৰুষৰ প্ৰতি উথলি উঠা ঘৃণাভাৱে মোৰ মনৰ অৰ্ধেক স্থান জানো দখল কৰি থোৱা নাই? সুকোমল বক্ষৰ মাজত এই দহন লৈ প্ৰেমৰ সংজ্ঞা কিদৰে সম্ভৱ ৰাজকুমাৰ? ৰাজকুমাৰৰ অযুত হেঁপাহবোৰৰ প্ৰত্যুত্তৰ সাজু হয় মোৰ মনৰ মাজত। এই দহনৰ মাজেৰে মোৰ দেহমনত হেঁপাহৰ খঞ্জৰী পখী উৰি যাব নোৱাৰে। এই দহনৰ বাবেই মোৰ চকুৰ পতাত সপোনে ভৰ নিদিয়ে।

সিদিনা এই দহনৰ বাবেই আচাৰ্যৰ কাষত থিয় হ’লোগৈ মই। আচাৰ্যৰ শিক্ষা, আচাৰ্যৰ জীৱন বীক্ষা সকলো মানি মই জীৱনৰ পথত খোজ দিছিলোঁ, তেতিয়াহ’লে মোৰ ভুলটো ক’ত হৈ গ’ল? হতাশা আৰু ক্ৰোধত ভাগি পৰি আচাৰ্যক প্ৰশ্ন কৰিছিলোঁ মই।

“আই, তোৰ দৰে ছোৱালীৰ চকুত এই হতাশাৰ ৰজিতা নাহে।” আচাৰ্যই কৈছিল।

“নিৰাপত্তাহীনতাত ভুগিছোঁ আচাৰ্য। মোৰ জীৱন, মোৰ মন সকলোবোৰেই যেন আনৰ দ্বাৰা পৰিচালিত। সামান্য চুলিৰ হেৰফেৰতো যেন ধ্বংসৰ অটল গৰ্ভত পৰি মই নিঃশেষ হৈ যাম।”  

“বৈশালীৰ ইমানবোৰ নাৰীৰ দায়িত্ব লৈ লোৱা নাৰীগৰাকী নিৰাপত্তাহীনতাত কিয় ভোগে, মই জানিব 

পাৰোঁনে?”

“নিশ্চয় আচাৰ্য, সেইবাবেইতো মই আহি আপোনাৰ কাষ পাইছোঁ। আপুনি মোক পথ দেখুৱাওক। ৰজা মনুদেৱক ক্ষমতাই মূৰত ধৰিছে। তেওঁৰ পৰা সেই অহংকাৰ আঁতৰাব নোৱাৰালৈকে মই ক্ষান্ত নহওঁ আচাৰ্য।”

আচাৰ্য চিন্তিত হৈ পৰিল। দেশ আৰু প্ৰজাগণৰ স্বাৰ্থতো এই ৰজাক অপসাৰণ কৰাটো প্ৰয়োজনীয় হৈ পৰিছে। এজনী সাধাৰণ নাৰীৰ বাবে ৰজাই নিজৰ দায়িত্বলৈ পিঠি দিছে, যাৰফলত বৈশালীৰ পূৰ্বৰ গৰিমা নোহোৱা হৈছে। শত্ৰুদেশৰ চোৰাংচোৱা আহি বৈশালীত মুকলিভাৱে ঘূৰি ফুৰিছে। কোন মুহূৰ্তত স্বাধীন বৈশালী আনৰ হাতৰ পুতলা হ’ব লগা হয়, তাৰ কোনো নিশ্চয়তা নোহোৱা হৈছে। অন্ততঃ বৈশালীবাসীৰ বৃহত্তৰ স্বাৰ্থত ৰজা মনুদেৱক ক্ষমতাৰ পৰা অপসাৰণ কৰাটো প্ৰয়োজনীয় হৈ পৰিছে।  

চকু মুদি ভাবি ৰৈছে তেওঁ। হওঁতে মনুদেৱক তেওঁ নজনা নহয়। তক্ষশীলা বিশ্ববিদ্যালয়লৈ যোৱাৰ আগতে মনুদেৱ কিছুদিনৰ বাবে আচাৰ্যৰ ওচৰত দীক্ষা লৈছিল। সৰুৰে পৰাই অত্যন্ত জেদী আৰু গোঁৱাৰ স্বভাৱৰ ল’ৰা আছিল ৰজা মনুদেৱ। চৰিত্ৰ গঠনত ত্ৰুতি থাকি গ’ল নিশ্চয়, আজিও ৰজা মনুদেৱ একেই নিষ্ঠুৰ, অহংকাৰী আৰু জেদী হৈয়ে ৰ’ল।  

তথাপি ৰজা মনুদেৱক অপসাৰণ কৰাৰ দৰে কামটো ইমান সহজসাধ্য নহয়। মনুদেৱ হৈছে বৈশালীৰ আটাইতকৈ প্ৰ্ৰভাৱশালী ৰাজপৰিয়ালৰ সদস্য। কেইবাদশকজুৰি তেওঁলোকৰ পৰিয়ালে লিচ্ছবিদলৰ নেতা হিচাপে নিৰ্বাচিত হৈ বৈশালীৰ শাসনভাৰ হাতত লৈছে। গতিকে লিচ্ছবিদলৰ মাজত মনুদেৱৰ বিপক্ষে কোনো নেতা থিয় হোৱাৰ আশা ক্ষীণ। কোনোবাই থিয় হ’লেও তেওঁৰ পক্ষে সংখ্যাগৰিষ্ঠতা অৰ্জন কৰাটো প্ৰায় অসম্ভৱ কথা।  

“আই পালী, এইখিনিয়েই হ’ল কথা। তই এতিয়া লিচ্ছবিদলৰ মাজত তেনে এজন নেতা বিচাৰিব লাগিব, মনুদেৱৰ বিপক্ষে থিয় হৈ যাতে আগন্তুক নিৰ্বাচনত সংখ্যাগৰিষ্ঠতা অৰ্জন কৰিব পাৰে। “

“কিন্তু আচাৰ্য, মই তেনে এজন নেতা কিদৰে বিচাৰি পাম? মোৰ দৰে গণিকাৰ কথাত কোনো নেতাই কিয় মনুদেৱৰ বিপক্ষে থিয় দিব?”

“সেইকাৰণেইতো কৈছোঁ, এই কাম ইমান সহজসাধ্য নহয়। কিন্তু যিহেতু তই এই কামটো কৰিম বুলি ভাবি লৈছ, গতিকে সম্পূৰ্ণ জ্ঞান আৰু শীতল মগজুৰে অগ্ৰসৰ হ’ব লাগিব। কূটনীতিৰ কৌশলবোৰ ইয়াত প্ৰয়োগ কৰিব লাগিব। গণতন্ত্ৰৰ নিয়মসমূহৰ বিষয়ে জ্ঞাত হ’ব লাগিব। পাৰিবি তই পালী, বৈশালীয়ে তোৰ দৰে মানৱদৰদী আৰু প্ৰজাবৎসল নগৰবধূৰ হাতত এই গধুৰ দায়িত্ব অৰ্পণ কৰিছে। তই পাৰিবি পালী, আগুৱাই যা।”

ৰাজনীতিবিষয়ক পুথি অলপ হাতত তুলি দিলে তেওঁ মোক। এজন নাৰীলোভী, প্ৰজাবিৰোধী ব্যক্তিক ৰজাৰ আসন শুৱনি কৰি থকা কথাটো তেওঁ চাই থাকিব পৰা নাই। সেয়ে মোৰ প্ৰতি প্ৰবল আস্থা এৰি তেওঁ মোক বিদায় দিলে।

কিন্তু কিদৰে সম্ভৱ এয়া! প্ৰত্যক্ষভাৱে মই কোনোদিনে ৰাজনীতিত ভৰি দিয়া নাই। বৈশালীৰ নেতাসকলক লগ পাইছোঁ যদিও কাৰো লগত ৰাজনীতিৰ মতামত বিনিময় কৰা নাই।   

অজস্ৰ প্ৰশ্ন লৈ মই বহি থাকোঁ অকলে। উত্তৰবিহীন প্ৰশ্নবোৰ, অসংলগ্ন কথাবোৰ কুৰুকি কুৰুকি ভিতৰলৈ সোমাই যায়। ৰ’দৰ ৰেঙনিত এখন ব্যস্ত পৃথিৱী- নৃত্যৰ আখৰা, দেহৰ পৰিচৰ্যা, সৌন্দৰ্যচৰ্চা ইত্যাদি ইত্যাদি আৰু ৰাতিৰ আন্ধাৰত বৈশালীৰ প্ৰেক্ষাপট সলনি কৰাৰ কুচকাৱাজ। ৰাজনীতি বিষয়ক পুথিবোৰত মূৰ গুজি মই নিদ্ৰাত ঢলি পৰোঁ। স্বপ্নকক্ষিকাৰ মজলিচ অনিয়মীয়া হয় লাহে লাহে।  

“কোন হ’ব সেই যোগ্য ব্যক্তি, যিজনৰ হাতত বৈশালীৰাজ্যৰ দায়িত্ব দিবলৈ বৈশালীবাসী প্ৰস্তুত হ’ব?”

প্ৰশ্নটোৱে মোক শান্তিৰে থাকিবলৈ নিদিয়ে। প্ৰভাই মন কৰে কথাটো। তাইৰ সৈতে হোৱা দ্বৈত নৃত্যৰ আখৰাবোৰত মোৰ মুদ্ৰাবোৰ জথৰ হৈ পৰে।  

“কি হৈছে পালী, তোৰ কি হৈছে?” , প্ৰভাই সুধি পেলায় মোক।

“নাইতো, কি হৈছেনো মোৰ?”

“ইমান আনমনা হৈছ, ত্ৰৌঞ্চ ৰাজকুমাৰৰ প্ৰেমত পৰা নাইতো। “

“ছিঃ প্ৰভা!” , মিছা বদনামত খংটো উঠি আহে মোৰ।

এৰা। যি বয়সত মই প্ৰেমত হাবুডুবু খাই যৌৱন পাত কৰিব লাগিছিল, সেই বয়সত মই প্ৰেমৰ অভিনয়েৰে ধন আৰ্জন কৰিছোঁ। ৰাজকুমাৰৰ কথা মনত পৰি হাঁহি উঠি গ’ল। অত্যন্ত ভোগবাদী, গভীৰতাহীন, স্থূল মানসিকতাৰ সেই ৰাজকুমাৰ বাৰু মোৰ প্ৰেমৰ পাত্ৰ হ’ব পাৰেনে?  

ওহোঁ, প্ৰেম ইমান সুলভ নহয়। দেহদান কৰাৰ পিছতো ত্ৰৌঞ্চ ৰাজকুমাৰৰ সৈতে মোৰ মনৰ বিৰোধিতা থাকিব পাৰে। প্ৰভাই মোক ভুলকৈ বুজিছে। গাৰ লগৰ ছাঁটো হৈ তাই মোক সম্পূৰ্ণকৈ বুজি নাপালে।  

নৃত্যত মনোনিৱেশ কৰিলোঁ। সোমৰসেৰে কলহবোৰ পৰিপূৰ্ণ হৈ আছে। পাকশালাত সুস্বাদু ব্যঞ্জনৰ পয়োভৰ। প্ৰমোদ কক্ষ উদুলি মুদলি। কোনো অচিন বণিকে সমুদায় খৰচ বহন কৰিছে এইবাৰৰ নৃত্যানুষ্ঠানৰ। কঠোৰ নিৰাপত্তাৰ মাজতো জাকজমকতাৰে সজাই তোলা হৈছে প্ৰমোদকক্ষ। পূৰ্ণিমাৰ জোনটো কুঁৱলীৰে ঢাকি পেলোৱাৰ সময়ত জোঁৰৰ পোহৰেৰে পোহৰাই তোলা হৈছে নৃত্যৰ মঞ্চ। দৰ্শকৰ আসনত ছাঁ-পোহৰৰ খেলা। তাৰ মাজতো এহাল তেজাল চকুৱে যেন মোক আমনি কৰি আছে। বাৰে বাৰে মুদ্ৰা পাহৰি গৈছোঁ, নৃত্যৰ লয়-তাল সকলোবোৰ হেৰাই গৈছে। কি হৈছে মোৰ? কি হৈছে?  

উসঃ!

মূৰৰ কবৰী খোল খাই মুকলি হৈ পৰিছে মেঘক’লা চুলিটাৰি। তেজাল চকুৰ ফালে দৃষ্টি দিছোঁ। চকু চাট মাৰি ধৰিছে। মূৰটো আছন্দ্ৰাই ধৰিছে। নৃত্যানুষ্ঠানৰ দায়িত্ব প্ৰভাৰ ওচৰত এৰি মই মঞ্চৰ পৰা ধীৰে ধীৰে নামি আহিছোঁ। ভৰিৰ নেপূৰে মোৰ মানুহজনীৰ ভৰ ল’ব পৰা নাই। ক্লান্ত হৈ পৰিছে মোৰ সমগ্ৰ দেহ। নিৰাপত্তাৰক্ষীদ্বয় মোক লৈ ব্যস্ত হৈ পৰিব খুজিছে। মই ইংগিতেৰে দুয়োকে আঁতৰাই পঠিয়াইছোঁ। নিৰ্জনতাৰ বাদে এতিয়া একোৱেই মোক সুস্থ কৰিব নোৱাৰে। মোৰ পৃথিৱীখনত তোলপাৰ লগাবলৈ এয়া কি সংকেতধ্বনি বাজি উঠিল, মই বুজিব নোৱাৰিলোঁ। বিচলিত আত্মাক নিচুকাবলৈ চকু মুদি বহি ৰৈছোঁ উদ্যানৰ কাষ্ঠবেদীত। বাৰে বাৰে প্ৰশ্ন কৰিছোঁ এই অস্থিৰ আত্মাক,

“কি হৈছে তোৰ, কি হৈছে?”  

হঠাতে কাণৰ নিচেই কাষত কোনোবাই অস্ফূট স্বৰত যেন কৈ উঠিল,  

“কল্কি নাথ। তোমাৰ প্ৰশ্নৰ উত্তৰটো হৈছে কল্কি নাথ।”

উচপ খাই উঠি চকু মেলি চাইছোঁ, নিচেই ওচৰত এটা অৱয়ব, দীৰ্ঘদেহী, আটিল শৰীৰৰ। আন্ধাৰত মুখখন অস্পষ্ট।

“কল্কি নাথ!”

“হয়। কল্কি নাথ। এই মুহূৰ্তত নামনি বৈশালীৰ উপনেতা কল্কি নাথেই হৈছে বৈশালীনৃপতিৰ উপযুক্ত প্ৰাৰ্থী। ‌” 

মুখ মেল খাই গ’ল মোৰ। মোৰ অভ্যন্তৰত তোলপাৰ লগাই থকা কথাবোৰ এই অচিন অবয়বৰ জ্ঞাত হ’ল কিদৰে? আশ্চৰ্যৰ সীমা নোহোৱা হ’ল মোৰ।  

“কিন্তু আপুনি কোন হয়?”

“চিনাকি হ’ম দেৱী। কেৱল চিনাকিয়েই নহয়, ভালকৈ লগো পাম। অতি শীঘ্ৰেই আমি লগ পাম। লগতো পাবই লাগিব। “ 

কণ্ঠত কোমলতা সানি মোক ৰহস্যৰ মাজত এৰি দীৰ্ঘদেহী ব্যক্তি কুঁৱলীৰ মাজত মিলি গ’ল। নেপূৰৰ লহৰ তুলি দৌৰি আহিলোঁ মই, কোন হয় এই ৰহস্যময় ব্যক্তি। ক’ৰ পৰা আহিছে তেওঁ, গ’ল কলৈ? কি উত্তৰ দিবলৈ গৈ কি প্ৰশ্ন এৰি গ’ল মোৰ মনৰ মাজত। মোৰ সহস্ৰ নিশাবোৰৰ কুচকাৱাজৰ অন্ত পেলাই তেওঁ যেন আন এখিনি প্ৰশ্নৰে ধূসৰতাৰ সৃষ্টি কৰি গ’ল মনৰ মাজত। সঁচাকৈয়ে কোনোবা আহিছিল নে? নে মোৰ মনৰ কোনোবা গভীৰ স্থানৰ পৰাই ওলাই আহিছিল মই বিচৰা প্ৰশ্নৰ সমিধান। বাস্তৱ আৰু অধিবাস্তৱ দিগবলয়ৰ মাজৰ ৰেখাডালত থিয় হৈ অসীমলৈ দৃষ্টি দি স্থানু হৈ ৰ’লো মই।

(আগলৈ) 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments