আম, নাৰিকলৰ গাখীৰেৰে বৰালী মাছৰ টেঙা আঞ্জা (তিৰুজ্যোতি বৰা দাস)

 


 

উপকৰন

১ বৰালী মাছ ১০ , ১২ টুকুৰা

২ ডাঙৰ আম এটা

৩ নাৰিকলৰ গাখীৰ ডাঙৰ কাপেৰে এক কাপ

৪ গোটা জীৰা আধা চামোচ

৫ গোটা সৰিয়হ এক চামোচ

৬ এচামোচ ধনীয়া পাউডাৰ

৭ পিঁয়াজ এটা মিহিকৈ কুটা

৮ আদা নহৰুৰ পেষ্ট দুচামোচ

৯ হালধি-নিমখ অনুমান অনুসৰি

 

ৰন্ধন প্ৰণালী: বৰালী মাছৰ টুকুৰাকেইটা মিঠাতেলত ভাজি লওক। সেই তেলতে প্ৰথমে জিৰা আৰু গোটা সৰিয়হখিনি দিয়ক। তাৰপিছত মিহিকৈ কটা পিঁয়াজখিনি তাতে দিয়ক। হালধি দিয়ক।  পিঁয়াজখিনি গোলাপী ৰঙৰ হ’লে তাতে আদা নহৰুৰ পেষ্টখিনি  দিয়ক। দীঘল দীঘলকৈ আমটো কাটি তেলত দিয়ক। ধনীয়া গুড়ি দিবলৈ নাপাহৰিব। আমখিনি ভজা হ’লে তাত গৰম পানী দিব লাগে । একেবাৰে শেষত নিমখ, বৰালী মাছৰ টুকুৰা  আৰু নাৰিকলৰ গাখীৰ কাপ আম আৰু মছলাখিনিৰ ওপৰত দিব। যেতিয়া আঞ্জাখনৰ ওপৰত নাৰিকলৰ গাখীৰৰ তেলখিনি  উঠি আহিব তেতিয়া আঞ্জাখন নমাই দিব। গৰম ভাতৰ লগত পৰিবেশন কৰক।

 

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!