আলহী (মিতালী বৰ্মন)
কৃষ্ণচূ্ড়া ৰাধাচূড়াৰ ফুল
এপাহ দুপাহ এজাৰ মদাৰ হৈ
বিয়পি আহে
মোৰ হৃদয়লৈ
সাত সাগৰ তেৰ নদী পাৰ নকৰিলেও হ’ব
নালাগে শুৱাব মোৰ লাহতী খোপা
পাহাৰ বগাই অনা কপৌপাহিৰে
দুখ পাবা!
অঘৈয়া হুলে আকুহি-বাকুহি
চিৰাচিৰ কৰিব মোৰ
বেঙুণীয়া কলিজা
লাৱণী নুবুলিবা মোক
মোৰ ওঁঠত তোমাৰ ফুলাম হাঁহি
আল্পনা অঁকা লিহিৰি আঙুলি মোৰ
কাজল সনা দুচকুত নষ্টালজিক প’ৰ্টফলিঅ’
তুমি ভালপোৱা বাবেই
মই এটি ঘূণীয়া সপোন
এখুদ এখুদকৈ সাঁচি ৰাখোঁ
চনকা হিয়াত মোৰ—-
তোমাৰ নিস্তব্ধতা!
দেহৰ ভাঁজে ভাঁজে কুৰুকি কুৰুকি
মিহলি হৈ যায়
তুমিয়েই তৈয়াৰ কৰা
হলাহল
সামৰি-সুতুৰি লুকুৱাই থওঁ
অযুত-নিযুত মাইল জুৰি থকা
বিষণ্ণতাৰ সাকোঁ!
হাঁহিত মোৰ ৰ’দালিৰ জুৰণি
কমলাৰঙী বাটটোৰ সিটো পাৰে থাকা তুমি।
ৰুক্ষ মৰুত মৰূদ্যন গঢ়িবলৈ
ব্যাকুল তুমি
শোণিত টগবগ টগবগ কৰা
তোমাৰ ব্যাকুলতা
মৰুৰ মোহনাত আকৌ ফুলাবা তুমি
কৃষ্ণচূড়া ৰাধাচূড়াৰ ফুল
আকৌ বিয়পি যাব
এজাৰ-মদাৰ হৈ
ওঁঠত ফুলিব সোণাৰুফুলীয়া হাঁহি….
তুমি
তুমি, হেঁপাহৰ দগমগ দগমগ
ৰঙা সুৰুয!
———————–