আলু (অমিতাভ মহন্ত)
সুন্দৰ সাজপাৰ পৰিধান কৰা যুৱক এজন জি এছ ৰোডৰ মাজেৰে কেৱল দৌৰিছে আৰু দৌৰিছে। সাধাৰণতে এনে দৃশ্য দেখা নাযায় বাবে মানুহবোৰেও ঘূৰি ঘূৰি চাইছে।
যুৱকজন আছিলোঁ মই। লক্ষ্য ‘ইন্টাৰনেচনেল হস্পিটেল’। তাতেই ১০৫ নং কোঠাত সংকটজনক অৱস্থাত পৰি আছে ধৃতি।
ধৃতি মোৰ পত্নী। মোৰ জান, জানু, কলিজা ইত্যাদি সকলো। তাই মোক যিমান ভাল পায় মই তাইক তাতোকৈ বেছি ভাল পাওঁ। আকৌ মই তাইক যিমান ভালপাওঁ তাই মোক তাতোকৈ বেছি ভালপায়। আমাৰ প্ৰেমৰ এই হিচাপ আজি দিবলৈ নাযাওঁ, কাৰণ আজি তাই এই সংকটজনক অৱস্থাত হস্পিটেলত পৰি আছে।
কিছুদিন আগতে যোৰহাটলৈ যোৱা অৰ্তিভ নামৰ বাছখনত দুৰ্ঘটনা হৈছিল, ট্ৰাকৰ লগত মুখামুখি সংঘৰ্ষ। এক ভয়ঙ্কৰ দুৰ্ঘটনা। পাঁচজন নিহত হৈছিল আৰু বিশজন আহত হৈছিল। তাৰেই এজনী আছিল মোৰ ধৃতি।
লাহে লাহে ধৃতিৰ অৱস্থা ভাললৈ আহিছিল। দহ দিনৰ মূৰত চকু মেলি চালে তাই। মই প্ৰতিটো মূহুৰ্ত তাইৰ লগত আছিলোঁ। এদিন তাই উঠি বহিল, অত্যন্ত দুৰ্বল সত্ত্বেও লাহে লাহে আমাৰ লগত কথা কোৱাও আৰম্ভ কৰিলে। মোৰ জীউটো যেন ঘূৰি আহিল।
পোন্ধৰ দিনৰ দিনা তাইক ঘৰলৈ আনিলোঁ। লাহে লাহে তাই স্বাভাৱিক অৱস্থালৈ আহিল। ময়ো আকৌ অফিচলৈ যোৱা আৰম্ভ কৰিলোঁ।
এদিন অফিচত বহি থাকোতেই ফোন আহিল। ধৃতিক লৰালৰিকৈ হস্পিটেললৈ লৈ যোৱা হৈছে। অতি বেছি মাত্ৰাত তাইৰ মগজুৰ ৰক্তক্ষৰণ হৈছে।
মই চকুৰে ধোঁৱাকোৱা দেখিলোঁ। কিদৰে তললৈ গৈ মই অটো এখনত উঠিলোঁ, ট্ৰেফিকজাম দেখি কেতিয়া অটোৰ পৰা নামি দৌৰিবলৈ আৰম্ভ কৰিলোঁ মই নিজেও নাজানো।
কেৱল দৌৰিছোঁ। হস্পিটেলৰ গেইট, ৰিচিপচন, লিফ্ট…. নাহ, লিফ্ট আহিবলৈ বহুত সময় আছে। চিৰি। আকৌ দৌৰ। কেবিন। দুৱাৰ…..
ভিতৰলৈ গৈ অবাক হৈ ৰৈ গ’লোঁ। কেবিনত কোনো নাই। কি হ’ল বাৰু…
মুহূৰ্ততে সম্বিত ঘূৰি আহিল। ধৃতি ইয়াত কেনেকৈ থাকিব। ধৃতিযে এই জগততেই নাই। আজিৰ পৰা পাঁচ বছৰ আগতে মোক অকলশৰীয়া কৰি থৈ ভগৱানৰ ওচৰলৈ গুছি গৈছে ধৃতি।
কি হৈছে মোৰ?? মই পাগল হৈছোঁ নেকি? ইমান ডাঙৰ ভুল মই কেনেকৈ কৰিব পাৰোঁ। কেবিনটোত থকা ৱাছ বেচিনটোৰ পৰা পানী লৈ চকুৱে মুখে পানী মাৰিবলৈ ধৰিলোঁ।
বিয়া হোৱা এমাহ হৈছিল মাত্ৰ। মধুচন্দ্ৰিকা কৰিবলৈ আমি দীঘালৈ গৈছিলোঁ। সাগৰ তীৰত ধৃতি আৰু মই… কি মধুৰ আছিল সেই সময়। ধৃতি অলপ বেছিয়েই সাহসী আছিল, মোৰ হকাবধা নামানি তাই সাগৰৰ গভীৰলৈ গুছি গৈছিল। তেনেতে এক প্ৰচণ্ড ঢৌ… মূহুৰ্ততে জীৱন সলনি হৈ গ’ল। চিৰদিন এক হৈ থকাৰ প্ৰতিশ্ৰুতি দিয়া ধৃতি কোন জানো অচিন দেশলৈ গুচি গ’ল।
লাহে লাহে হস্পিটেলৰ পৰা ওলাই আহিলোঁ। অন্যমনস্ক হৈ আছিলোঁ, চিগাৰেট এটা টানি অফিচলৈ বুলি বাট বোলোতেই কোনোমতে বাছ এখনৰ তলত চেপা নোখোৱাকৈ বাচিলোঁ।
সম্বিৎ ঘুৰাই আহিল। বাস্তৱ আৰু অবাস্তৱৰ মাজৰ পাৰ্থক্য যেন ধৰিব নোৱাৰা হৈছোঁ মই। ধৃতিৰ সৈতে মই কেনেকৈ দীঘালৈ যাব পাৰোঁ? তাকো মধুচন্দ্ৰিকা….
আমাৰ যে বিয়া হোৱাই নাই…..
তেতিয়া মই বিশ্ববিদ্যালয়ত পঢ়োঁ। ধৃতি মোতকৈ এবছৰৰ জুনিয়ৰ। বৰ ধুনীয়াকৈ সাজি কাচি কলেজলৈ আহে তাই। এনেও তাই কম মৰমলগা নে! পঢ়াতো তাই খুব চোকা, মহাবিদ্যালয় শ্ৰেষ্ঠ গায়িকা, ধুনীয়া… কি নাই তাইৰ। ছাত্ৰ আৰু অধ্যাপক মিলি অতি কমেও চল্লিশজন মান তাইৰ নামত পাগল।
ইফালে মই হ’লো এটা জধলা। তপা হ’বলৈ আৰম্ভ কৰিছোঁ লাহে লাহে। দুখনত বেক আছে। তথাপি ধৃতিৰ বাবে মই পাগল।
খুব বৰষুণ হৈছিল সেইদিনা। জালুকবাৰীৰ পৰা লঙ্কেশ্বৰৰ মেচলৈ তিতি যোৱাৰ মন নাই। খালী ৰিক্সা এখনত উঠিলোঁ। ৰিক্সাৱালা তামোল খাবলৈ গৈছিল। তেনেতে দেখিলোঁ ধৃতি মোৰ ফালে আগুৱাই আহিছে। বুকুখন ধিপিংকৈ উঠিল। কি বা হ’ল…
: ৰিক্সা সাতমাইললৈ যাবা?
মই আকাশৰ পৰা যেন সৰি পৰিলোঁ। ধৃতিয়ে কয় কি…
: নোকোৱা কিয় যাবানে নোযোৱা?
সাংঘাতিক খং উঠিল মোৰ। কি বুলি ভাবিছে তাই মোক। কোন ফালৰ পৰা তাই মোক ৰিক্সাৱালা যেন পালে বাৰু। খঙতে ক’লোঁ,
: অ’ যাম। উঠা।
ধৃতি থমকি ৰ’ল। কি জানো হ’ল তাইৰ। বৰষুণৰ মাজত তাই আৰু মই। কোনেও চকু আঁতৰাই নিব পৰা নাই।
ফলাফল??
দুমাহ পিছত আমি এয়া নেহৰু পাৰ্কত নিবিড়ভাৱে বহি ডেটিঙত ব্যস্ত।
এদিন আমি দুয়ো ওলালো ধুম-৩ চাবলৈ। ময়ো মোটামুটি আমিৰ খানৰ দৰে ষ্টান্ট কৰি বাইক চলাই গৈ আছোঁ। মালিগাঁওত ক’ৰ পৰা জানো ইনোভা এখন আহি ওলালহি তৰ্কিবই নোৱাৰিলোঁ।
মই বাচি আছিলোঁ। ধৃতিৰ বাবে মই বাচি গ’লোঁ। মই উফৰি গৈ ধৃতিৰ গাত পৰিছিলোঁ। তাইৰ গাত গৈ পৰা বাবে মোৰ শৰীৰত আঘাতৰ তীব্ৰতা কমি গ’ল আৰু একেদৰে তাইৰ শৰীৰৰ আঘাতৰ তীব্ৰতা বাঢ়ি গ’ল।
ধৃতি নাবাচিল। নিজৰ জীৱন দি তাই মোক বচাই গ’ল।
কিমান কথা, কিমান স্মৃতি! মোৰ প্ৰথম প্ৰেম আছিল তাই। কেতিয়াও ভবা নাছিলোঁ যে তাই মোৰ হ’ব। অথচ ভাগ্যৰ কি লীলা। সকলো পায়ো মই সকলো হেৰুৱালোঁ। কিমান সপোন, কিমান আশা, সকলো যেন ধূলি হৈ উৰি গ’ল, ছাই হৈ জ্বলি গ’ল।
তাইৰ কথা ভাবি ভাবি অন্যমনস্ক হৈ অফিচ পালোহি। কেবিনত সোমাবলৈ লওঁতেই কোনোবা এজনে মাত দিলে, ‘কাক বিচাৰিছে’?
ঘূৰি চালোঁ। চুট-টাই পিন্ধা এজন মধ্যবয়সীয়া ব্যক্তিয়ে মোৰ ফালে চাই আছে। মানুহজনক মই ধৰিব পৰা নাই। চাই থাকোঁতেই তেওঁ আকৌ মাত দিলে, ‘কি লাগে’?
মই সুধিলোঁ, ‘আপোনাক ধৰিব পৰা নাই। বাই ডা ৱে, মই এই কোম্পানীৰ পাব্লিক ৰিলেশ্বন অফিছাৰ আৰু এইটো মোৰ কেবিন।
বিদ্ৰূপৰ হাঁহি এটা মাৰি মানুহজনে উত্তৰ দিলে, ‘মই তৰুণ গগৈ, আৰু এয়া মোৰ কইনাধৰাৰ ঘৰ’।
মোক ঠাট্টা কৰিবলৈ ই কোন? চূড়ান্ত খং উঠি আহিছিল। চিকিউৰিটিক মাতিবলৈ লওঁতেই নেইমপ্লেট খনলৈ চকু গ’ল।
এয়া কোন?? আচৰিত হৈ নেইমপ্লেটখনলৈ আঙুলিয়াই সুধিলোঁ।
মই, এই বুলি উত্তৰ দিয়েই মোক আঁতৰাই মানুহজন ভিতৰলৈ সোমাই গ’ল।
চাৰিওফালে চকু ফুৰাই চালোঁ। ধেইৎ তেৰি, ইমান ডাঙৰ ভুল হ’ব লাগেনে মোৰ। কি যে ভাবি আছোঁ নহয় আজি। এইটো মোৰ অফিচ নহয়েই দেখোন। মইতো আচলতে ইয়াত চাকৰি নকৰোৱেই। ইয়াত বুলি নহয়, মই দৰাচলতে কতোৱেই চাকৰি নকৰো দেখোন। চাকৰি কৰিবলৈ মোৰ দেখোন যোগ্যতাই নাই। মইটো মেট্ৰিক ফেইল। বিজ্ঞানৰ পৰীক্ষাৰ দিনা দেউতা ঢুকোৱাৰ পিছত তীব্ৰ আৰ্থিক সংকটত ভুগি মই দেখোন আগলৈ পঢ়িবই নোৱাৰিলোঁ।
দেউতা কিদৰে ঢুকাইছিল তাৰ কিছু বিচ্ছিন্ন স্মৃতি এতিয়াও মোৰ মনত সজীৱ হৈ আছে। কিন্তু এতিয়া মোৰ এইবোৰ ভাবিবলৈও ভয় লাগিছে। কিয় জানো ভাব হৈছে অলপ পিছত মই আৱিষ্কাৰ কৰিম যে এয়াও মিছা। আগৰ কেইবাৰৰ দৰে ভ্ৰম। আস… মোৰ মূৰটো যেন এতিয়া ফাটি যাব।
দেউতা ঢুকাইছিল টোপনিত থাকোতেই। একেবাৰে স্বাভাৱিক অৱস্থাত আছিল দেউতা, অফিচৰ পৰা আহি হাঁহি-ধেমালি কৰি একেলগে খাইছিলোঁ আমি সকলোৱে। ৰাতি সকলোৱে বিচনালৈ গ’লোঁ। দেউতা আৰু নুঠিল, কোনোদিনেই।
খুব কান্দিছিলোঁ। পৰীক্ষা আৰু দিয়া নহ’ল। পিছলৈ দিম বুলি ভাবিছিলোঁ, বিভিন্ন অসুবিধাত নোৱৰিলো। আমাৰ দুৰৱস্থা দেখি সৰু মামাই এখন দোকান খুলি দিলে। মা আৰু মই চলিবলৈ যথেষ্ট আছিল। লাহে লাহে উন্নতি কৰিছিলোঁ। অলপ টকা পইচা জমা কৰিছিলোঁ। মোৰ বিয়া-বাৰুৰ কথা ওলাইছিল ঘৰত। গাঁৱৰ ফণী খুৰাৰ ছোৱালী ধৰিত্ৰীৰ কোনো আপত্তি নাছিল বুলি ইতিমধ্যে জানিছিলোঁ মই।
বিয়াৰ দিন পৰ্য্যন্ত ঠিক হৈছিল। ঠিক তেতিয়াই আহিছিল সেই সৰ্বনাশী ভুমিকম্পটো। আৰু সকলো সপোন নিমিষতে শেষ হৈ গ’ল।
উফফফফফ মূৰটো যেন ফাটি যাব এতিয়াই। মগজুৱে আৰু লোড ল’ব পৰা নাই। কেৱল বুজিছোঁ যে মই মোৰ অতীত, বৰ্তমান, ভৱিষ্যত সকলো কিবা খিচিৰি হৈ গৈছে। মোৰ স্মৃতিয়ে মোক বৰ বেয়াকৈ প্ৰতাৰণা কৰিছে। মোৰ ভাৱ হৈছে…… ভাৱ নহয়, মই এতিয়া নিশ্চিত… নিশ্চিত যে মোৰ মেট্ৰিক পৰীক্ষাৰ সময়ত দেউতা ঢুকোৱা সম্ভৱেই নহয়। কাৰণ মই মেট্ৰিক পৰীক্ষা দিয়াই নাই। দিম কেনেকৈ? মোৰ যে জন্মই হোৱা নাই… আই ৱাজ নেভাৰ বৰ্ন।
মাৰ পেটত থকাৰ সময়ত মাৰ শৰীৰত ভাইৰাচে আক্ৰমণ কৰিছিল। ডাক্টৰে অনেক চেষ্টা কৰি মাক বচালেও মোক বচাবলৈ সক্ষম নহ’ল।
কিন্তু মই যদি মৰিছিলোৱেই তেন্তে অফিচৰ বাহিৰত পথটোত এই মূহুৰ্তত অসহায় হৈ থিয় হৈ থকা এইজন কোন? এয়া… এয়া কি সঁচাকৈয়ে এটা পথ? আৰু সহ্য হোৱা নাই। ইফালে তীব্ৰ ৰ’দ। ধাৰাম কৰি মাটিত পৰি গ’লোঁ। জ্ঞান হেৰুৱাৰ আগমুহূৰ্তত মনলৈ আহিল মই আচলতে কোনো মানুহ নহয়। চাৰিওফালে অন্ধকাৰ আৰু অন্ধকাৰ……
++++
যুৱ বিজ্ঞানী ৰাজীৱে হতাশাত চিৎকাৰ কৰি উঠিল। মাত্ৰ এটা ভুলৰ বাবে ইমান যত্ন কৰি তৈয়াৰ কৰা কবি ৰবটটো ধ্বংস হৈ গ’ল। প্ৰায় এবছৰ আগতে ৰাজীৱে এই কবিতা লিখা ৰবটটো তৈয়াৰ কৰিছিল। তাৰ পিছৰ পৰা প্ৰতিদিনে বিশটাকৈ কবিতা ধুনীয়াকৈ ৰচি আছিল এই ৰবটটোৱে। ৰাজীৱৰ পত্নীয়ে সেই কবিতাবোৰেৰে পোন্ধৰটা ফেচবুক গোট ধুনীয়াকৈ চলাই আছিল। তাৰে আকৌ দহটাত নিজেই এডমিন আছিল।
সহকাৰী বিজ্ঞানী অৰূপৰ পৰামৰ্শমতে এই ৰবটটোত গল্প লিখা চফ্টৱেৰ ইনষ্টল কৰিবলৈ গৈ আজি ৰাজীৱৰ এই অৱস্থা। এই ৰবটটোৰ কল্পনাশক্তি অতিমাত্ৰা প্ৰৱল। কবিতা লিখিবলৈ ইনষ্টল কৰি থোৱা আবেগ, অনুভূতি, প্ৰেম, খং, ৰাগ, চন্দ আদি চফ্টৱেৰৰ প্ৰিমিয়াম ভাৰ্চনটো আনইনষ্টল কৰি নৰ্মেল ভাৰ্চন ইনষ্টল নকৰাৰ বাবেই চাগে’ গোটেই খেলিমেলি হৈ গ’ল। একো ধৰিব পৰা নাই ৰাজীৱে। বিভিন্ন চৰিত্ৰত নিজকে কল্পনা কৰি এই ৰবটটো বৰ্তমান সাংঘাতিক আইডেন্টিটি ক্ৰাইছিছত ভুগি হেং মাৰি মাৰি নষ্ট হৈ গৈছে।
খং, হতাশা, পত্নীভয় আদি বিভিন্ন কাৰকে ৰাজীৱৰ মনত ক্ৰিয়া কৰিবলৈ ধৰিলে। ইফালে ৰবট ‘প্ৰতীক্ষা হস্পিটেল’ৰ অপাৰেচন থিয়েটাৰৰ বাহিৰত বৰ্তমান থিয় হৈ আছে, তাৰ পত্নী, মানে ধৃতি বা ধৰিত্ৰীৰ আজি ডেলিভাৰী। ৰাজীৱৰ এইবাৰ সহ্য নহ’ল। সি আগুৱাই গৈ প্ৰচণ্ড জোৰে ৰবটটোত এক লাথ মাৰিলে। কোঠাত সিটো মূৰত চিটিকি পৰিল কবি ৰবট। লাথ খাই ৰবটটোৰ মাত বদলি গ’ল, কল-কব্জা লৰি গ’ল। ঘেৰঘেৰকৈ ৰবটটোৱে অনৰ্গল চিঞৰিবলৈ ধৰিলে,
‘ধৃতি, ধৃতি, ধৃতি, ধৃতি, ধৃতি… ধৰিত্ৰী, ধৰিত্ৰী, ধৰিত্ৰী, ধৰিত্ৰী, ধৰিত্ৰী…….. ধেইৎতেৰি, ধেইৎতেৰি, ধেইৎতেৰি, ধেইৎতেৰি, ধেইৎতেৰি…’