আশ্বাস (অনিতা ‬গগৈ)

গাভাৰী দুখক কলিজাত এৰালদি,
টাপলি মৰা প্রত্যয়ৰ শাৰীখন মেৰাই
পুৱাতেই তাই বেপাৰৰ বাবে সাজু।
দুখৰ বেপাৰেৰে একাঁহী সুখ কিনিবৰ বাবে
তলৌতলৌকৈ ঘূৰে মহানগৰীৰ অলিয়েগলিয়ে

স্বাৰ্থৰ পোচাক পিন্ধি মন্দিৰলৈ যোৱা আশাবোৰ
কোৰোণাৰে পাপ চপাই সুখৰ মহল সজা অশান্তিবোৰ
দক্ষিণাৰ বিনিময়ত পূণ্যৰ খৰিদ্দাৰবোৰ তাইৰ গ্রাহক।
জয়াল অন্ধাকাৰত ভঙা জুপুৰিটোৰ বিধ্বস্ত বিননিবোৰ
যেতিয়া তেজৰ ডোঙাৰে উজাই তাইৰ তেজত শিপাইছিল,
তাই কট্ কটকৈ ফুটাইছিল অভিশাপৰ আঙুলি
জৰায়ুৰ ফুলেৰে, বেদনাৰ ৰাতি সূৰ্যটোৰ শৰাধ পাতিছিল
লহপহীয়াকৈ বাঢ়িছিল অমানিশা এটা বুকুৰ পিয়াহ খাই
আকাশখনৰ প্রতাৰণাবোৰে তাইৰ সৈতে হেতালি খেলে

জীৱন নহয় সহজ, নহয় মৃত্যু
কাঁইটীয়া পৃথিৱীৰে জীৱনৰ বাজি।
পোহনীয়া দুখবোৰ পালিবৰ বাবেই তাইৰ বেপাৰ
বিফলতাৰ ঠেলাগাড়ীত নিতৌ কঢ়িয়াজীৱন
আপোনাৰ মোৰ পুতৌ অথবা অকণি সঁহাৰিত
তাই বিচাৰি পাহেৰুওৱা আকাশৰ আশ্বাস
কিন্তু বেপাৰত আছে লাভলোকচান
আছে জোৱাৰ ভাটাৰ প্রতিযোগিতা
আৰু আছে পৰজীৱী মুনাফালোভী
যি কাঢ়ি নিয়ে গছৰ সেউজীয়া অথবা
কংকালৰ পঁচা উশাহ……..

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!