আশ্ৰয় – বৰ্ণালী দুৱৰা
মানুহজন দূৰ্ঘটনাগ্ৰস্ত হৈ বিছনাত পৰি থকা প্ৰায় দুবছৰৰ ওচৰা-ওচৰি হ’লহি, কিবা এটা কৰাটো বাদেই নিজে উঠি বহিবও নোৱাৰে.শৰীৰৰ এটা ফাল সম্পূৰ্ণৰূপে বিকল মানুহটোক বহুৱাবলৈও আৰু এটা মানুহৰ প্ৰয়োজন হয়। দুপৰ ৰাতি কথাবোৰ ভাবি থকা প্ৰতিমাৰ হঠাত ঘৰতে লাগি থকা মথাউৰিটোৰ পৰা অহা হুলস্থূল শুনিবলৈ পাই বুকুখন ধান বনাদি বানিবলৈ ধৰিলে। বাৰিষাৰ নদীখনে যেন মথাউৰিটোৰ বাধা মানিবলৈ টান পাইছে। এৰা আহিব এতিয়া বুকুতে সাৱতি ল’বলৈ..তাই লাহেকৈ টোপনি গৈ থকা গিৰীয়েকৰ বুকুতে কুচিমুচি সোমাই শুই পৰিল চিৰ জীৱনৰ বাবে..☆★☆