আহিনৰ তিনিটা স্কেচ্ (পলাশ প্ৰান্তিক)

(১)
আহিনৰ পথাৰত
গাখীৰতী থোকবোৰে
খেতিয়কৰ প্ৰাণলৈ কঢ়িয়াই আনে
এবুকু প্ৰতিশ্ৰুতি।
(২)
নৈ বালিচৰৰ
ঝাওবনৰ মাজত
কঁহুৱাৰ উন্মুক্ত বুকু ঢাকিবলৈ
আহিনে কুঁৱলীৰ বগাসাজযোৰ পিন্ধায়
কুঁৱলী আৰু কঁহুৱা
অভিন্ন আত্মা ইজনে সিজনৰ।
(৩)
আহিন আহিলে
পদূলি মূৰত থকা শেৱালীজোপা
লহপহকৈ বাঢ়ে
শেৱালী ফুলৰ আমোলমোল গোন্ধই
সকলোকে সোঁৱৰাই দিয়ে
শৰতৰ উপস্থিতি।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!