আহিনৰ পথাৰখন সোণোৱালি হ'লেই আই তই আহিবি (মুকুন্দমণি গগৈ)

শেৱালি সুবাসত নিয়ৰ সৰিলে
পুৱতি নিশা মনত পৰে আই
তোলৈ।।
 
উজাগৰে আছোঁ মই
আজি কেইবাদিনো আই
তোৰ সপোনৰ
বাট বিচাৰি৷৷
 
আহিনৰ পথাৰখন
সোণোৱালি হৈ
সোণ গুটি লাগিলেই
তই আহিবি।
 
সপোন বোৰ দিঠক কৰিম
আশা বোৰ সজীব কৰিম
চকুলোবোৰ মুকুতা কৰিম৷
 
আই
আহিনৰ পথাৰখন
সোণোৱালি হ’লেই তই আহিবি৷৷

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!