আহিনৰ সুহুৰি আৰু কিছু অনুভৱ (নিবেদিতা হাজৰিকা)

ক’ৰবাৰ পৰা উৰি উৰি আহে
আহিনীয়া মিঠা সুহুৰি এটা
 
উৰণীয়া আঁচলৰ বা লাগি কঁপি উঠে
অচিনাকী বিৰিখ
ঘৰমুৱা গৰখীয়াজাকে উভতি চায়,
জোনাক জোনাক
আহিনৰ সুহুৰি!
 
কাণি-মুণি পোহৰত উজ্জ্বলি উঠা
সৰু সৰু পঁজাবোৰত বাঢ়ি আহে
এজাক সপোন
সিহঁতে যদিওবা নুশুনে এতিয়া
সঁজাল ধৰা পোহৰৰ গান
তথাপিও সামৰে বুকুত
মুষলধাৰ এজাক সেউজীয়া বৰষুণৰ হেঁপাহ ;
মেলি দিয়ে জোনাকৰ পানচৈ
 
কৃত্রিম পোহৰেৰে জুখি চাব নোৱাৰি
সিহঁতৰ ঘৰৰ ভিতৰৰ আন্ধাৰ !!

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!