আৰক্ষীৰ মগজু ধাতুৰে নিৰ্মিত নেকি! – লক্ষ্যজ্যোতি নাথ
হয়, শিৰোনামাটো পঢ়ি আপুনি আচৰিত হোৱা স্বাভাৱিক কিন্তু কেতিয়াবা কিছুমান দৃশ্য দেখি মোৰ মনলৈ এই ভাৱেই আহে “সকলো মানুহৰ মগজুৱে তেজ-মঙহৰে নিৰ্মিত কিন্তু কিছুমান আৰক্ষীৰ মগজু ধাতুৰে নিৰ্মিত নেকি যে পৰিলে, ভাঙিলে একো নহয়? “
আজিকালি পথ দুৰ্ঘটনাৰ সংখ্যা দিনক-দিনে সাংঘাতিকভাৱে বাঢ়ি গৈছে লগতে বাঢ়ি গৈছে নিহত আৰু আহতৰ সংখ্যা৷ কম বয়সীয়া যুৱক-যুৱতী জীৱনৰ আধা বয়স পাৰ নকৰোঁতেই পথ দুৰ্ঘটনাত পতিত হৈ এই সংসাৰৰ পৰা একেবাৰে গুচি গৈছে৷ এই দুৰ্ঘটনাবোৰৰ বেছি সংখ্যক চালক আৰু আৰোহীক লক্ষ্য কৰিলে দেখা যায় যে তেওঁলোকৰ হেলমেট নাই বাবেই মগজুত বেছিকৈ দুখ পোৱাৰ বাবে মৃত্যু হৈছে৷ বহু ক্ষেত্ৰত দুৰ্ঘটনাবোৰত দেখা যায় হাত-ভৰি ভাঙি যায় কিন্তু হেলমেট থকাৰ বাবে জীৱনটো বাচি যায়৷ হেলমেটৰ প্ৰয়োজনীয়তা সেইখিনিয়ে৷ হেলমেটে সদায় জীৱন ৰক্ষা কৰে৷
এই হেলমেট পৰিধান নকৰি গাড়ী চলালে যদি আৰক্ষীয়ে ধৰে তেন্তে তেওঁলোকে চালকৰ পৰা জৰিমনা লৈ শাস্তি দিয়ে৷ বহুতে আৰক্ষীৰ জৰিমনাৰ পৰা বাচিবলৈয়ে হেলমেট পৰিধান কৰিব লাগে বুলি ভাবে কিন্তু এইটো মিছা; হেলমেট সদায় নিজৰ বাবে আৰু নিজৰ পৰিয়ালৰ বাবে পিন্ধিব লাগে৷
কিন্তু সাধাৰণ জনতায়ে হেলমেট পৰিধান নকৰিলে জৰিমনা বিহা আৰক্ষীৰ বহু লোকে পথত দুচকীয়া বাহন চলালে হেলমেট পৰিধান নকৰা সততে চকু পৰে৷ তেওঁলোকে বিনা হেলমেটত বুকু ফিন্দাই দুচকীয়া বাহন চলাই যোৱা বহুত বাৰ প্ৰতক্ষ্য কৰিছো বা হয়টো বহুতেই কৰিছে তাত মোৰ সন্দেহ নাই৷ তেতিয়া মনলৈ এটা প্ৰশ্নয়ে আহে; হেলমেট পৰিধান নকৰা বাবে তেওঁলোকৰ পৰা জৰিমনা নলয় নেকি সেইটো বাৰু পিছৰ কথা তাৰ আগত মনত প্ৰশ্ন হয় ভগৱানে কেতিয়াও নকৰক কিবা কাৰণত যদি সেই আৰক্ষীজনৰ দুৰ্ঘটনা হয় আৰু তেওঁ পথত জোৰেৰে মূৰটো দি পৰি যায় তেন্তে তেওঁ মগজুৰ অকণো ক্ষতি নহ’ব নেকি বাৰু! তেওঁ মগজু ক্ষতি নহ’বলৈ তেওঁৰ মগজু বিশেষ ধাতুৰে নিৰ্মিত নেকি বাৰু?
নিজে ভুল পথত থাকি আনৰ ভুল ধৰা বা উপদেশ দিয়া ব্যক্তিক মই সদায় এটা উদাহৰণে দিওঁ সেইটো হ’ল প্ৰাথমিক বিদ্যালয়ত পঢ়া হজৰত মহম্মদ পাঠটোৰ কথা৷ হজৰত মহম্মদে নিজে মিঠা খাই ভাল পাইছিল, তেওঁৰ ওচৰলৈ এদিন মানুহ এগৰাকী আহিল যে তেওঁৰ ল’ৰাটোৱে বহুত মিঠা খাই, সেই স্বভাৱটো তেওঁ আতৰ কৰিব লাগে৷ তেতিয়া হজৰত মহম্মদে প্ৰথমে নিজে মিঠা খোৱা কমাইছিল আৰু তাৰ পাছত ল’ৰাজনক মিঠা কমকৈ খাবলৈ উপদেশ দিছিল৷
নিজেই যদি নীতি-নিয়ম উলংঘা কৰি ফুৰে তেন্তে বেলেগে নীতি-নিয়ম উলংঘা কৰিলে শাস্তি দিলে একেবাৰে শুভা নাপায়৷
ভাৰতৰ তিনিও সেনাত দুচকীয়া বাহন চলালে যদি হেলমেট পৰিধান নকৰে তেন্তে ইয়াৰ শাস্তি গুৰুতৰ৷ পোচাক (ইউনিফৰ্ম) পৰিধান নকৰোঁতে মনে-মনে হেলমেট পৰিধান নকৰাকৈ যদি চলাই আৰু ধৰা পৰে তেতিয়াও সমানে শাস্তি দিয়া হয়; পোচাক পৰিধান কৰাৰ পাছতটো প্ৰশ্নয়ে নুঠে৷ কিন্তু আৰক্ষীত পোচাক পৰিধান কৰিয়েই সকলো জনতাৰ সন্মুখত, বেলেগ আৰক্ষীৰ সন্মুখত বিনা চিন্তাৰে চলাই যায়৷ আৰক্ষীৰ বিশেষ সংবিধানত আৰক্ষীত কৰ্মৰত ব্যক্তিয়ে দুচকীয়া বাহন চলাওঁতে যদি হেলমেট পৰিধান নকৰে তেন্তে তেওঁলোকক শাস্তি দিয়াৰ কোনো আইন নাই নেকি? যদি আছে সেই আইন ব্যৱহাৰ নকৰে নেকি? নে হেলমেট পৰিধান নকৰা কিছু আৰক্ষীৰ মগজু বিশেষ ধাতুৰে নিৰ্মিত সেইবাবে এই আইনৰ কোনো প্ৰয়োজন নাই জানিবলৈ মন যায়৷
লগতে কিছু আদৰ্শ, ভাল আৰক্ষীৰ কথা উল্লেখ নকৰিলে লেখাটো আধৰুৱা হ’ব৷ বহু আদৰ্শ আৰক্ষী দেখিছো আৰু তেওঁলোকৰ বিষয়ে শুনিছো যে তেওঁলোকে হেলমেট নিপিন্ধা চালক-আৰোহী ধৰিলে তেওঁলোকৰ পৰা জৰিমনা লয় আৰু সেই জৰিমনাৰে নিজে হেলমেট কিনি আনি চালক-আৰোহীক দিয়ে লগতে আগলৈ যাতে ঘৰৰ পৰা ওলাই আহোঁতে হেলমেট পিন্ধিছে নে নাই নজৰ দিয়ে তাৰ বাবে অভিভাৱকলৈ ফোন কৰি সেই কথা অৱগত কৰে৷
অৱশেষত এটা কথাৰে সামৰণি মাৰো আকৌ কৈছো শাস্তিৰ পৰা বাচিবলৈ হেলমেট পিন্ধাৰ প্ৰয়োজন নাই৷ আৰক্ষীৰো এটা পৰিয়াল আছে, তেওঁলোকৰো সন্ধিয়া ঘৰলৈ দেউতা আহিব বুলি অপেক্ষা কৰি থকা সন্তান আছে৷ নিজৰ এটা জীৱন আছে সেইবোৰ ভাবি আপোনালোকেও দুচকীয়া বাহন চলালে হেলমেট পিন্ধক (পিন্ধাসকলক উদ্দেশ্যি মই লেখাটো লিখা নাই) আৰু সাধাৰণ ৰাইজৰ আদৰ্শ হওক৷ শিকাওঁক যে জৰিমনাৰ পৰা বাচিবলৈ হেলমেট পিন্ধাৰ প্ৰয়োজন নাই৷ নিজৰ আৰু নিজৰ পৰিয়ালৰ বাবে হেলমেট পিন্ধক৷