আৰু এদিন এনেকৈয়ে – মৃদুল হালৈ

 

আৰু এদিন এনেকৈয়ে আমাৰ

হাতৰ আঙুলিবোৰৰ বান্ধ খুলি গৈছিল

তাৰ বহুদিনৰ পাছত
জাৰ আৰু জোনাক একেলগে অহা
এটা ৰাতি
গছপাতবোৰ কঁপি থকা শব্দতেই
মোৰ টোপনি ভাঙিছিল

জাৰ আছিল
অথচ ৰাতিটো যেন ঘামি উঠিছিল

ঠিক যিদৰে আমাৰো চকুত
দূৰৈৰ সপোনবোৰ আছিল
অথচ অসংখ্য ভুল বুজাবুজি
আৰু বৃথা ভাৱনাই প্ৰায়েই
আমাৰ মনত ধুমুহা তুলিছিল
চকুলৈ খৰাং নমাই আনিছিল

আমি জানিছিলোঁ কুঁৱলীৰ
ডাঠ অৰণ্যখনৰ সিপাৰতেই
ৰ’দ ৰৈ আছিল
কিন্তুু জাৰৰ দিনবোৰে দুৰ্ভাৱনাৰ দৰে
কেতিয়াবা আমাৰ বুকু গধুৰ কৰিছিল৷

তেতিয়ালৈ আমাৰ
বহু কিবাকিবি গোট খাইছিল
অপাহৰণ স্মৃতি
নুবুজা কবিতাৰ দৰে
কিছুমান দিনৰ ক্লান্তি
আৰু শব্দবোৰ পাহৰি পেলোৱা
কিছুমান গানৰ সুৰ৷

আমাৰ গালে মুখে দুই এচমকা দাগ আছিল
হয়তো চকুপানীৰ, ধুমুহাৰ দৰে অহা হাঁহিৰ
হয়তো পাৰ বাগৰা আৱেগ আৰু কঠিন অনুভূতিৰ৷

প্ৰায়েই দুয়োহাত খালী আছিল
জেপ আছিল শূন্য
আমাৰ বুকু ভৰি আছিল
প্ৰায়েই হাতৰ মুঠি ভৰি আছিল
জেপ গধুৰ আছিল
বুক আছিল শূন্য৷

কি আছিল নাছিল
কোনে কি পাইছিল কি হেৰুৱাইছিল
আচলতে কৰোঁ বুলিলে
আপোচ কৰিব পৰাকৈ আমাৰ
বহুত কিবাকিবি আছিল

কিন্তুু জাৰৰ ৰাতিটোৰ দৰে সিদিনাও
ভাব হৈছিল আমাৰ ভিতৰখন ঘামিছিল

একেটা পলকে চাৰিটাকৈ জীয়া দিনবোৰৰ
সোঁৱৰণ সেমেকি উঠে বুলিয়েই
মোৰ আটাইতকৈ বেছি চিন্তা হৈছিল৷

আৰু তাৰ পাছতেই সকলো ঘটিছিল

অপাহৰণ
বহু কথাই মোৰ আছিল
পাহৰণ কথাবোৰৰো অৱশেষ ৰৈ গৈছিল

জাৰ আৰু জোনাক একেলগে অহা ৰাতিটোত
গছপাতবোৰৰ শব্দ‌ই মোৰ ঘুমটি ভাঙোতেও
মোৰ অকণো বেয়া লগা নাছিল

সিকাটি হৈ শুবলৈ মোৰ বিছনাত..
আৰু এটা গাৰু আছিল৷

Subscribe
Notify of

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Somir
5 years ago

Otikoi val lagise haloi da

Copying is Prohibited!