ইঙ্গুঙ্গা, জঙ্ঘাইঙ্গাহঁতৰ কথাৰে : ছাত্ৰাবাসৰ এডোখৰ (১৬) :: দিগন্ত যাদৱ শৰ্মা
His father and my father coming from the same father.
প্ৰথম ষাণ্মাসিকৰ ছাত্ৰ ইঙ্গুঙ্গাৰ অদ্ভুত ধৰণৰ উত্তৰটো শুনি দিলীপহঁত অলপ হ’লেও ‘কনফিউজ’ হৈ পৰিল। ইজনে সিজনৰ ফালে চোৱা-চুই কৰিব ধৰিলে। আচলতে ইঙ্গুঙ্গাৰ মুখত এনেধৰণৰ ইংৰাজী শুনিবলৈ সিহঁতে আশাই কৰা নাছিল। আশীষে অৱশ্যে কথাটো বুজিব পাৰি মনৰ মাজতে হাঁহি এটি সামৰি থলে। কাষত থকাজনক কাণে কাণে ক’লে।
: অই উত্তৰটো কেনে ধৰণৰে দিছে ধৰিব পাৰিছনে? আমি যে উচ্চতৰ মাধ্যমিকত পঢ়ি থাকোঁতে ইংৰাজী শ্ৰেণীত চাৰে এজনক পিছফালৰ দুৱাৰখন খুলি দিব কৈছিল। তাৰো ইংৰাজীত উত্তৰ দিব গৈ খোকোজা লাগিছিল। দুৱাৰখন বাহিৰৰ পৰা বন্ধ আছিল। দুৱাৰখন খুলিব নোৱাৰি ‘নাৰ্ভাছ’ হৈ উত্তৰ দিছিল _“Sir, the door is holiday from outside.” মনত আছে?
মহাবিদ্যালয়খনত আকৌ এটা নতুন শিক্ষা বছৰ আৰম্ভ হৈছে। মুঠ ১৫০ খন আসনৰ ভিতৰত ৫০ খন আসন সাতভনী আৰু অন্যান্য ৰাজ্যকেইখনৰ বাবে মুকলি থাকে। নতুনকৈ অহা ছাত্ৰ-ছাত্ৰীৰে আবাসবোৰৰ খালি হোৱা কোঠালীবোৰ ভৰি পৰিছে। লগে লগে নতুনকৈ অহাবোৰৰ লগত অগ্ৰজসকলৰ চিনাকি পৰ্বও আৰম্ভ হৈ গৈছে। গধূলি হলে দুৱাৰবোৰত টক্ টক্ ধ্বনি শুনিবলৈ পোৱা যায়। ঠিক লগে লগে আনবোৰ কোঠাৰ দুৱাৰবোৰতো আঙুলিৰ টোকৰৰ শব্দ। এনে লাগে যেন টক্ টক্ ধ্বনিৰ প্ৰতিধ্বনিহে শুনিবলৈ পোৱা গৈছে। হাতে হাতে একোখনকৈ ‘নোটবুক’ আৰু একোটাকৈ কলম। ‘নোটবুক’ত পৰিচয় হোৱা আটাইবোৰৰে নাম ধাম লিখিব লাগে। এই কাৰবাৰটো এমাহ ধৰি চলি থাকে। নজনা সকলে দেখিলে ভাবিব এয়া ছাত্ৰাবাসৰ কোঠাই কোঠাই কোনো এক ‘ছাৰ্ভে’ অথবা পিয়লৰ কাম চলি আছে। ৰেগিঙো চলি আছে মাজে মাজে। অলপ অচৰপকৈ। প্ৰশান্ত, অনিমেষ, দিলীপহঁতে ইঙ্গুঙ্গা, জঙ্ঘাইঙ্গা, লালিন্থাঙ্গাহতঁক ৰেগিং কৰিবলৈ অলপ টান পায়। সিহঁতৰো অৱশ্যে মহাবিদ্যালয়ত এটা বছৰ পাৰ হৈছেহে। মানে দ্বিতীয় বৰ্ষৰ ছাত্ৰ। প্ৰতিবাৰৰ দৰে এইবাৰো বহুকেইজন ছাত্ৰই প্ৰতিবেশী ৰাজ্যকেইখনৰ পৰা আহি সিহঁতৰ ছাত্ৰাবাসত থিতাপি লৈছেহি। ইঙ্গুঙ্গা, জঙ্ঘাইঙ্গাহঁতো আহিছে। সিহঁতৰ দুজনমানে বৰ খৰকৈ ইংৰাজী কয়। ইংৰাজী উচ্চাৰণবোৰো বুজিবলৈ প্ৰশান্তহঁতৰ দুজনমানৰ অসুবিধা হয়। সিহঁত আটাইকেইজন মানে প্ৰশান্ত, অনিমেষ আৰু দিলীপ একেলগ হৈ ‘বন্দনা’ নহ’লে ‘অপচৰা’ত দেওবাৰৰ ইংৰাজী কথাছবিৰ ‘মৰ্নিং শ্যো’টো চাবলৈ গ’লেহে জমে। এটা বৃত্তৰ ভিতৰত ডাঙৰকৈ ইংৰাজীত ‘A’ লিখা পোষ্টাৰবোৰ দেখি চোৱাৰ লোভো সামৰিব নোৱাৰে। ইফালে আকৌ কথাছবিখনৰ বেছিভাগ সংলাপ আন্দাজতে হজম কৰিব লগা হয়। ইজনে সিজনৰ আগত সংলাপবোৰ বুজি পোৱাৰ ভাও ধৰিব লগা হয়। শেষ হোৱাৰ পিছত কথাছবিখনৰ ঘটনাটোৰ বিষয়ে যেতিয়া আলোচনা কৰা হয় তেতিয়াহে আটাইকেইজনে সেমেনা-সেমেনি কৰে। ইজনৰ লগত সিজনৰ আন্দাজমতে বুজি পোৱা কথাবোৰ নিমিলে।
কিন্তু ইঙ্গুঙ্গা, জঙ্ঘাইঙ্গাহঁতৰ লগত এই দুৰ্বলতাবোৰ দেখুৱালেতো নচলিব। ইফালে এবছৰৰ অগ্ৰজ হিচাপে অলপটো ওপৰত থাকিবই লাগিব। নহ’লে দেখোন সিহঁতে নৱাগত আদৰণি সভাৰ পিছত পাত্তাই নিদিয়া হ’ব। আচলতে কথাটো এনেধৰণৰ আছিল। প্ৰথম ছাত্ৰাবাসত সোমাওঁতেই প্ৰশান্ত আৰু দুজনমানে মন কৰিছিল ইঙ্গুঙ্গাৰ লগত আন এটা ছাত্ৰাবাসত থকা চতুৰ্থ বাৰ্ষিকৰ দাদা এজনৰ চেহেৰাৰ বহুখিনি সাদৃশ্য আছে।
সেইদিনা সিহঁত চাৰিজনে প্ৰশান্তৰ কোঠাত আড্ডা দি আছিল। তেনেতে দুৱাৰত টোকৰৰ শব্দ।
: May I come in?
: Yes, come in.
দুৱাৰ ঠেলি হাতত একোখনকৈ ‘নোটবুক’ৰ সৈতে পৰিচয় পৰ্বৰ বাবে ইঙ্গুঙ্গা আৰু জঙ্ঘাইঙ্গা সোমাই আহিল। সাধাৰণতে নৱাগত এজন এজনকৈহে চিনাকি পৰ্বৰ বাবে অইন এটা কোঠালৈ সোমাই আহে। যিয়েই নহওঁক সেইটো কথাৰ বাবে অৱশ্যে সিহঁত দুজনক একো নকলে। আশীষে দুই এটা কথা সুধিলে। দুয়োজনেই হিন্দী ভালকৈ ক’ব নোৱাৰে। সেয়ে ইংৰাজীতেই কথোপকথন হৈছিল। মাজতে আশীষ বাথৰুমত যাবলগীয়া হ’ল। সিহঁতে ‘নোটবুক’ত নাম আৰু ঠিকনাবোৰ লিখি ল’লে। প্ৰশান্তই সিহঁত দুয়োটাক বিদায় দিব লওঁতে মনত পৰিল ইঙ্গুঙ্গাৰ চতুৰ্থ বাৰ্ষিকৰ দাদা জনৰ লগত থকা সাদৃশ্যৰ কথা। দুয়োজনৰ মাজত কোনো সম্বন্ধ আছে নেকি? তাতে দুয়োজন একেখন ৰাজ্যৰে। প্ৰশান্তই কোনোমতেহে ইঙ্গুঙ্গাক কথাটো ইংৰাজীতে সুধিব পাৰিলে। কিন্তু সমস্যা হ’ল ইঙ্গুঙ্গাৰ উত্তৰটোক লৈহে। কি কৈছে কোনোমতে বুজিব পৰা নাই। কোঠাত থকা তিনিজনে ইজনে সিজনৰ মুখলৈ সেমেনা-সেমেনিকৈ চাব ধৰিলে। ইঙ্গুঙ্গাই নিশ্চয় কথাটো ধৰিব পাৰিছিল। কাৰণ সিহঁত দুয়োটাৰ লগত ইমান পৰে আশীষেহে কথা পাতি আছিল। ইতিমধ্যে বাথৰুমৰ পৰা সিও আহি সিহঁতৰ মাজত বহি পৰিছিল। ঠিক তেতিয়াই ইঙ্গুঙ্গাই যিমান পাৰি সিমান সহজ সৰলকৈ প্ৰশান্তক বুজাই দিছিল চতুৰ্থ বাৰ্ষিকৰ ছাত্ৰজনৰ তাৰ লগত থকা সম্বন্ধটোৰ কথা।
: His father and my father coming from the same father.