ইণ্টাৰভিউ- এটা সঁচা অভিজ্ঞতা আৰু কিছু চিন্তাৰ খোৰাক (হিতেন্দ্ৰ কুমাৰ শৰ্মা)
লেখাটো আৰম্ভ কৰাৰ আগতে ইয়াৰ পটভূমি সম্পৰ্কে অলপ চমুৱাই কৈছো৷ মই কাম কৰা ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানটোত জি.ই.টি (GET-Graduate Engineer Trainee) ভৰ্ত্তিৰ কাম চলি আছে৷ নতুনকৈ কেবা ঠাইতো কোম্পানীৰ সম্প্ৰসাৰণ হোৱা বাবেই ইয়াৰ প্ৰয়োজন হৈছে৷ মোৰ বিভাগটোতো কেইজনমান ইঞ্জিনিয়াৰৰ দৰকাৰ হোৱাত ইণ্টাৰভিউ লোৱাৰ দায়িত্বও মোৰ ওপৰতে পৰিল, অৱশ্যে মোৰ লগত এজন আৰু আছিল দায়িত্বৰ ভাগ লবলৈ৷ ঘটনাৰ পটভূমি হৈছে গুজৰাটৰ ভুজ চহৰ৷ আটাইকেইজন প্ৰাৰ্থী ভুজ চহৰ আৰু ওচৰ পাজৰৰে বাসিন্দা৷ কোম্পানীয়েও স্থানীয় মানুহকে প্ৰাধান্য দিয়ে বেছিদিন টিকিব বুলি৷
ইণ্টাৰভিউ আৰম্ভ হোৱাত এজন এজনকৈ সোমাই আহিব ধৰিলে৷ সিহঁতৰ লগত কথা পাতি মোৰ যি অভিজ্ঞতা হ’ল তাৰেই আলমত যথেষ্ট চিন্তাৰ খোৰাক পাইছো৷
মুঠ ন জন প্ৰাৰ্থীৰ আঠজনেই দাঢ়ি খুৰাই অহা নাছিল৷ দুজনমানৰ পিন্ধন উৰণ একেবাৰেই অপৰিষ্কাৰ আৰু অবিন্যস্ত৷ গোটেইকেইজন সদ্যস্নাতক(fresher)হোৱা স্বত্বেও ছয়জনমানৰ নিজৰ বিষয় সম্পৰ্কে সম্যক জ্ঞানো নাই৷ এজনে ৰেজুমেত (resume)লিখিছে ‘passionate about learning’ কিন্তু সাধাৰণ জ্ঞানৰ কথা সোধাত হাৰ্দিক পেটেলৰ পাটিদাৰ আন্দোলনত বাদে বপুৰাই দেশ দুনিয়াৰ একো খবৰেই নাজানে৷ এজনে লিখিছে self motivated, কিন্তু এই বাক্যখণ্ডৰ অৰ্থহে বাপুই বহু চেষ্টা কৰিও ভাবি উলিয়াব নোৱাৰিলে৷
এজনক সুধিলো, তুমি কিয় এই কোম্পানীটোত কাম কৰিব খোজা? আৰু তোমাৰ চিলেকচন হৈ গ’লে কিমান দিন বা বছৰ ইয়াত কাম কৰিবা? তেখেতৰ উত্তৰ- ক’তো চাকৰি পোৱা নাই, কিবা এটাটো কৰিবই লাগিব, গতিকে মই ইয়াত কাম কৰিব খোজো৷ যেতিয়ালৈকে বেলেগ কোম্পানীত ভাল সুযোগ নাপাও, তেতিয়ালৈ ইয়াতে থাকিম, পালে গুচি যাম৷ উত্তৰ শুনি মোৰ হাঁহিমেই নে কান্দিমেই অৱস্থা৷
এজনক সুধিলোঁ, যদি কেতিয়াবা আঠ ঘণ্টাতকৈ বেছি কাম কৰিবলগা হয়, পাৰিবানে একো অতিৰিক্ত লাভ নোলোৱাকৈ? ইঞ্জিনিয়াৰৰ উত্তৰ- নোৱাৰো৷ মোৰ দেহাই নাটানে৷ শৰীৰক আৰামো লাগে নহয়, টোপনিৰো কথা আছে৷ এই মহাশয়ে হিৰোৰ ষ্টাইলত হাত কোচাই, চকা লগোৱা চকীখনত বহী সোঁ-বাওঁ, সোঁ-বাওঁ কৈ অৰ্ধচক্ৰাকাৰে লৰি আছিল, ইফালে হাতত থকা বল পেনটো টিক-টিক, টিক-টিককৈও খেলি আছিল ইণ্টাৰভিউৰ সময়খিনি৷ ধন্য!
এজনক সুধিলোঁ, তোমাৰ মেট্ৰিকৰ নম্বৰতকৈ হায়াৰ ছেকেণ্ডাৰীৰ নম্বৰ হঠাৎ কমি গ’ল কিয়৷ দাৰ্শনিকৰ উত্তৰ আহিল- আমি যেতিয়া ডাঙৰ হব ধৰো আমাৰ শৰীৰ আৰু মনত বহুত পৰিবৰ্ত্তনে দেখা দিয়ে৷ মন চঞ্চল হয়, বন্ধুবৰ্গৰ লগত ঘুৰা, খেলা আদিত বেচি নিচা হয়, পঢ়াত মন নবহা হয়৷ এইবোৰ কাৰণতেই মোৰ দ্বাদশ শ্ৰেণীৰ ৰিজাল্ট ভাল নহল৷ কি কম আৰু!
এজনে হবি লিখিছে-নেট ছাৰ্ফিং৷ মোৰ বন্ধুৱে সুধিলে মাহত কিমান ডাতা ডাউনলোড কৰা আৰু নেটত কি ছাৰ্ফ কৰা? উত্তৰ- মুভি ডাউনলোড কৰো, মাহত ৩ জি.বি.।
ন জনৰ এজনেও ইংৰাজী ভালকৈ কব নোৱাৰে৷ কেইজনমানে ধাতু সম্পৰ্কীয় প্ৰশ্ন কৰোতে, কাৰিকৰী শব্দৰ সলনি সাধাৰণ শব্দ ব্যবহাৰ কৰিছিল৷ বেছিভাগেই এটা বা দুটা শব্দ কৈ পিছত ইত্যাদি, কিবা-কিবি আৰু অন্য এনেকুৱা শব্দৰ প্ৰয়োগ কৰিছিল৷ সাধাৰণ জ্ঞান গোটেইকেইজনৰে শূণ্য৷ মুঠতে একেবাৰে হতাশাজনক আৰু অতিশয় নিম্ন মানদণ্ডৰ আছিল উক্ত প্ৰাৰ্থীকেইজন৷ তাৰে ভিতৰত তিনিজন অলপ চোকা আছিল যদিও এতিয়ালৈ কাকো সন্তোষজনক বুলি সেউজীয়া চিগনেল দিয়া নাই আমি৷
এতিয়া কথা হ’ল, এই যে আমি(মানে প্ৰচাৰ মাধ্যম, নিৰ্বাচনী প্ৰচাৰ, চৰকাৰৰ কামৰ খতিয়ান, চ’চিয়েল মেডিয়া ইত্যাদি) মুধচৰ ওপৰত উঠি চিঞঁৰি থাকো যে ভাৰতত যিমান ইঞ্জিনিয়াৰ বছৰি ওলায় ইউৰোপৰ বহু দেশৰ মুঠ জনসংখ্যাও তাতকৈ কম, আমাৰ দেশৰ ৬০ শতাংশতকৈ বেছি জনসংখ্যা ৩০ বছৰৰ তলৰ যুৱ, আমাৰ দেশৰ কাৰিকৰী শিক্ষাৰে শিক্ষিত লোকৰ হাৰ পৃথিবীৰ ভিতৰতে বেছি আদি…, ইয়াৰ আচল স্বৰূপটো হৈছে মই ওপৰত কৈ অহা ঘটনাটো৷ নামত ইঞ্জিনিয়াৰ হয় কিন্তু কামত সেই নামৰ অযোগ্য৷ এনেকুৱা মানুহ আৰু বহুত লগ পাইছো যিয়ে নিজকে শিক্ষিত বুলি ভাবে কিন্তু সাধাৰণতকৈ সাধাৰণ কথাবোৰো নাজানে৷ এনেকুৱা মহামূৰ্খ, অযোগ্য আৰু নকল শিক্ষিত মানুহেৰে আমাৰ সমাজ আৰু বৃত্তিগত পেছাৰ ক্ষেত্ৰখন ভৰি পৰিছে৷ অলপতে এটা বাতৰিয়ে চাঞ্চল্যৰ সৃষ্টি কৰিছে- উত্তৰ প্ৰদেশত ৩৬৮ টা পিয়নৰ পদৰ বাবে ২৩ লাখ আবেদন আহিছে আৰু তাৰে দুই লাখ বিভিন্ন বিষয়ত স্নাতক (ইঞ্জিনিয়াৰিং, বি. কম, বিএছ.চি ইত্যাদি), ২৫৫ টা ডক্টৰেট ডিগ্ৰীধাৰী আৰু বহুতো স্নাতকোত্তৰ প্ৰাৰ্থীও আছে আবেদনকাৰী সকলৰ মাজত৷ এই পদবোৰৰ কাৰণে নিম্নতম শৈক্ষিক যোগ্যতা আছিল, পঞ্চম শ্ৰেণী পাছ৷ কি এক ভয়াবহ ছবি!
মই ভাবো পিয়নৰ চাকৰিৰ বাবে আবেদন কৰা উচ্চ শিক্ষিত ব্যক্তিসকলৰ বহুসংখ্যকেই এনে ভুৱা শিক্ষিত ব্যক্তি যাৰ নামত হয়তো দিগ্ৰীৰ প্ৰমাণপত্ৰ আছে কিন্তু প্ৰকৃতাৰ্থত সেই স্তৰৰ কামৰ বাবে অযোগ্য৷ কিন্তু সকলোৰে ক্ষেত্ৰত এনে নহয়৷ দুৰ্ভাগ্য আৰু প্ৰতিযোগিতাৰ চিকাৰ হোৱা বহু যোগ্য ব্যক্তিও এনে ভিৰৰ মাজত নিশ্চয় আছে৷ জনসংখ্যা বিস্ফোৰণে এনে ৰূপ লৈছে যে শিক্ষা, যোগ্যতা, ডিগ্ৰী, অৰ্হতা, মানসিকতা ইত্যাদিৰ মুল্য শূণ্যপ্ৰায় হৈ গৈছে৷ টকা, কানেকশ্বন আৰু ভাগ্যই সকলো নিৰূপণ কৰে যেন লাগে আজিকালি৷ আমাৰ এপিএচচিৰ পৰীক্ষাক লৈ হোৱা বিতৰ্কও তাৰেই এক উদাহৰণ৷ তথাপিও ব্যক্তিগতখণ্ডত কিছু পৰিমাণে মেধাক গুৰুত্ব দিয়া আজিও দেখা যায়৷ কিন্তু তাতো ৰেফাৰেঞ্চ, ৰিকমেণ্ডেচনৰ প্ৰভাব কম নহয়৷
কেৱল শিক্ষিত বুলি লেবেল এখন লৈ ওলালেই হ’বনে? সিহত সঁচাকৈ শিক্ষিত হোৱাটো কোনে নিশ্চিত কৰিব? কলেজ খনৰ দায়িত্ব ইয়াত অতি গুৰুত্বপুৰ্ণ৷ খ্যাতনামা অনুষ্ঠানবোৰে নিজৰ ছাত্ৰক সকলো ফালৰ পৰাই উৎকৃষ্ট কৰি গঢ়িবলৈ চেষ্টা কৰে৷ তাৰ বাবে পাঠ্য বহিৰ্ভূত কাৰ্যক্ৰম, খেল ধেমালি, প্ৰতিযোগিতা আদি অনুষ্ঠিত কৰি সিহঁতক প্ৰোত্সাহিত কৰে আৰু নতুন কথা শিকা আৰু প্ৰতিযোগী মনোভাব এটা গঢ়ি তোলে৷ পুঠিগত বিদ্যাতকৈও আত্মবিশ্বাস, বুদ্ধিমত্তা(smartness), ব্যক্তিত্ব আৰু প্ৰকাশভংগী(communication skill)হে বৃত্তিগত পেছাৰ ক্ষেত্ৰখনত সফল হোৱাত সহায় কৰে যিকেইটা বস্তুৰ আজিকালিৰ তথাকথিত উচ্চশিক্ষিত যুবচামৰ মাজত অভাব দেখা যায়৷
আজিকালি অনলাইন ডিপ্ল’মা, মুক্ত বিশ্ববিদ্যালয় আৰু পাবত গঁজা অনুষ্ঠানৰ জহত অতি সহজে যিকোনো ডিগ্ৰী, চাৰ্টিফিকেট আৰু ডক্টৰেট পৰ্য্যন্ত পাব পৰা হৈছে৷ গতিকে শিক্ষিত, কাৰিকৰী শিক্ষিত আৰু উচ্চ শিক্ষিতৰ সংখ্যা বাঢ়িছে কিন্তু গুণগত মানদণ্ডৰ অধঃপতন ঘটিছে৷ এনে পৰিপ্ৰেক্ষিতত উত্তৰ প্ৰদেশৰ ঘটনাটো একো আচৰিত নহয়৷
যি যুবচামক লৈ গৌৰব কৰা হয় তাৰ এটা বৃহত অংশ আচলতে অকামিলা৷ সিহঁতে লেটেষ্ট মোবাইল আৰু ফেশ্বনৰ কথা জানে কিন্তু সাময়িক ৰাজনীতি, অৰ্থনীতি আৰু নিজৰ পাঠ্যক্ৰমৰ কথাও ভালকৈ অথবা মুঠেও নাজানে৷ মই চেন্নাইত থাকোতে দশম, দ্বাদশ আৰু স্নাতকত ৮৫% শতাংশতকৈ বেছি নম্বৰ পোৱা লৰাই ভাৰতৰ ডাঙৰ ৰাজ্যকেইখনৰ নামো নজনাত আচৰিত হৈছিলো৷ অসমতো এটামান দশক আগলৈকে মেট্ৰিকত প্ৰথম বিভাগ পোৱা ছাত্ৰক সন্মান আৰু মৰম কৰা হৈছিল, ষ্টেণ্ড কৰা লৰাক আশ্বৰ্য্যৰ দৰে চোৱা হৈছিল কাৰণ শিক্ষাৰ মানদণ্ড যথেষ্ট উচ্চ আছিল৷ ছাত্ৰ-ছাত্ৰীয়ে বানান, ব্যাকৰণ, হাতৰ আখৰ আদিত গুৰুত্ব দিছিল৷ কিন্তু এতিয়া দেখিছো সেইবোৰৰ একো মূল্য নাইকিয়া হৈ গৈছে- সকলোৱে পাছ, ৮০% মানে প্ৰথম বিভাগ পায়, ৫০% মানে ডিষ্টিংচন পায় আৰু ১০০ জন মানে ষ্টেণ্ড……কিন্তু মানদণ্ড সন্দেহৰ আৱৰ্ত্তত৷
শিক্ষিতৰ সংখ্যা বাঢ়ি গৈ আছে কিন্তু গুণগত মানদণ্ড অৱনমিত হৈ গৈ আছে৷ এয়া আমাৰ শিক্ষাব্যৱস্থাৰ এক বুনিয়াদী ভুল আৰু অসফলতা৷ নহলে ডক্টৰেট পোৱা মানুহ এজনে কোন সতে পিয়নৰ চাকৰিৰ বাবে আবেদন কৰিব? ডক্টৰেট কৰিলেই বা কিয়? অলপতে আৰু এটা ঘটনা ঘটিছিল৷ মই আই.আই.টি খড়গপুৰত এম.টেক কৰি পি.এইচ.ডি শেষ কৰা এজন লৰা আৰু আই.আই.টি দিল্লীত এম.টেক কৰি উঠা এজন ল’ৰাৰ ৰেজুমে(resume)পাইছিলো যিটো সিহঁতে মোক ই-মেইল কৰিছিল আৰু তাত লিখিছিল- মই ডিগ্ৰী সম্পুৰ্ণ কৰি ওলাইছো, যদি আপোনাৰ ওচৰত কিবা সুবিধা আছে জনাই যেন৷ মই হতভম্ব! আই.আই.টি ৰ পৰা এম.টেক আৰু ডক্টৰেট কৰা মানুহে চাকৰি বিচাৰিব লগা হৈ্ছে! কিন্তু এয়াই ৰূঢ় বাস্তবৰ ছবি৷ সিহঁতে ইয়াত সুবিধা নাপালে হয়তো মন মাৰি তল খাপৰ কিবা চাকৰি কৰিব অথবা বিদেশলৈ গুচি যাব৷
এয়া এক ভয়াবহ পৰিষ্ঠিতি৷ সোনকালেই ইয়াৰ উপচাৰ নকৰিলে, মেধা আৰু প্ৰতিভাৰ মৃত্যু হৈ থাকিব আৰু ভুৱা শিক্ষিতৰে সমাজ ভাৰাক্ৰান্ত হৈ থাকিব৷