ইতিহাস সৃষ্টি কৰা তিনিটা দিন (তিৰুজ্যোতি বৰা দাস)
ইতিহাস সৃষ্টি কৰা তিনিটা দিন
– তিৰুজ্যোতি বৰা দাস
আজি খুউব উকা উকা লাগিছে ।নিউজ লাইভ আৰু DY365-ত সুধাকণ্ঠৰ অন্তিম যাত্ৰাৰ প্ৰতিটো ক্ষণ চাই চাই অনুভব হৈছিল তেওঁ যেন কাষতে আছে । চিতাৰ জুই জ্বলি উঠাৰ সময়ত কোনে জানো তেওঁৰ ভৰিৰ ওপৰত কাঠৰ টুকুৰা এটি তুলি দিলে, বুকুখন যেন বখল খাই গৈছিল, ৰঙা ৰঙ সনা তেওঁৰ পদযুগল নোহোৱা হোৱাৰ সেই মুহূৰ্তত হুকহুকাই কান্দি উঠিলোঁ । তেওঁ কষ্ট পাইছে, কিয় দিব লাগে কাঠ, কিয় দিব লাগে সেই কাঠ । ইমান আলফুলকৈ শুই থকাৰ সময়ত, বাৰে বাৰে ইচ্ছা গৈছিল, চুব পৰা হ’লে সেই চৰণযুগল । আলোকৰ দৰেই উজ্জল সেই ব্যক্তি, দেখা পোৱা হ’লে নিচেই কাষৰ পৰা তেওঁক এবাৰ ।
জীৱনত ড০ ভূপেন হাজৰিকাদেৱৰ সান্নিধ্য কেতিয়াও ওচৰৰ পৰা পোৱা নাছিলোঁ । গুৱা্হাটী বিশ্ববিদ্যালয়ত পঢ়ি থকাৰ দিনত কেবল দূৰৰ পৰা দেখা পাইছিলোঁ তেওঁক । নির্বাচনী প্রচাৰ চলাই থকাৰ সময়ত ভূপেনদা বিশ্ববিদ্যালয়ৰ সম্মুখৰ ৰাস্তাৰে পাৰ হৈ যাব বুলি শুনি, আমি বিশ্ববিদ্যালয়ৰ মূল তোৰণৰ তলত জুম বান্ধিছিলোহি । প্ৰিয় শিল্পীজনাক এবাৰ দেখা পোৱাৰ হেঁপাহ । সৰুৰে পৰা দেখি আহিছিলোঁ মা, দেউতা, দাদা, বাইদেউৰ তেওঁৰ গীতৰ প্রতি থকা অগাধ প্রেম । তেওঁৰ গীতৰ আমিও সাধাৰণ শ্রোতা । সৰুৰে পৰা শুনাৰ বাবেই হয়তো তেওঁ আমাৰ সকলোৰে বুকুৰ গভীৰত সোমাই আছিল সংগোপনে । প্রতিটো গীতেই যেন সকলোৰে কলিজাৰ এফাল ।
এই তিনিটা দিনত দেখা পালোঁ মানুহৰ প্রেম ।লাখ লাখ জনতাৰ সোঁত ।মানুহৰ শৃংখলিত সমদলে নতুনকৈ চেতনাক জোকাৰি গ’ল ।সেই মহান আত্মাৰ প্রতি থকা অপাৰ স্নেহে অসমবাসীক আকৌ একতাৰ দোলেৰে বান্ধি থৈ গ’ল । ধন্য সেইসকল জনতা । ভাগ্যবান তেওঁলোক, গনশিল্পীজনাৰ শেষযাত্রাত তেওঁলোকে একেলগে খোজ দিব পাৰিছে ।ইতিহাস সাক্ষী হৈ ৰ’ব এই যাত্ৰাৰ । নমৰালৈকে আমি কৈ যাব পাৰিম, চাওক এইখন আমাৰ অসম দেশ, এইসকল আমাৰ অসমীয়া মানুহ ।গীতেৰে, সুৰেৰে সদায় সমন্বয়ৰ সাঁকো গঢ়িব খোজা সেই মহামানবে দেখা পোৱা হ’লে সেই দৃশ্য, ইমান মৰম, ইমান আদৰ তেওঁৰ প্রতি সকলোৰে; দেখা পোৱা হ’লে সেই দৃশ্য । বিশ্ববাসীৰ আগত অসমক চিনাকি কৰি দিয়া সেই সুধাকন্ঠই আশী চনতে লিখা “সমন্বয়ৰ সেতু গঢ়ক” শীর্ষক লেখাটো পঢ়ি বাৰে বাৰে আপ্লুত হওঁ ।গীতেৰে, কথাৰে, লিখনিৰে অসমখনক তেওঁ প্ৰীতিৰ দোলেৰে বান্ধি থৈ গ’ল ।চিনাকি কৰি থৈ গ’ল বিশ্বৰ দৰবাৰত অসমীআইক ।
গুৱাহাটীৰ পৰা মায়ে ক’লে, “ভূপেনদাক চাবলৈ ভৰলুলৈ যাওঁতে ভীৰৰ মাজত ভৰিৰ চেন্দেল চিগি গ’ল। খালী ভৰিৰেই আগুৱাই গ’লোঁ । তেওঁক আৰু দেখা নাপাওঁ, সেই আৱেগতেই বাৰে বাৰে তেওঁক চাবলৈ গৈছোঁ । জালুকবাৰীত তেওঁৰ শেষযাত্রাত বাৰিষাৰ ঢল অহাৰ দৰেই আহিছে মানুহ । চকুৰে নেদেখিলে তুমি বিশ্বাস কৰিব নোৱাৰা । ঘন্টাৰ পিছত ঘন্টা থিয় হৈ থাকিলোঁ, ভোক-পিয়াহ সকলো পাহৰিলোঁ ।পাহৰি গ’লোঁ ভৰিৰ বিষ । সকলো মানুহেই কান্দিছে । অসম উঠি আহিছে তেওঁক বিদায় জনাবৰ বাবে ।”
মৰিগাঁৱৰ ৰিমকিবাক ফোন কৰিলোঁ । তেওঁ ক’লে “মৰিগাঁৱৰ প্ৰতি ঘৰে ঘৰে ভূপেনদাৰ হৈ চাকি জ্বলাইছে মানুহে ।আমিও জ্বলাইছোঁ ।অসমৰ প্ৰতি ঠাইতে ভূপেনদাৰ হৈ নাম গাইছে, ঘোষা পাঠ কৰিছে । আমাৰ চিভিলৰ কেণ্টিনৰ ল’ৰাজনে দেউতাক ঢুকালে যেনেদৰে নিয়ম পালন কৰে তেনেদৰে নিয়ম পালন কৰিছে । কেন্টিনত অনবৰতে ভূপেনদাৰ গান লগাই থকা ল’ৰাজনে যে ভূপেনদাক ইমান ভাল পায় আমি জনাই নাছিলোঁ ।”
বান্ধৱী ডলিয়ে বর্ণনা কৰিলে জজ্ ফিল্ডত হোৱা অভাবনীয় অভিজ্ঞতা ।
ৰ’জিমাহীক ফোন কৰি সুধিছিলোঁ, ভালে আছানে ? তেওঁ ক’লে, “আমি কোনো কুশলে নাই । অসমৰ সকলো মানুহেই আজি দুখত আছে । গুৱাহাটীত এই তিনিটা দিনৰ পিছত আজি মৰিশালি যেন হৈ পৰিছে” ।
এইবছৰতে ভূপেন হাজৰিকাদেৱৰ জন্মদিবসৰ দিনা আমেৰিকাত থকা কলিকতাৰ বান্ধৱী এগৰাকীৰ লগত কথা পাতি আছিলোঁ । বান্ধৱীগৰাকীয়েও বৰ ভাল পায় ভূপেনদাৰ গান । কথাই কথাই মই ক’লোঁ তেখেত অসমৰ বুলি । মোৰ বান্ধৱীয়ে সৰলতাৰে ক’লে যে সৰুৰে পৰা তেওঁ ভূপেনদাৰ গান শুনিছে বাংলা ভাষাত, বাংলা ভাষাত কথা কোৱা শুনিছে, সভাই-সমিতিয়ে কেইবাবাৰো দেখিছে । সেয়েহে তেওঁ ভাবিছিল যে ভূপেনদা কলিকতাৰ মানুহ ।(আমি ছোটবেলা থেকে দেখছি শুনছি যে ভূপেনদা বাংলাতেই গান কৰেন, বাংলাতেই কথা বলেন । আমি অনেকবাৰ ওনাকে বাংলা সভাই দেখছি । আমাৰ ধাৰনা ছিল, উনি কলিকাতাৰ মানুহ) সঁচাই তেওঁ যে সকলোৰে মৰমৰ আছিল ।
এইকেইদিনত ভূপেনদাৰ আগতে নুশুনা বহু গীত নতুনকৈ শুনা পালোঁ ।অনুভব হ’ল তেওঁ যেন জীৱনৰ প্রতিটো পল-অনুপলৰে আগতীয়াকৈ উমান পাই গীতবোৰ ৰচি থৈ গৈছিল । নিউজ লাইভ আৰু DY365-ত বজোৱা প্রতিটো গীতেই প্ৰতি মুহূৰ্ততে ভূপেনদাৰ মৰম, দুখ, অভিমানবোৰ আমাৰ বুকুত দি থৈ গ’ল । জালুকবাৰীৰ শান্ত পৰিবেশত তেওঁ শেষ জিৰণি ল’লে । শুনিছোঁ বন্তিৰ পোহৰেৰে আৰু নামৰ শবদেৰে এতিয়াও উজলি আছে সেই পূণ্যভূমি । নহ্মত্ৰৰ দৰে উজ্জ্বল ব্যক্তিক হেৰুৱাই, আজি আমি সকলোৱে কান্দিছোঁ । কাললৈ মনত ৰৈ যাব এই দিন ।
(আৱেগৰ তাড়নাত মনত উকমুকাই থকা ভাবখিনি লিখি পেলালো । আপোনালোকে ভুলবোৰ দেখুৱাই দিব।)