ইন্-জেকশ্বনঃ পাৰ্থ পি বৰা

 

সুবিশাল সাগৰখনৰ এই পাৰে চহৰখন আৰম্ভ হৈছে আৰু সিপাৰে আকাশখন শেষ হৈছে। আকাশে জল অৰণ্যখনক য’ত চুমিছে ঠিক তাতেই নিতৌ বেলিটোৱে দোকমোকালিতেই হাঁহিমুখে দিন একোটা গজাই তোলে আৰু সন্ধিয়া ভাগৰুৱা দিনবোৰো কঁপি কঁপি তাতেই জাহ যায়। পুৱা গধূলি সেই সময়ত কুহুমীয়া ৰংবোৰে আকাশৰ পৰা নামি পানী চুই ধেমালি খেলে। মেৰিন ড্ৰাইভ নামৰ এই ঠাইখনত সাগৰখনক মুম্বাই মহাচহৰখনৰ পৰা পৃথক কৰিছে এলানি শিলে। সাগৰখনে দিনে নিশাই চহৰখনক অনেক কথা কয়, শিলবোৰেও কিজানি হাজাৰ কাহিনী বুকুতে লুকুৱায় থয়। কোনে ক’ব এয়া মৰা শিল, কোনে ক’ব হাজাৰ সদৃশ শিলৰ অৰণ্য ইয়াত কেনেকৈ গজিল..।।
বাৰখনৰ খিৰিকীৰে সাগৰখনলৈ চাই অম্লানে এনেবোৰ কথাকেই ভাৱি আছিল। অবন্তিকা আহি পাবলৈ তেতিয়াও প্ৰায় ২০ মিনিট সময় বাকী আছে। এই সময়খিনিত সাগৰখনে অম্লানক সংগ দিলে। দিনটো অফিচৰ ট্ৰেইনিঙৰ নামত কষ্ট কৰি তাৰ দেহ আৰু মনত গোট খোৱা ভাগৰখিনি সাগৰৰ পৰা বলা বতাহজাকে চলেৰে আজুৰি নিলে। মুম্বাই তাৰ চহৰ নহয়, অফিচৰ কামত কেইবা বাৰো সি মুম্বাই লৈ আহিছে যদিও চহৰখন সৈতে তাৰ এই পর্যন্ত কোনো আত্মিক সম্পর্ক এটা গঢ়ি উঠা নাই। পিছে মুম্বাইৰ এই মেৰিন ড্ৰাইভ সকলোৰে চিনাকী।
আজিৰ দৰে সন্ধিয়া এটাতেই কেইবা বছৰ ধৰি মুম্বাইত বাস কৰা অবন্তিকাক অম্লানে মুম্বাইৰ বিষয়ে কৈছিল।
-‘মুম্বাই চহৰখন কেনে..??’
-‘একটি সমুদ্ৰ মত প্ৰশস্ত, দিনেৰ ৰাতে খুব ব্যস্ত কিন্তু একাকী।‘
তাই নিজৰ বাংলা ভাষাতেই কৈছিল যে সাগৰখনৰ দৰে বিশাল, দিনে নিশাই ব্যস্ত অথচ অকলশৰীয়া।
তাইক অম্লানে বাংলাতেই সুধিছিল..
-‘ সমুদ্ৰ কেমন..??’
-‘সুন্দৰ, বিস্ময়কৰ এবং নিষ্পাপ…তোমাৰ মতোই..!!’
সাগৰখন হেনো তাৰদৰে সুন্দৰ, নিষ্পাপ..?? কি কথা কয় এই ছোৱালীজনীয়ে..!!
মাত্ৰ এবাৰ লগ পোৱা ছোৱালীজনীয়ে তাক নিষ্পাপ বুলি কেনেদৰে ভাবি ল’লে? এয়া কি সিহঁতৰ মাজত যোৱা আঢ়ৈ বছৰত টেলিফ’নিক বার্তালাপ, মেছেজৰ মাধ্যমেৰে গঢ়ি উঠা বিশ্বাস..?? আন্তৰিকতা..?? ( ভালপোৱা..??)
কলিকতাৰ ছোৱালী অবন্তিকাক অম্লানে লগ পাইছিল ২০১৬ চনৰ ৰাষ্ট্ৰীয় চলচ্ছিত্ৰ মহোৎসৱত কৌশিক গাংগুলীৰ ‘চিনেমাৱালা’ নামৰ ছবিখনৰ এটি বিশেষ প্ৰদর্শনীত। লেখামেলাৰ লগত পোনপতীয়াকৈ অম্লানৰ কোনো সম্পর্ক নাই যদিও সি আনৰ লেখা পঢ়ি আৰু চিনেমা চাই খুব ভাল পায়। সকলো ভাষাৰে ছবি অম্লানে উপভোগ কৰি নিজৰ ধৰণেৰে কথাবোৰ চিন্তা চর্চা কৰে। সুলেখিকা অবন্তিকাই নিজৰ ব্লগত লেখাবোৰ প্ৰকাশ কৰাৰ পূর্বে প্ৰায়েই অম্লানক মেইলত পঠায়। তাৰ মতামত তাইৰ বাবে যথেষ্ট গুৰুত্বপূর্ণ। বাংলা ভাষা অম্লানে জানে কাৰণে অবন্তিকাও এদিন তাক কথা দিছিল যে তাই অসমীয়া শিকিব। অসমৰ কথা বতৰা, প্ৰাকৃতিক সৌন্দর্য্যৰ সোৱাদ ল’বলৈ অম্লানৰ লগত তাই অসমলৈ যাব আৰু সেইবোৰ কথা লৈ তাই উপন্যাস এখন লিখিব। তাইৰ আগ্ৰহ দেখি অম্লানৰ খুব ভাল লাগিছিল। মাজে মাজে ফ’নৰ বার্তালাপ বা চ্চাটিংত সি তাইক অসমীয়াত কথা ক’বলৈ শিকায়। বাংলাৰ সৈতে যথেষ্ট সাদৃশ্য থকাৰ বাবে আজিকালি তাই অসমীয়া ভালেখিনি বুজি পোৱা হৈছে। সাধাৰণতে সিহঁতৰ মাজত কথাবতৰা বাংলা, হিন্দী আৰু ইংৰাজীতে হয় যদিও দিনে দিনে আজিকালি অসমীয়াটো দুই এষাৰ কথা পতা হয়।
অবন্তিকাৰ বাবে আজি অম্লানক লগ পোৱাটো অতি গুৰুত্বপূর্ণ। আজি তাই লেখাৰ কথা নহয়, জীৱনৰ এটা গুৰুত্বপূর্ণ সিদ্ধান্তৰ কথা অম্লানক ক’বলৈ আহিছে।
‘হেই… কি খবৰ..??’
তাই দুটি শব্দ কৈ হাঁহি মুখেৰে অম্লানক আকোঁৱালি ল’লে। সদায় ফ’নত কথাপাতি, চ্চাট কৰি থকা মানুহজনীক বহুদিনৰ মূৰত কাষতে পাই অম্লানৰো খুব বেছি ভাল লাগিল।
-‘আই এম ৰাইট না??’
নিজৰ অসমীয়া বাক্যটোৰ সম্পর্কে তাই সুধিলে।
-‘ ইয়েছ..ইউ আৰ ৰাইট ডিয়েৰ।‘
-‘ শ্ব’ হাও ইজ ইয়ৰ ট্ৰেইনিং গ’য়িং অন..?’
-‘ হেক্টিক…!!’
-‘ তোমাৰ জীৱনৰ কথা কোৱা..??’
-‘জীৱন….!!’
মাত্ৰ এটা শব্দ উচ্চাৰণ কৰিয়ে উত্তৰ দিলে অবন্তিকাই।
মহিলাৰ পোছাকৰ সম্পর্কে অম্লানৰ জ্ঞান অতি সীমিত গতিকে অবন্তিকাৰ পোছাকযোৰৰ নাম কি অম্লানে ধৰিব নোৱাৰিলে। কিন্ত তাৰ তাইৰ পোছাকযোৰ খুব ভাল লাগিল। তাইৰ কাণৰ ঝুমকাযোৰৰ চঞ্চলতাখিনি অম্লানে তাইৰ অজ্ঞাতেই লুকাই লুকাই উপভোগ কৰিলে।
অবন্তিকাৰ কথাবোৰ অতি ব্যক্তিগত আৰু গোপন হোৱাৰ বাবে সিহঁতে বাৰখনৰ বেলকনিৰ আছুতীয়া টেবুলখন অধিকাৰ কৰি বহিলে। অম্লানৰ ছিগাৰেটো ইতিমধ্যে শেষ হৈছিল গতিকে দুয়ো নিজৰ নিজৰ বাবে একোটাকৈ ছিগাৰেট জ্বলালে।

‘ তুমি দেখতে খুব সুন্দৰ অবন্তিকা।’
‘হা: হা:হা:…!!’
তাই হাঁহিটো সুখত মাৰিলে নে তাৰ কথাখিনি উপলুঙা কৰিবলৈ মাৰিলে সি ধৰিব নোৱাৰিলে। পিছে সি আজিৰ এই সুন্দৰ আলোসজ্জাৰে সজ্জিত বাৰখনত সন্মুখত তাৰ সকলোতকৈ প্ৰিয় সাগৰখন আৰু অবন্তিকাক লৈ অন্তত কথাবোৰ নেতিবাচক কৈ নাভাবে। সি কেৱল অবন্তিকাই তাক আজি ক’ব লগা কথাটোৰ বিষয়েহে ভাবিছে। দুয়ো হোৱাইট ৱাইন অর্ডাৰ কৰিলে।
প্ৰথমবাৰ এটা চাৱনিৰে, দ্বিতীয়বাৰ এটা হাঁহিৰে আমাৰ মনোযোগ আর্কষণ কৰিবলৈ ব্যর্থ চেষ্টা চলাই অৱশেষত তৃতীয়টো চেষ্টাৰূপে হাতত মেনুখনলৈ ৱেটাৰজনে আমি আমাক মাত লগালে,
-‘আপোনালোক বাৰু অসমৰ নেকি?’
-‘হয় ।’
অম্লানৰ হঠাতে অসন্তুষ্টিৰ ভাৱ এটা মনলৈ আহিল। তাৰ কাৰণ এই অনাকাংক্ষিত অসমীয়া ব্যক্তিজন। অন্য দিনৰ কথা বেলেগ যদিও আজি অম্লানৰ বাবে আশেপাশে এজন অসমীয়া ভাষী লোকৰ উপস্থিতি তিলমাত্ৰো কাম্য নাছিল। কিছুসময় দুয়ো নিৰৱে থাকিল।
কথকী ৱেটাৰজনে যেন সিহঁতৰ সেইখিনি নিৰৱতাও সহ্য কৰিব নোৱাৰিলে। পুনৰ নিজে ক’বলৈ আৰম্ভ কৰিলে।
-‘মই তেজপুৰৰ, তিনিবছৰ হ’ল ইয়াতে থকা।’
-‘হয় নেকি..!!’ ধৰণৰ হাঁহি এটাৰে অবন্তিকাই তেওঁক বিদায় দি পুনৰ ছিগাৰেট এটা জ্বলালে। অবন্তিকাই ধুমপান কৰাটো মই নিবিচাৰোঁ যদিও তাই চিগাৰেট হোঁপাৰ ভংগীমাটো মই পুৰামাত্ৰায়েই উপভোগ কৰিব বিচাৰোঁ। এই যেন তাই মূহুর্ততে হুপি শেষ কৰি পেলাব তাইৰ জীৱনৰ সকলো অৱসাদ।
সাগৰখন ইতিমধ্যে অন্ধকাৰত বুৰ গৈছে। বুকুত হাজাৰ বিজুলী বাতিৰ টোপাল টোপাল পোহৰ লৈ চহৰখন ক্ৰমে উজ্জলি উঠিছে। পথত অবিৰতভাৱে যানবাহনৰ চলাচল। ৱাইনৰ গ্লাছটো হাতেৰে মৃদুভাৱে লৰাই লৰাই সাগৰখনৰ ফালে চাই অবন্তিকাই কথাবোৰ কৈ গ’ল..
“I am lost men.. I don’t know where I am, what I am doing. I just feel like nowhere…!!”
অম্লানে তাইক কিবা ক’বলৈ পোৱাৰ আগেয়েই ৱেটাৰজনে মাজতে তপৰাই মাত লগালে,
” আৰু কিবা দিম নেকি নেকি চাৰ? মাজে মাজে এনেকৈ অসমীয়া মানুহ লগ পালে ভাল লাগে।”
তেওঁ এই ধৰণৰ কথাৰে আমাৰ লগত কথা পাতিবলৈ চেষ্টা অব্যাহত ৰাখিলে। অবন্তিকাৰ মুগা বৰণীয়া আৰু আকাৰত সামান্য সৰু চকুযুৰি আৰু সেই চকুযুৰিৰ শিতানত বৈ থকা উজ্জ্বল চেলাউৰি হাললৈ উজাই অহা অম্লানৰ চাৱনি আৰু মৰমবোৰ খন্তেকৰ বাবে হ’লেও মানুহজনৰ উপস্থিতিয়ে কক্ষচ্যুত কৰিলে। তেওঁৰ সৈতে কথা নাপাতিলেও আমি ইতিমধ্যে বুজি উঠিছিলো যে তেওঁ আমাৰ পৰা কিবা অলপ আশা কৰিয়েই বাৰে বাৰে এনেকৈ আমাৰ ওচৰলৈ আহি আছে। অসমৰ বাহিৰত বহু অসমীয়া কর্মচাৰী, দোকানীৰ সৈতে কেবাবাৰো হোৱা বেয়া অভিজ্ঞতাই অম্লানক অসমীয়া কর্মচাৰীসকলক অৱজ্ঞা কৰিবলৈ শিকাইছে।
” টকা কেইটামান ইয়াক নিদিলে আজি আমাক ই শান্তি নিদিয়ে বুজিছা” খঙতে অম্লানে ক’লে।
বতাহ লাগি অধিক বিশৃংখল হৈ বাৰে বাৰে গালে মুখে খহি পৰা চুলিখিনিক হাতেৰে সংযম কৰি অবন্তিকাই ক’লে
“দিম কিবা অলপ। সকলোৱেই আশা কৰে।’‘

(গল্প বিৰতি- আজি অবন্তীকাই অম্লানক কোৱা তাইৰ জীৱনৰ অতি গুৰুত্বপূর্ণ সিদ্ধান্তটো গোপনীয়তা বাহাল ৰখাৰ খাতিৰত গল্পৰ পৰা বাদ দিলে গল্পটোৰ বাকীচোৱা হ’বগৈ এনেধৰণৰ……)
অম্লান আৰু অবন্তিকাই নিশাৰ আহাৰ গ্ৰহণ কৰি বাৰখনৰ পৰা উঠিবলৈ লোৱাৰ আগেয়ে ৱেটাৰজনে তেওঁলোকৰ সন্দেহক বিশ্বাসলৈ পৰিণত কৰি ক’লেহি,
“দাদা, আপোনালোকে বিলৰ পইচা কাউণ্টাৰত দিব নালাগে। মোৰ হাততেই দিয়কচোন।”
এনে দুষ্ট প্ৰকৃতিৰ লোকৰ সৈতে এনে পৰিস্থিতিত অম্লানে আগয়েও পৰিছে যদিও এগৰাকী অনা অসমীয়া যুৱতীৰ সন্মুখত আজি সি কোনো ধৰণৰ বিশেষ প্ৰতিক্ৰিয়া নকৰিলে। আজি বিলৰ পইচা কেইটকা মান যে হেৰফেৰ হ’বই সেয়া জানিও উপায় নাই বুলি নোট কেইখন অসমীয়া ৱেটাৰজনৰ হাততেই গুজি বিদায় দিলে। তেওঁ তিনি মিনিটমান পাছত হাতত বিলখনৰ খামটো আৰু মুখত অসমীয়া মার্কাৰ হাঁহিটো লৈ বিনয়েৰে আহি অবন্তিকাৰ সন্মুখত টেবুলত থ’লে। তেওঁ অম্লানক বেলকনিৰ একাষলৈ মাতি আনি ওচৰ চাপি ফুচফুচাই তেওঁৰ আচল উদ্দেশ্যটো ক’লে..
“দাদা, আজি আপোনালোক প্ৰথমবাৰ আহিছে কাৰণে বৰ বেছি এডজাষ্ট কৰিব নোৱাৰিলোঁ। মোৰ ফালৰপৰা দুশ টকা এটা কমাই বিলখন বনালোঁ। মাজে মাজে আহি থাকিব দেই। মই থাকিমেই নহয়। হা: হা: হা:..!!”
অসমীয়া ৱেটাৰজনক এইমূর্হুতত কথা ক’বলৈ অম্লানে শব্দ বিচাৰি নাপালে। সি সিহঁত বহা বেলকনিৰ চুকটোত বহি থকা অবন্তিকালৈ চালে। তাই এইমূর্হুতত কিমান টকা অসমীয়া ৱেটাৰজনে নিজৰ বাবে ৰাখিলে সেয়া জানিবলৈ সম্পূর্ণ মনোযোগেৰে ৱেটাৰজনে ঘূৰাই দিয়া নোটকেইখন হিচাপ কৰাত ব্যস্ত।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!