ইমৰটেল ইৰফান – বিকাশ দত্ত
১৯৮৮ চনত মীৰা নায়াৰৰ ছবি “চালাম বম্বে” (Salaam Bombay) মুক্তি পাইছিল। ১৯৫৭ৰ “মাদাৰ ইণ্ডিয়া” (Mother India)ৰ পিছত এইখনেই আছিল ভাৰতীয় ছবি যিয়ে অস্কাৰৰ বাবে নিৰ্বাচিত হৈছিল। সমগ্ৰ বিশ্বত নিজৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰা “Salaam Bombay” ছবিখনত এটা সৰু চৰিত্ৰত অভিনয় কৰা খীণ অভিনেতা এজনে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। ৰাস্তাৰ কাষত বহি আনৰ বাবে চিঠি লিখা সেই চৰিত্ৰটোৰ কেৱল দুটা সংলাপহে আছিল,-
“বচ বচ, দচ লাইন হৌ গয়া, আগে লিখনা হে তৌ ৫০ পেইচা অঔৰ লগেগা।”
এই অভিনেতাজনেই আছিল ইৰফান খান।
দৰ্শকে চালে, আৰু পাঁহৰি গ’ল। হয়তো তেওঁলোকে জনা নাছিল এই অভিনেতাজনেই পিছলৈ ভাৰতৰ লগতে সমগ্ৰ বিশ্বতেই নিজকে প্ৰতিষ্ঠা কৰিব এগৰাকী শক্তিশালী অভিনেতা হিচাপে।
ৰাজস্থানৰ জয়পুৰৰ এটা সৰু এলেকাত জন্মলাভ কৰা ইৰফান খানৰ পিতৃ য়াছিন আলি খান এগৰাকী গাড়ীৰ টায়াৰৰ ব্যৱসায়ী আছিল। সৰুৰে পৰাই অভিনয়ৰ প্ৰতি আকৃষ্ট ইৰফান খান কলেজীয়া জীৱনত এগৰাকী ভাল ক্ৰিকেট খেলুৱৈও আছিল। ৰাজ্যসভা টিভিত দিয়া এক আঁচুতীয়া সাক্ষাৎকাৰত তেওঁ কৈছিল যে মিথুন চক্ৰৱৰ্তীৰ “মৃগয়া” (Mrigaya) ছবিখন চাই কোনোবা এজন বন্ধুৱে তেওঁক কয় যে তেওঁ দেখাত মিথুন দাৰ দৰে। তাৰ পিছতেই হেনো তেওঁ মিথুনৰ দৰে চুলিৰ কাট, চাল চলন আদি কৰিবলৈ লয় আৰু অনুভৱ কৰিবলৈ লৈছিল যেন তেওঁৰ ভিতৰৰপৰা নিজৰ মনে কৈ আছিল অভিনয় কৰাৰ কথা। পৰৱৰ্তী সময়ত তেওঁ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ত অভিনয়ৰ আদিপাঠ গ্ৰহণ কৰে।
ইৰফান খান বলিউদৰ এনে এজন অভিনেতা আছিল যিয়ে দৰ্শকৰ সৈতে নিজৰ সংযোগ ঘটাব পাৰিছিল। নিজৰ অগতানুগতিক কথনশৈলী হওক, চকুৰ জৰিয়তে ব্যাখ্যা কৰা নিজৰ সংলাপবোৰেই হওক বা অতি ক্ষীপ্ৰতাৰে পালন কৰা অভিনয়ৰ দায়িত্বই হওক, প্ৰতিখন ছবিত ৰূপায়ণ কৰা চৰিত্ৰসমূহৰ জৰিয়তে তেওঁ দৰ্শকক মোহিত কৰিবলৈ সক্ষম হৈছিল।
২০০১ চনত আছিফ কাপাড়িয়া পৰিচালিত ব্ৰিটিছ ছবি “দি ৱাৰিয়’ৰ”(The Warrior)ৰ জৰিয়তে তেওঁ প্ৰথমখন আন্তৰাষ্ট্ৰীয় ছবিজগতত ভৰি দিয়ে। ইয়াৰ পিছত টিগমাংশু ধুলীয়াৰ “হাচিল” (Hasil), কবীৰ খানৰ “নিউ য়ৰ্ক”(New York)ৰপৰা হলিউদৰ এং লীৰ “লাইফ অৱ পাই” (Life of Pi), ডেনী বয়েলৰ “শ্লামডগ মিলিঅ’নিয়াৰ” (Slumdog Millionaire) আৰু ৰ’ন হাৱাৰ্ডৰ “ইনফাৰ্ণো”(Inferno)লৈকে এই আটাইবোৰ ছবিতেই তেওঁ নিজৰ অভিনয়ৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰে।
উল্লেখযোগ্য যে বলিউডৰ বিখ্যাত তিনি খানৰ জনপ্ৰিয়তাৰ মাজতেই ইৰফান খানে কেৱল নিজৰ প্ৰতিভাৰদ্বাৰাই অভিনয় ক্ষেত্ৰত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছিল।
ইৰফান খানৰ অভিনয়ত আমি এক অগতানুগতিক ভাৱধাৰা দেখিবলৈ পাওঁ। নিজৰ অভিনয় জীৱনত ৰোমাণ্টিক হিৰো’ৰপৰা চম্বলৰ ডাকু পান সিং টোমৰলৈ, বিভিন্ন ধৰণৰ অভিনয়তেই তেওঁ অদ্বিতীয়। টিগমাংশু ধুলীয়াৰ ২০১২ৰ ছবি “পান সিং টোমাৰ”(Paan Singh Tomar)ৰ মূল চৰিত্ৰত অভিনয় কৰে ইৰফানে। উক্ত ছবিখনত চিষ্টেমৰ বিৰুদ্ধে বন্দুক উঠাই ল’বলৈ বাধ্য হোৱা সেই সাধাৰণ তথা সমাজ আৰু ৰাজনীতিৰদ্বাৰা অৱদমিত এগৰাকী ৰাষ্ট্ৰীয় খেলুৱৈৰপৰা ডাকুলৈ ৰূপান্তৰিত হোৱা যি এক পৰিক্ৰমা, তাক অতি সুন্দৰভাৱে ৰূপালী পৰ্দাত উপস্থাপন কৰে ইৰফানে। ছবিখনৰ এটা সংলাপ “বিহড় মে বাগী মিলতে হে, ডাকেইট মিলতে হে পাৰলিয়ামেন্ট মে”ৰ জৰিয়তে যেন ইৰফানৰ সেই চৰিত্ৰটোৱে ক’ব খোজে, সমাজত সকলো সমান। দৰ্শকৰ লগত এনেদৰে সংযোগ ঘটাব পৰা ইৰফান খান আছিল সেইবাবেই ব্যতিক্ৰম। উক্ত ছবিখনৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।
ঠিক একেদৰে বিশাল ভৰদ্বাজৰ “হাইদৰ”(Haider)ত থকা ৰুহদাৰৰ চৰিত্ৰটো, যিটো ক’বলৈ গ’লে এটা ভূতৰ চৰিত্ৰ আছিল। তাত তেওঁ কয়,- “জেলম ভি মে চিনাৰ ভি মে, শ্বিয়া ভি মে ছুন্নী ভি মে!” উক্ত সংলাপটো হয়তো কোনেও ইৰফান খানৰ বাহিৰে ইমান সুন্দৰকৈ আৰু দৰ্শকৰ মনত সাঁচ বহুৱাই থৈ যোৱাকৈ উপস্থাপন কৰিব নোৱাৰে। আকৌ “মকবুল”(Maqbool)ত কৰা তেওঁৰ শ্ৰেষ্ঠ অভিনয়ৰ কথা কোনে পাঁহৰিব পাৰে! একেদৰে সুজিত চিৰকাৰৰ “পিকু”(Piku) বা “হিন্দী মিডিয়াম”(Hindi Medium)খনকেই চাওক। এজন কমেডি হিৰো’ হিচাপেও ইৰফান খান আছিল অদ্বিতীয়। সঞ্জয় গুপ্তাৰ “জজবা”(Jazbaa)ত শেষৰ ফালে কোৱা সেই সংলাপটো “মোহব্বত হে ইছিলিয়ে জানে দিয়া, জিদ হৌতী তৌ বাহৌ মে হৌতী”, বিষণ্ণ চকু আৰু মুখত খীণ হাঁহিটোৰে যেতিয়া তেওঁ কৈ যায়, তেতিয়া যেন চিনেমাহলত বহি থকা দৰ্শকে জানে, যে এই চৰিত্ৰটো আন কোনো অভিনেতাই ইৰফান খানৰ দৰে ৰূপায়ণ কৰিব নোৱাৰে। ইৰফানে দৰ্শকক আশ্বাস দিব পাৰিছিল তেওঁৰ অভিনয়ৰ জৰিয়তে যে এই ছবিখন ভাল।
“মকবুল”, “হাচিল” আদি চিনেমাত অভিনয় কৰাৰ পাছত বলিউদে তেওঁক কেৱল নঞৰ্থক চৰিত্ৰতেই অভিনয় কৰাই আছিল যদিও তেওঁ কেতিয়াও নিজক সলনি হ’বলৈ দিয়া নাছিল। “দি লান্সবক্স” (The Lunchbox)ত কৰা ছাজন ফাৰ্ণাণ্ডেজৰ চৰিত্ৰটোৰ দৰে হয়তো ৰোমাণ্টিক চৰিত্ৰ আমি আৰু বিচাৰি নাপাম। এটা টিফিন আৰু তাৰ ভিতৰত অহা কেইখনমান চিঠিৰ জৰিয়তে কৰা প্ৰেমালাপ! এনেদৰেই একোটা সাধাৰণ কাহিনী আৰু চিত্ৰনাট্যকো সাৱলীলভাৱে তেওঁ ৰূপালী পৰ্দাত বিশ্বাসযোগ্যভাৱে উপস্থাপন কৰিবলৈ সক্ষম হৈছিল। ছবিখন কাঁ চলচ্চিত্ৰ মহোৎসৱতো প্ৰদৰ্শিত হৈছিল।
নিজৰ চলচ্চিত্ৰ জীৱনত এই সফলতা ইমান সহজ নাছিল ইৰফানৰ বাবে।
টেলিভিছনত সৰু সৰু চৰিত্ৰত অভিনয় কৰাৰ বাহিৰে প্ৰথমাৱস্থাত তেওঁ বিশেষ একো লাভ কৰা নাছিল।
“ভাৰত এক খৌজ”, “এক ডাক্তৰ কী মৌত”, “লাল ঘাচ পে নীলে ঘৌৰে”, “কেহকাঁছা” আদি টেলিভিছনৰ চিৰিয়েলত তেওঁ সৰু সৰু চৰিত্ৰত অভিনয় কৰিছিল। তদুপৰি চাৰুকমল হাজৰিকা পৰিচালিত মৃত্যুঞ্জয়তো তেওঁ অভিনয় কৰিছিল। টেলিভিছনত যদিও তেওঁৰ মুখ চিনাকি হৈছিল, তথাপি যেন ইৰফান খানক কোনেও নামেৰে সৈতে চিনি পোৱা নাছিল। শেষত দূৰদৰ্শনৰ “চন্দ্ৰকান্তা”ত কৰা বদ্ৰীনাথৰ চৰিত্ৰটোৰ জৰিয়তে টেলিভিছনৰ এটা চিনাকি নামত পৰিণত হয় ইৰফান খান। কিন্তু তেতিয়াও ছবিজগতত ইৰফান খানৰ নাম ভালদৰে সংযোজিত হোৱা নাছিল।
অৱশেষত তেওঁৰ অভিনয়ক চিনি পাইছিল আছিফ কাপাড়িয়াই। সেইবাবেই “The Warrior” আছিল তেওঁৰ জীৱনৰ প্ৰথমখন ছবি য’ত মূল চৰিত্ৰত অভিনয় কৰিছিল ইৰফানে। ছবিখন বাফটা বঁটালৈ মনোনীতও হৈছিল।
লণ্ডনত থাকোঁতে বিবিচিক তেওঁ এটা সাক্ষাৎকাৰ দিছিল। প্ৰশ্নসমূহৰ উত্তৰত তেওঁ কৈছিল যে “জীৱনত ভুল-শুদ্ধৰ মাজেৰে গতি কৰিবই লাগিব, নহ’লে শিকিবলৈ কি নো থাকিব! শ্লামডগ মিলিঅ’নিয়াৰত কৰা মোৰ চৰিত্ৰটো ইমান ডাঙৰ চৰিত্ৰ নহয়। কিন্তু মই কৰিছিলোঁ কাৰণ এই চৰিত্ৰটোৰ জৰিয়তে মোৰ শিকিবলৈ বহুত আছিল।”
এনেকুৱাই আছিল ইৰফান খান। আন এটা সাক্ষাৎকাৰত তেওঁ কৈছিল যে “The Lunchbox”ৰ বাবে ক্ৰিষ্টোফাৰ ন’লানৰ “ইণ্টাৰষ্টেলাৰ”(Interstellar) ছবিত তেওঁ অভিনয় নকৰিলে। একেদৰে তেওঁ কৈছিল যে, ১৯৯৩ত যেতিয়া ষ্টিভেন স্পিলবাৰ্গৰ “জুৰাচিক পাৰ্ক”(Jurrasic Park) ৰিলিজ হয় তেতিয়া চিনেমাহলত সেই ছবিখন চাবলৈ তেওঁৰ পৰ্যাপ্ত ধন নাছিল। আৰু ২২ বছৰ পিছত কলীন ট্ৰেভেৰ’ৰ “জুৰাচিক ৱৰ্ল্ড”(Jurrasic World)ৰ এটা মূল চৰিত্ৰত তেওঁ অভিনয় কৰে। ইয়াৰ জৰিয়তেই গম পোৱা যায় যে পৰিশ্ৰম আৰু প্ৰতিভাই মানুহ এজনক কিমান সফল কৰিব পাৰে।
ভাৰতৰ লগতে আন্তৰাষ্ট্ৰীয় ছবিজগতত ইৰফান খানৰ শ্ৰেষ্ঠত্ব সম্পৰ্কে আমি আছিম চাব্ৰাৰ গ্ৰন্থ “Irrfan Khan: The Man The Dreamer”ৰপৰাও জানিব পাৰোঁ।
কিতাপখনত এটা সৰু স্মৃতিৰ কথা উল্লেখ আছে। নিউয়ৰ্কৰ এখন ৰেষ্টুৰেণ্টত এদিন ইৰফান বহি আছিল। কফিৰ মাজে মাজে লগতে থকা কিতাপখন পঢ়ি থাকোঁতে হঠাৎ তেওঁৰ চকু পৰে সন্মুখৰ টেবুলখনত। তাত বহি আছিল হলিউদৰ বিখ্যাত তথা অস্কাৰ মনোনীত মাৰ্ক ৰুফেলো। “The Kids Are All Right”ৰপৰা “The Avengers”ৰ হাল্কৰ চৰিত্ৰত অভিনয় কৰা মাৰ্কক দেখি ইৰফান অলপ অসহজ হয়, কাৰণ ইৰফানৰ তুলনাত মাৰ্কৰ স্থান আছিল বহুত ওপৰত। কিন্তু আচৰিত ধৰণে মাৰ্ক ৰুফেলো নিজৰ টেবুলৰ পৰা উঠি আহে! ইৰফানৰ সৈতে নিজেই চিনাকি হৈ কৈছিল,- “মই আপোনাক চিনি পাইছোঁ, Slumdogত আপোনাৰ অভিনয় খুবেই ভাল লাগিছিল।”
ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় (NSD)ত পঢ়ি থাকোঁতে ইৰফানে মীৰা নায়াৰৰ “Salaam Bombay”ত এটা ডাঙৰ চৰিত্ৰ লাভ কৰিছিল। কিন্তু ছুটিঙৰ দুদিন আগত তেওঁক উক্ত চৰিত্ৰটোৰ পৰা অব্যাহতি দি অন্য এটা সৰু চৰিত্ৰহে দিয়া হয়। বিবিচিক দিয়া এক আঁচুতীয়া সাক্ষাৎকাৰত তেওঁ জনাইছিল যে সেইদিনা ৰাতি তেওঁ খুব কান্দিছিল। সেইবাবেই ১৮ বছৰ পাছত মীৰা নায়াৰে তেওঁক প্ৰদান কৰে এটা মুখ্য চৰিত্ৰ, “দি নেমচেক”(The Nameshake)ত। ছবিখনত কৰা অশোক গাংগুলিৰ চৰিত্ৰটোৰ অভিনয় চাই প্ৰখ্যাত অভিনেত্ৰী শৰ্মিলা ঠাকুৰে ইৰফানক ফোন কৰি জনাইছিল,- “তোমাৰ পিতৃ-মাতৃক ধন্যবাদ বুলি ক’বা যে তেওঁলোকে তোমাক জন্ম দিছে।”
যোৱা ২৯ এপ্ৰিলত দীৰ্ঘদিনীয়া চিকিৎসাৰ অন্তত এই প্ৰতিভাশালী অভিনেতাজনৰ বিয়োগ ঘটে। তাতোকৈ মৰ্মান্তিক যে তিনিদিনৰ আগত তেখেতৰ মাতৃৰো মৃত্যু ঘটে।
ইৰফান খানে আমাক এটা কথা শিকায় যায় যে, অভিনেতাৰ কাম কেৱল অভিনয় কৰি জনপ্ৰিয়তা লাভ কৰাই নহয়, অভিনেতাৰ কাম হ’ল দৰ্শকৰ মনত সাঁচ বহুৱাই যোৱা। তদুপৰি সফলতাৰ মূল ছাবি-কাঠিয়েই হ’ল পৰিশ্ৰম। ইৰফান খানৰ দৰে অভিনেতা হয়তো বলিউদে পিছলৈ কেতিয়াও নাপাব!
“Life of Pi” ত তেওঁ পাই পটেলৰ চৰিত্ৰত অভিনয় কৰিছিল। উক্ত ছবিখনত এটা সংলাপ আছিল,-
“I suppose in the end, the whole of life becomes an act of letting go, but what always hurts the most is not taking a moment to say goodbye.”
সেয়েহে আমি ক’ব খোজোঁ,
“Goodbye Irrfan and thank you for everything, প্ৰতিজন সাধাৰণ মানুহকেই প্ৰতিনিধিত্ব কৰা, সফলতাৰ পিছতো সাধাৰণ জীৱন-যাপন কৰিবলৈ আৰু জীৱনৰ মূল্যবোধ কি তাক অতি সুন্দৰভাৱে বুজাই থৈ যোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ।