ৰহঘৰা

ইয়াত ভাত পোৱা নাযায় – অশোক কুমাৰ নাথ

মানুহজন আহি হোটেলখনৰ সমুখতে ৰ’লহি। হোটেলখনৰ বাহিৰত ছাইনবোৰ্ড এখনত লিখা আছে : ইয়াত ভাত পোৱা নাযায়।

মানুহজন চুচুক-চামাককৈ হোটেলখনৰ ভিতৰলৈ সোমাই গ’ল। হোটেলৰ মালিকক উদ্দেশ্যি ক’লে– “হেৰি ডাঙৰীয়া, আপুনি হোটেলৰ বাহিৰত লিখি থৈছে ‘ইয়াত ভাত পোৱা নাযায়’, কিন্তু ভিতৰতচোন মানুহে খকাখক ভাতকেই খাই আছে! কথাটো কি মানে ?”

মালিকে ঘোপাকৈ মানুহজনলৈ চাই পঠিয়ালে আৰু তাৰ পিছত ক’লে– “প্ৰথমে ছাইনবোৰ্ডখনত ময়ো ‘ইয়াত ভাত পোৱা যায়’ বুলিয়েই লিখিছিলোঁ। কিন্তু ভাত খোৱা মানুহৰ উৎপাত ইমানেই বাঢ়িল যে এবছৰমান ঘৰৰ ওপৰত মানে হোটেলৰ টিনপাতৰ ওপৰতো কঠ পাৰি কাষ্টমাৰক ভাত খোৱাবলগীয়া হৈছিল। সেয়েহে উপায় নাপাই ছাইনবোৰ্ডখনত ‘ইয়াত ভাত পোৱা নাযায়’ বুলি লিখি দিলোঁ। তেতিয়াৰ পৰা অন্ততঃ টিনপাতৰ ওপৰত ভাত খোৱাবলগীয়া পৰিস্থিতি উদ্ভৱ হোৱা নাই। আপুনি পিছে কি সকামত আহিলনো ?”

“ময়ো ভাত খাবলৈকে আহিছিলোঁ। কিন্তু আসনচোন এখনো খালী নাই ?

মালিকে তপৰাই ক’লে– “টিনপাতৰ ওপৰতে ব্যৱস্থা কৰিম নেকি ? যদি তলতে খাব বিচাৰিছে তেন্তে আৰু এঘণ্টামান অপেক্ষা কৰিব লাগিব!

মানুহজন খন্তেক ৰ’ল। তেওঁ কিবা এটা ভাবিলে। তাৰ পিছত ক’লে– “এনে কি বিশেষত্ব আছে আপোনাৰ হোটেলৰ, যাৰ বাবে ইমান ভাত খোৱা মানুহৰ ভিৰ ?”

মালিকে গহীনাই ক’লে– “এয়া পিটিকাৰ মাহাত্ম্য বুইছে! ইয়াত কাষ্টমাৰক ভাত আৰু আঞ্জাৰ সৈতে কেৱল পিটিকা খোওঁৱা হয়। বেলেগ একো ভাজি-চবজিৰ ব্যৱস্থা নাই। খৰিৰ জুইৰ আঙঠাত পুৰি আমি যিকোনো পিটিকা প্ৰস্তুত কৰোঁ। যি পিটিকাই খাবলৈ খোজে, সেই পিটিকাই পোৱা যায় আমাৰ হোটেলত। যেনে– আলু পিটিকা, বেঙেনা পিটিকা, বিলাহী পিটিকা, ভাত-কেৰেলা পিটিকা, কচুগুটি পিটিকা, কণী পিটিকা, মাছ পিটিকা, মাংস পিটিকা,…”

“বাঃ! সুন্দৰ!! আৰু ইয়াত এইবোৰ কি ৰঙা ৰঙা ?” — মানুহজনৰ অনুসন্ধিৎসু প্ৰশ্ন।

মালিকে তপৰাই উত্তৰ দিলে– “এয়া খুন্দা তামোল। আমাৰ আইতা-ককাসকলে খায় যে– সেই খুন্দা তামোলৰ প্ৰতি সকলোৰে আকৰ্ষণ আছে দিয়কচোন! সৌ আইতা দুগৰাকীয়ে খুন্দনাত সেয়া তামোল খুন্দিয়েই আছে চাওক। এনে চাৰিগৰাকী আইতাক ম‌ই তামোল খুন্দিবলৈকে মাহিলি দৰমহা দি ৰাখিছোঁ। কাৰণ তেখেতসকলেহে বুজিব— খুন্দা-তামোলৰ জোখ! সেয়া তেওঁলোকৰ চাকৰিয়েই— তামোল-খুন্দা চাকৰি! এই চাকৰিৰ বাবে ম‌ই ইণ্টাৰভিয়ো পাতিছিলোঁ! প্ৰায় ৫০গৰাকী আইতাই ইণ্টাৰভিউ দিবলৈ আহিছিল। তাৰ পৰা চাৰিগৰাকী আইতাক বাছনি কৰিলোঁ।

মানুহজনৰ মুখত হাঁহি আৰু সন্তুষ্টিৰ আভা। তেওঁ পুনৰ সুধিলে– “আৰু সৌ মানুহ দুজনে সেয়া কি কৰিছে ?”

মালিকে মোলায়েম হাঁহি এটা মাৰি ক’লে— “ভাত খাই উঠাৰ পিছত কাষ্টমাৰসকলে মুখত এই খুন্দা-তামোল ভৰাই আনন্দ মনেৰে সেই মানুহ দুজনৰ ওচৰলৈ যায়। সেই দুজন মোৰেই মানুহ। তেওঁলোকে সদৌ শেষত কাষ্টমাৰক মূৰটো পিটিকি দিয়ে!!”

০০০#০০০

Leave a Reply

Your email address will not be published. Required fields are marked *

Copying is Prohibited!