ইয়াৰ পাছৰ উৎসৱটো (-দেৱব্ৰত গগৈ)

আজি ৰাতিপুৱা শুই উঠিয়েই ভাবিলোঁ,  বিশ্বকৰ্মা, দূৰ্গাপূজা, শংকৰ-জয়ন্তীৰ পাছত পইচা খিনি জ্বলি পুৰি দেৱালীটোও শেষ হ’ল । ইয়াৰ পাছত কি উৎসৱ আছেনো ?  বহুদিনলৈ একো নাই নেকি ?  একেবাৰে পুহৰ শেষত ভোগালিটোহে আহিব চাগে’ । নহয় তাৰ মাজত আৰু এটা আছে । মোৰ বাবে বছৰটোৰ আটাইতকৈ প্ৰিয় উৎসৱ হয় এইটো । হয়, গ্ৰন্থমেলাৰ কথাকে কৈছোঁ । টিনৰ বেৰাৰে আগুৰা শুকান এখন খেল পথাৰ, সৰু ডাঙৰ বহুতো কিতাপৰ বিপনী,  পথাৰখনৰ একোণত আদৰণি সমিতিৰ কাৰ্যালয়, মাইকত ধুনীয়া ধুনীয়া ভাল লগা গান, ( বেছিভাগেই অৰ্থপূৰ্ণ অসমীয়া উচ্চস্তৰীয় গান) মাজে মাজে কিতাপ সৰ্ম্পকীয় কিছুমান প্ৰয়োজনীয় সংলাপ আৰু বৰ্ণনা, একোণত দুখন বা তিনিখন খোৱাবস্ত বিক্ৰীৰ দোকান, আবেলিলৈ নিত্য নতুন বিষয়ৰ সৈতে দৈনিক একোখন গহীন-গম্ভীৰ সভা, পাঠক, লেখক-লেখিকা, ক্ৰেতা-বিক্ৰেতা, কিতাপ নিকিনি মাথোন মেলা চাবলৈ অহা মানুহ আৰু পাৰ্ক-ৰেষ্টুৰাত বহি বহি আমনি লাগি নতুন পৰিৱেশ এটা বিচাৰি অহা প্ৰেমিক-প্ৰেমিকাহঁত । দহৰ পৰা বাৰদিনলৈকে চলা, দিনৰ হিচাপত ব’হাগবিহুৰ পাছতে স্থান লভা মোৰ অতি আদৰৰ এই গ্ৰন্থউৎসৱ বা গ্ৰন্থমেলা ।

গ্ৰন্থমেলাৰ প্ৰথম আভাস গুৱাহাটীতেই পাইছিলোঁ । বিশেষ কামত দেউতাৰ লগত গুৱাহাটীলৈ আহিছিলোঁ । চান্দমাৰী নে ক’ৰবাৰ পৰা মালিগাঁওৰ ৰে’লৱে কলনিত থকা সৰু মামাহঁতৰ ঘৰলৈ ছিটিবাছেৰে যাওঁতে ডাঙৰ পথাৰ এখনৰ কাষত লিখা আছিল “প্ৰথম গুৱাহাটী গ্ৰন্থমেলা – ১৯৮৫ চন” । ভিতৰত সোমাৱা নাছিলোঁ । দেউতাকে সুধিছিলোঁ গ্ৰন্থমেলা মানেনো কি ?  “কিতাপ বিক্ৰী কৰে” – দেউতাৰ উত্তৰ । কিতাপ বিক্ৰী কৰিবলৈনো মেলা পাতেনে ? মোৰ পঞ্চমমানত পঢ়ি থকা মগজুটোৰে নিজকে সুধিছিলোঁ ।

“ধেইত, ইয়াত কিতাপৰ বাদে একো নাই দেখোন ? কি মেলা পাতিছে ঔ এইখন” ? –  হাতত প্ৰৱেশ পত্ৰখন লৈ ভিতৰলৈ সোমাবলৈ লওঁতেই কথাষাৰ মোৰ কাণত পৰিছিল । সহজ সৰল প্ৰৌঢ়া মহিলা এগৰাকীয়ে লগৰ এগৰাকীক কথা কেইষাৰ কৈ কৈ ডিব্ৰুগড়ৰ প্ৰথম গ্ৰন্থমেলাৰ পৰা ওলাই গৈছিল । শিৱসাগৰৰ পৰা ডিব্ৰুগড়লৈ অহা-যোৱা বাছৰ ভাড়াটো মিলাই সেইদিনা হাতত মাথোন পাঁচশ টকা লৈ ডিব্ৰুগড়ৰ প্ৰথম গ্ৰন্থমেলাখনত উপস্থিত হৈছিলোঁ । এই গ্ৰন্থমেলাখনত কি কি কিতাপ কিনিছিলোঁ পাহৰিলোঁ, কিন্ত গ্ৰন্থমেলাখন মোৰ বাবে এটা কথাত চিৰস্মৰণীয় হৈ ৰ’ব কাৰণ তাতেই মই প্ৰথম দেখিছিলোঁ মোৰ অতিকৈ শ্ৰদ্ধাৰ স্বৰ্গীয় পৰাগদাক । অতি ব্যস্ততাৰে পৰাগদাই কিতাপ বিক্ৰী কৰি আছিল নিজৰ বিপণীত । সেই সময়ত পৰাগদাৰ যুক্তিৰে ভৰা লিখনিবোৰে আমাৰ কলেজীয়া মনবোৰক আলোড়িত কৰি তুলিছিল । বয়স কম থকাৰ বাবেই নেকি পৰাগদাৰ লগত চিনাকি নোহোৱাকৈয়ে মই আঁতৰি আহিছিলোঁ তাৰপৰা । মোৰেই দুৰ্ভাগ্য পৰাগদাক মই সেইবাৰেই শেষ দেখা পাইছিলোঁ । পৰাগদাক গ্ৰন্থমেলাত দেখা পোৱা সেই দৃশ্যটো মোৰ বুকুৰ একোণত এতিয়াও সজীৱ হৈ আছে ।

ইয়াৰ পাছত আমাৰ কাষৰীয়া চহৰ দুখন মানে যোৰহাট আৰু ডিব্ৰুগড়লৈ দুই তিনিবাৰ গৈছিলোঁ গ্ৰন্থমেলাৰ সোৱাদ ল’বলৈ । হাতত পইচা কম, কিন্তু কিতাপ কিনাৰ ইচ্ছা হিচাপ কৰিব নোৱাৰি । এনে লাগে যেন গ্ৰন্থমেলাত ওলোৱা প্ৰতিখন কিতাপেই কিনি পেলাম । পিছে ইচ্ছা থাকিলে কি হ’ব ? ঘৰৰ পৰা পোৱা তাকৰীয়া পইচাকেইটাই সেই অনুমতি দিয়া নাছিল ।

১৯৯৩ চনত শিৱসাগৰত সাহিত্য সভাৰ গ্ৰন্থমেলাত অভিলেখ সংখ্যক কিতাপ বিক্ৰী হৈছিল আৰু সেই অভিলেখৰ কথা মনত ৰাখিয়েই অৱশেষত ১৯৯৫ চনত শিৱসাগৰ নগৰত প্ৰথমখন পূৰ্ণাংগ গ্ৰন্থমেলা অনুষ্ঠিত হৈছিল । এইখন আমাৰ গ্ৰন্থমেলা আছিল । ক’লেজৰ পৰা বাহিৰে বাহিৰে আহি, হাতত কমলা টেঙা কেইটামান লৈ জামালহঁতৰ লগত গ্ৰন্থমেলাখনত পিতপিতাই ফুৰিছিলোঁ । গ্ৰন্থমেলাৰ কেইদিনমানৰ পাছতে মোৰ ডাঙৰ বাইদেউৰ বিয়া আছিল । দেউতাই টকা ছশ দিছিল বিয়াত পিন্ধিবলৈ ছুয়েটাৰ কিনাৰ বাবে । মই পিছে বিয়াৰ দিনাখন পুৰণা ছুয়েটাৰটোকে পিন্ধিবলগীয়া হৈছিল কাৰণ সেই ছশটকাৰে মই মোৰ বাজেটৰ বাহিৰলৈ গৈ কিতাপ কিনিছিলোঁ গ্ৰন্থমেলাখনত ।

আজিকালিও যাওঁ গ্ৰন্থমেলালৈ । হেঁপাহ পলুৱাই কিতাপ কিনো । আগতে যে কিতাপ কিনিব নোৱাৰিছিলোঁ সেই ক্ষোভটো এতিয়াও মাৰ যোৱা নাই । সেইকাৰণে খুব কিনো কিতাপ । তাৰে কিছুমান কিতাপ পঢ়া নহয়েই । কিছুমান বিপনীত অচিনাকি লিখকৰ কিতাপ কিছুমান দেখোঁ । দেখিলেই গম পোৱা যায় যে কিতাপখনৰ বিক্ৰী ভাল নহয় । বেচেৰা লিখকে কিমান হেঁপাহেৰে চাগে’ কিতাপখন লিখিছিল । কথাষাৰ ভাবি মোৰ মনটো বেয়া লাগি যায় । মই তাৰে ক’পি এটা কিনি আনো । পাছত আকৌ লিখকজনলৈ বেয়া লাগি থাকে,  কাৰণ তেওঁতো গম নাপায় যে মই কিতাপখন কিনিহে আনিলোঁ, কিন্ত পঢ়া যে নাই আজিলৈকে । কিন্তু পঢ়িম কেনেকৈ,  কিতাপখন যে একেবাৰে সোৱাদ লগা নহয় !

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!