ঈদৰ বজাৰ (শ্বাহ নেৱাজ বৰভূঞা)

 

মকবুলৰ মূখত আজি এক সন্তোষৰ হাঁহি।

: দেউতা, অ’ দেউতা, উঠা না! আমি কপোৰ কিনিবলৈ নাযাওঁ নেকি, দেৰি হৈ আছে, উঠা না।
কণমাণি নাহিমজনীয়ে দেউতাক মকবুল আলীক টোপনিৰ পৰা এইদৰে জগাই আছে।
চেহেৰী খাই আলী টোপনি গৈছিল মাত্ৰ।
: যাম অ’ মাজনী, এতিয়া ৫ হে বাজিছে! এতিয়া দোকানবোৰ বন্ধ থাকিব নহয়।
: তেনেহ’লে আমি কেতিয়া যাম?
: আমি ১০ মান বজাত যাম, এতিয়া শুই থাকা।
৭ বছৰীয়া নাহিমজনীৰ মনত আজি বৰ আনন্দ!
আজি তাই ঈদৰ কাৰণে কাপোৰ কিনিব। বিছনাত শুই শুই তাই কল্পনাৰ সাগৰত আত্মহাৰা। কেনেকৈ বজাৰলৈ যাম? কি ৰঙৰ কাপোৰযোৰ কিনিম? ৰঙা যোৰ নে নীলা যোৰ? ঈদত কাপোৰযোৰ পিন্ধি কাৰ ঘৰলৈ ফুৰিবলৈ যাম……। পাৰবীণজনীতকৈ ভাল এযোৰ কিনিম। ইত্যাদি ইত্যাদি এশ এবুৰি শিশু-সুলভ চিন্তা। ভাবি ভাবি তাইৰ আকৌ টোপনি গ’ল।

ইপিনে মকবুল আলীৰ চিন্তাত টোপনি নাহিল আৰু। হাতত মাত্ৰ কেইটামানহে টকা আছে! হাজিৰা কৰি পোৱা টকা কেইটা ট্ৰেক্টৰেৰে খেতিমাটি ডৰা চাহ কৰাওঁতে গ’ল!

“ৰহিমক চাৰক টকা কেইটামান ধাৰে দিবলৈ কৈছিলো। দিব বুলি কৈছিলতো…। বজাৰলৈ যাওঁতে লৈ যাম। কিমান বা দিয়ে।”

১০ বাজিল। নাহিমজনীয়ে সাজি-কাঁচি দেউতাকক মাত লগালে।
: অ’ দেউতা, সোনকালে আহাচোন। সোনকালে নগ’লে ভাল ভাল কাপোৰবোৰ শেষ হৈ যাব নহয়!
মকবুলে এটা শেতা হাঁহি মাৰি চাইকেলখন উলিয়াই উত্তৰ দিলে—
: বলা মাজনী আমি এতিয়াই বজাৰ পামগৈ।
ওলাই যাওঁতে নাহিমৰ মাকে হাঁহ বিক্ৰী কৰি পোৱা টকা কেইটামান আৰু মোনাটো হাতত তুলি দিলে!

বাটত ৰহিমক চাৰৰ ঘৰত সোমাই টকা ৫০০ ধাৰে লৈ গ’ল।
বজাৰ পাই এখন আটকধুনীয়া দোকান এখন দেখি নাহিমজনীয়ে দেউতাকক সুধিলে—

: দেউতা আমি সেই ডাঙৰ দোকানখনলৈ যাম নে?
: সেই দোকানখনৰ কাপোৰবোৰ ভাল নহয় মাইনা!

কথা পাতি পাতি দুয়ো গৈ এখন দোকানত সোমাল। কাপোৰ পছন্দ হ’ল, দামে-দৰে নহ’ল। নাহিমজনীয়ে বৰ বেজাৰ হৈ দোকামখনৰ পৰা ওলাই আহিল!

বহু কেইখন দোকানৰ বহু কেইযোৰ কাপোৰৰ মাজত এযোৰ পছন্দ হ’ল। কিনাও হ’ল।

দোকানৰ পৰা দুয়ো ওলাই আহিল।

নাহিমৰ মূখত সন্তোষৰ হাঁহি স্পষ্টভাৱে বিৰাজমান। মকবুলে হাতত থকা টকা কেইটা হিচাপ কৰি চালে! ২১০ টকা!
আকৌ মনত পৰিল নাহিমৰ মাকজনীলৈও কিবা এটা কিনিব লাগিছিল! খাৰু এযোৰ কিনিলে মকবুলে।
ঈদৰ দিনাখনৰ বাবে কিবা-কিবি খৰচ অলপো কৰিলে!
আবেলি দুয়ো ঘৰমূৱা হ’ল! মকবুলৰ হাতত তেতিয়া ২০ টকীয়া এটা মাত্ৰ। নিজৰ কাৰণে একো কিনা নহ’ল আৰু। মনে মনে ভাবিলে পুৰণা কাপোৰযোৰ ভালদৰে ধুই দিলেই হৈ যাব। তথাপি মকবুলৰ মুখত এক সন্তোষৰ হাঁহি জ্বিলিকি আছিল।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Copying is Prohibited!