ঈশ্বৰৰ সৈতে এসাঁজ (প্ৰশান্ত কুমাৰ বৰা)

ঈশ্বৰৰ সৈতে এসাঁজ

 

 

এটা সৰু ল’ৰাই এবাৰ ঈশ্বৰক লগ পাবলৈ বৰকৈ মন মেলিলে। সি জানিছিল যে ঈশ্বৰক বিচাৰি যাবলৈ হ’লে বহুদূৰ বাট বুলিব লাগিব, সেয়ে সি তাৰ সৰু মোনাটোত কেইটামান চিপছৰ পেকেট আৰু এবটল ফলৰ ৰস ভৰাই ঘৰৰ পৰা ওলাই আহিল।

ঘৰৰ পৰা অলপ দূৰ গৈয়েই সি এগৰাকী বৃদ্ধাক লগ পালে। বৃদ্ধাগৰাকী পাৰ্ক এখনত অলসভাৱে বহি আছিল। ল’ৰাটো গৈ তেওঁৰ কাষতে বহিল আৰু ফলৰ ৰসৰ বটলটো উলিয়াই এঢোক খাই ল’ব খুজিলে। তেনেতে সি মন কৰিলে যে কাষৰ মানুহগৰাকীক বৰ ভোকাতুৰ যেন দেখা গৈছে, সেয়ে সি তেওঁক চিপছ অলপ আগবঢ়ালে। মানুহগৰাকীয়ে কৃতজ্ঞতাৰে চিপছখিনি ল’লে আৰু তালৈ চাই খুব ধুনীয়াকৈ হাঁহিলে।

তেওঁৰ হাঁহিটো ইমানেই ধুনীয়া আছিল যে ল’ৰাটোৱে তাক আকৌ এবাৰ চোৱাৰ লোভ সামৰিব নোৱাৰিলে। সেয়ে সি বৃদ্ধাগৰাকীক এইবাৰ অলপ ফলৰ ৰস আগবঢ়ালে। তেওঁ ল’ৰাটোক আকৌ এটা মোহনীয় হাঁহি উপহাৰ দিলে। ল’ৰাটো আনন্দত অধীৰ হৈ পৰিল। গোটেই আবেলিটো তেওঁলোক দুয়ো তাতে বহি থাকিল, একেলগে কিবাকিবি খালে আৰু হাঁহি বিনিময় কৰিলে; কিন্তু কথা-বতৰাৰ নামত দুয়োৰে মাজত এটা শব্দৰো বিনিময় নহ’ল।

আন্ধাৰ নামি অহাৰ লগে লগে ল’ৰাটোৱে খুব ভাগৰুৱা অনুভৱ কৰিলে আৰু ঘৰলৈ ঘূৰি যাব খুজিলে। কিন্তু কেইখোজমান গৈয়েই সি পিছলৈ ঘূৰি চালে আৰু পুনৰ ঘূৰি আহি বৃদ্ধাগৰাকীক সাবটি ধৰিলে। এইবাৰ তেওঁৰ পৰা সি জীৱনৰ আটাইতকৈ ডাঙৰ আৰু সুন্দৰ হাঁহিটো লাভ কৰিলে।

ঘৰলৈ ঘূৰি আহি দুৱাৰ খোলা মাত্ৰকেই সি মাকৰ মুখামুখি হ’ল। তাৰ মুখত আগেয়ে কেতিয়াও নেদেখা স্বৰ্গীয় আনন্দৰ জ্যোতি দেখা পাই মাক আচৰিত হ’ল আৰু সুধিলে, “তুমি আজি এনে কি কাম কৰি আহিলা, যি তোমাক ইমান সুখী কৰি তুলিব পাৰিলে?” ল’ৰাটোৱে ক’লে, “জানা মা, মই আজি ঈশ্বৰৰ লগত একেলগে দুপৰীয়াৰ টিফিন খালোঁ।“ মাকে কিবা কোৱাৰ আগতে সি আৰু ক’লে, “আৰু কি জানা, মই আজিলৈকে দেখা আটাইতকৈ ধুনীয়া হাঁহিটো মই তেওঁৰ মুখত দেখিলোঁ।”

আনহাতে, সেই বৃদ্ধাগৰাকীৰ মুখখনো অভূতপূৰ্ব প্ৰশান্তিত উজ্জ্বল হৈ পৰিছিল। ঘৰলৈ ঘূৰি যোৱাৰ লগে লগেই তেওঁৰ পুতেকেও তেওঁক সুধিলে, “তুমি আজি এনে কি কাম কৰি আহিলা মা, যি তোমাক ইমান সুখী কৰি তুলিব পাৰিলে?” তেওঁ উত্তৰ দিলে – “মই আজি পাৰ্কত ঈশ্বৰৰ লগত আলু চিপছ খালোঁ।” পুতেকৰ প্ৰতিক্ৰিয়ালৈ লক্ষ্য নকৰি তেওঁ কৈ গ’ল, “আৰু কি জানা, মই ভবাতকৈ তেওঁ বহুত বেছি সৰু আছিল।”

…………………………….

যদিও আমি প্ৰায়েই প্ৰিয়জনৰ এচিকুট স্পৰ্শ, এটা হাঁহি, এষাৰ মধুৰ মাত-কথা শুনিবলৈ আগ্ৰহী এখন কাণ, এটা সঁচা প্ৰশংসা, অথবা এধানিমান যত্নৰ যাদুকৰী শক্তিক অৱহেলা কৰোঁ, জীৱনটোক গতিশীল কৰি ৰাখিবলৈ এই সকলোখিনিয়েই আমাক প্ৰয়োজন। আমাৰ জীৱনলৈ মানুহ এটা কাৰণৰ বাবে, এটা ঋতুৰ বাবে অথবা চিৰদিনৰ বাবে আহে। কিন্তু সেইবোৰ বিচাৰ নকৰি সকলোকে আমি সমভাৱে আকোৱালি লোৱা উচিত। আমাৰ জীৱনটোক এক বিশেষ মুহূৰ্তত বিশেষধৰণে স্পৰ্শ কৰি যোৱা প্ৰতিজন লোকেই আমাৰ বাবে একো একোজন ঈশ্বৰ। কাল্পনিক বা ধৰ্মপুথিৰ ঈশ্বৰ বাস্তৱত থাকক-নাথাকক, তাক লৈ আমি মূৰ ঘমোৱাৰ প্ৰয়োজন নাই; কিন্তু যদি আমি মানুহক ভাল পাওঁ, মানুহৰ ওপৰত বিশ্বাস ৰাখোঁ আৰু এটা সৎ জীৱনৰ অধিকাৰী হওঁ, তেন্তে আমাৰ প্ৰিয় মানুহবোৰেই এদিন আমাৰ জীৱনলৈ ঈশ্বৰ হৈ আহি আমাক সমুখৰ যিকোনো দুৰ্যোগৰ পৰা ৰক্ষা কৰিব। বিনিময়ত আমি মাথোঁ তেওঁক উপহাৰ দিব লাগিব এটা আলফুল হাঁহি…

(ইণ্টাৰনে’টত পঢ়া অনামী লেখকৰ এটা অণুগল্পৰ আলমত)

 

One thought on “ঈশ্বৰৰ সৈতে এসাঁজ (প্ৰশান্ত কুমাৰ বৰা)

  • July 23, 2014 at 10:59 am
    Permalink

    Khub Bhal lagil golpo tu pohi, ami jivanar ene kisuman muhurto ketiau pahoribo nuwaru…

    Tnanx for gifting this story

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Copying is Prohibited!