উচ্ছিষ্ট – প্ৰজামণি হাজৰিকা
অৱশেষত ৰীতাৰ সৈতে বিয়াৰ আনুষ্ঠানিকতাখিনি হৈ গ’ল৷ আনুষ্ঠানিকতা বুলি ক’বলৈ আচলতে একোৱেই নাই, বিয়াতকৈ বেছি ইয়াক বিবাদ বোলাটোৱেই সমিচীন হ’ব৷ কাৰণ মাথো এটাই, ৰীতাৰ পূৰ্বতে হোৱা বিবাহ বিচ্ছেদ৷ মই যেতিয়া শুনিলো যে ৰীতাই দুবছৰীয়া বৈবাহিক সম্পৰ্কৰ অন্ত পেলাই ঘৰলৈ ঘূৰি আহিছে, বিচলিত হোৱাৰ পৰিৱৰ্তে মই উৎফুল্ল হৈ পৰিলো, চূড়ান্ত স্বাৰ্থপৰতাৰে মই ভাবিবলৈ ধৰিলো যে ৰীতাক এতিয়া নিজৰ কৰি লোৱাত কোনো শক্তিয়েই মোক বাধা দিব নোৱাৰে৷ এই সময়..সেই সময়ৰ দৰে নিষ্ঠুৰ নিশ্চয় নহয়, যি সময়ত ৰীতা আৰু মোৰ ছবছৰীয়া প্ৰেমক নস্যাৎ কৰি তাইৰ ঘৰে অন্য এজনৰ সৈতে তাইৰ বিয়াৰ আয়োজন কৰিছিল৷ ৰীতাই কৈছিল, ‘পলুৱাই লৈ যা মোক’৷ নানিলো, অভাৱ নামৰ যিটো দৈত্যৰ সৈতে মোৰ আজন্ম সম্পৰ্ক তাৰ সৈতে ৰীতা নামৰ অভাৱৰ সৈতে অনভ্যস্ত ছোৱালীজনীৰ মিতিৰালি কৰাবৰ নিৰ্দ্দেশ মনে নিদিলে৷ পিছে আজি পৰিস্থিতি তেনে নহয় সৰগৰ সুখ নহলেও ৰীতাৰ সৈতে ভালদৰে চলিব পৰাকৈ এতিয়া স্বাৱলম্বী মই৷ তাতোকৈ গুৰুত্বপূৰ্ণ ৰীতাৰ প্ৰতি মোৰ অপৰিৱৰ্তনীয় প্ৰেম৷ আনন্দত জল্ মল চকুৰে ৰীতাৰ ওচৰ পালোগৈ৷ সেমেকা হাঁহিৰে ৰীতাই কলে, একেই আছ বুৰ্বক৷ “বুৰ্বক ” আস্! কিমান দিনৰ পিছত যে শুনিছোঁ ৰীতাৰ মুখত এই মৰমসনা তিৰস্কাৰ! ! পিছে ৰীতাই মোৰ প্ৰস্তাৱ নাকচ কৰিলে বন্ধুত্বৰ সম্পৰ্কৰ বাদে অইন সকলো সম্বন্ধৰ প্ৰতি হেনো তাইৰ কোনো আস্থা নাই৷ আহত হ’লো যদিও বুজিলো ৰীতা মোতকৈও বেছি আহত৷ সময় লাগিব! সময় লাগিল, এবছৰ৷ মোৰ প্ৰস্তাৱত ভূৱা মৰ্য্যদাৰে আভূষিত ৰীতাৰ ঘৰখনে যেন সৰগহে ঢুকি পালে৷ তেওঁলোকে দিয়া অহৰহ হেঁচাৰ বাবেই একপ্ৰকাৰ বাধ্য হৈয়েই ৰীতাই মোৰ প্ৰস্তাৱত সন্মতি দিলে, এই কথাটো ৰীতাই মোক নিজেই জনালে৷ মই মনতে অলপ আঘাত পালো৷ ৰীতাই মানে সমগ্ৰ পুৰুষ জাতিটোৰ প্ৰতিয়েই বিশ্বাস হেৰুৱাই পেলাইছে, এজন লোকৰ প্ৰতাৰণাৰ বাবে ৰীতাই প্ৰেম-ভালপোৱৰ ওপৰতে আস্থা হেৰুৱাই পেলাইছে! মনে মনে সংকল্প ল’লো এনে হবলৈ নিদিওঁ৷ ৰীতাৰ হেৰুৱা আস্থা মই মোৰ ভালপোৱাৰে পুনৰ ঘূৰাই আনিম৷ অন্ততঃ আমাৰ প্ৰেমক সন্দিহান হবলৈ মই নিদিওঁ৷
পিছে মোৰ এই সিদ্ধান্তৰ প্ৰৱল আপত্তি আহিল মাৰ পৰা৷ মাৰ মতে ইমান দিনে ইমান অভাৱতো আনৰ এৰেহা নুখুৱালো, হাড়ক বন কৰি, নাখায় খুৱাই, নিপিন্ধি পিন্ধাই তোক মানুহ কৰিলো এই দিন দেখিবলৈয়ে নে? মই মাক বুজাবলৈ ধৰিলো, তই মানুহ কৰি গঢ়াৰ বাবেইতো আজি এই সিদ্ধান্ত লব পাৰিছোঁ, আৰু তইতো জানই ৰীতাক মই কিমান ভালপাওঁ! নহলেনো তই হাজাৰ শপত দিয়াৰ পিছতো আজিলৈকে বৰলা হৈয়েই থাকোঁনে? বুজিও অবুজ নহ’বিচোন৷ “থ, তহঁতৰ ভালপোৱা” মায়ে ভেকাহি মাৰি উঠিল, ইমানেই যদি ভালপাইছিল বেলেগৰ হৈ গৈছিল কিয়? আৰু তয়েই বা যাবলৈ দিছিলি কিয়? মুঠতে এই বিয়া নহ’ব৷ কথা শেষ৷ কথা শেষ বুলি ক’লে যদিও মই সকলো শেষ হ’বলৈ নিদিলো, ‘ৰেজিষ্ট্ৰি মেৰেজ’ কৰিলো ৰীতাৰ সৈতে৷ ক’ৰ্টলৈ যোৱাৰ আগেয়ে মাৰ আশীৰ্বাদ ল’বলৈ নাপাহৰিলো অৱশ্যে! মায়ে কি বুজিলে নাজানো থওঁ নথওঁকৈ হাতখন মূৰত থ’লে৷ আনদিনাৰ দৰে ক’লৈ যাৱ? কি কৰ? একোৱই নুসুধিলে৷
কিন্তুু ৰীতাক লৈ যেতিয়া ঘৰ সুমালো, মা জক্ জকাই উঠিল, প্ৰভু কি এনে পাপ কৰিছিলোঁ? এই জীয়া বাৰীজনী আনি ঘৰ সুমুৱালেহি! ! আনৰ চুৱা চেলেকিবলৈকে তুলিছিলো নে তোক? …মা! ! যি মোৰ বাবে চিৰ পূজ্যা..যাক সন্মান কৰি মই সমগ্ৰ নাৰী জাতিকে সন্মান কৰিবলৈ শিকিলোঁ সেই মাৰ মুখৰ পৰা আন এগৰাকী নাৰীৰ প্ৰতি নিক্ষেপিত এনে নিষ্ঠুৰ বাক্যবাণত আহত সিংহৰ দৰেই গৰজি উঠিলো মই, “ চুৱা আচলতে ৰীতা নহয়, চুৱা তহঁতৰ মন৷ এৰেহা তহঁতৰ দৰে মানুহৰ মনোভাৱ! পথৰ ভিখাৰী এজনৰ বাবে উচ্ছিষ্ট এখিনিয়ে সঞ্জীৱনীৰ দৰেই কাম কৰে..ময়ো ৰীতাৰ প্ৰেমৰ ভিখাৰী, যদিহে ৰীতা উচ্ছিষ্ট হয় তেন্তে এই উচ্ছিষ্ট মোৰ বাবে অমৃত…এনে অমৃত গ্ৰহণ কৰিবলৈ মই হাজাৰবাৰ প্ৰস্তুত৷” মায়ে কি বুজিলে নাজানো, মাৰ চকুত পূৰ্বৰ দৰেই কৰুণা দেখা পালো ..আৰু ৰীতা! ! ৰীতাৰ চকুত দেখিলো ‘মোক পলুৱাই লৈ যা’ বুলি কোৱা সেই চকুহালৰ তিৰ বিৰণি, সেই একেই দৃঢ়তা, একেই বিশ্বাস! !