উত্তৰ এখন প্রেমপত্রৰ (– নিৰ্মালী বৰঠাকুৰ)
উত্তৰ এখন প্রেমপত্রৰ
নিৰ্মালী বৰঠাকুৰ
মৰমৰ প্রত্যুষ,
মৰম লবা। তোমাৰ চিঠিখন পালোঁ। চিঠিখনে মোক বহুকথাই ভবাই তুলিলে !! তুমি আশাৰে বাট চাই থকা উত্তৰটো লিখিবলৈ লৈছোঁ। তুমি বিচৰাৰ দৰে তোমাৰ চিঠিৰ ঊত্তৰ দিবলৈ মই অপাৰগ। প্রত্যুষ, তোমাৰ মনত দুখ দিয়াৰ ইচ্ছা মোৰ সমূলি নাছিল… কিন্তু আজি যেন মই অলপ স্বাৰ্থপৰ হৈ পৰিছোঁ। তুমি মোক ভুল নুবুজিবা। মোৰ তোমাক ক’ব লগা কথা বহুতখিনিয়েই আছে। শুনা প্রত্যুষ…!
প্রথম কলেজলৈ যোৱাৰ দিনাৰ পৰাই তুমি মোৰ অতি প্রিয় বন্ধু। কলেজত থকা সময়বোৰ কেনেকৈ পাৰ হয় মই গমকে নাপাওঁ। তোমাৰ লগত থাকিলে মোৰ দুখবোৰ পাতল হৈ পৰে। কিন্তু মোৰ দেউতাৰ?! ‘মা’ নোহোৱা ঘৰখনত দেউতা আৰু মই দুয়ো দুয়োৰে প্রতিটো ক্ষণৰ সঙ্গী। জানানে প্রত্যুষ… দেউতা আৰু মা-ৰ প্রেমবিবাহ হৈছিল। কিন্তু মোক জন্ম দিয়েই মায়ে দেউতাক এই সংসাৰত অকলে এৰি থৈ গুছি গ’ল। তেতিয়াৰ পৰাই ময়েই দেউতাৰ জীয়াই থকাৰ সম্বল আৰু একমাত্র আশাৰ স্থল। সেইসময়ত দেউতা একেবাৰে অকলশৰীয়া হৈ পৰিছিল। মোৰ জন্মৰ দিনাৰ পৰাই দেউতাই নিজৰ দুখ পাহৰি মোৰ প্ৰতি নিজৰ লগতে মা-ৰ ভাগৰ সম্পূৰ্ণ দায়িত্ব পালন কৰি আহিছে। মোৰ অসুখত কিমান উজাগৰি নিশা কটাইছে তাৰ হিচাপ নাই। এতিয়াও দেউতাই মোৰ মুখলৈ চায়েই মোৰ মনৰ কথা বুজি পায়৷ মোৰ লালন-পালনত দেউতাই অলপো ত্ৰুটি ৰখা নাছিল। কিন্তু দেউতাৰ কথা চিন্তা কৰিবলৈ কোনো নাছিল৷ ঘৰৰ অমতত বিয়া পতাৰ কাৰণে দেউতাৰ ঘৰখনেও তেওঁক ত্যাগ কৰিছিল।মই এতিয়া অনুভৱ কৰিছো মা-ৰ অবিহনে দেউতাই সেই দিনবোৰ কিমান নিসঙ্গতাৰে আৰু কষ্টেৰে অতিবাহিত কৰিছিল! দেউতাই ইচ্ছা কৰা হ’লে নতুনকৈ বিয়া পাতি আন দহজনৰ নিচিনাকৈ আৰামত দিন কটাব পাৰিলেহেঁতেন! কিন্তু দেউতাই পুণৰ বিয়া নকৰালে৷ মায়ে দিয়া শেষ উপহাৰ ‘মই’জনীকে বুকুত বান্ধি ভৰ-যৌৱনৰ কুৰিটা বছৰ পাৰ কৰি দিলে।
প্রত্যুষ, এতিয়া মোৰ দায়িত্ব দেউতাক সুখ দিয়াৰ। তুমি মোৰ বৰ ভাল বন্ধু। তোমাক মোৰ খুব ভাল লাগে। তোমাৰ নিচিনা ল’ৰা এজনৰ লগত ভৱিষ্যত জীৱনটো কটাবলৈ পালে মই যে সুখী হ’ম এইটোও মই জানো ৷কিন্তু মই মোৰ ভৱিষ্যতৰ সিদ্ধান্ত লোৱাৰ দায়িত্বও দেউতাকেই দি দিলো।তেওঁৰ মনত দুখ দি মই একো কৰিব নিবিচাৰো।আনকি তেওঁক নজনোৱাকৈ মই তোমাক ভালপোৱাতো দূৰৰ কথা, সেই বিষয়ে ভাবিবও নোৱাৰো। মোক ডাঙৰ-দীঘল কৰোতে, মোৰ জীৱন গঢ়োতে দেউতাই যি ত্যাগ কৰিলে, যি কষ্ট কৰিলে তাৰ বিনিময়ত মই ইমান নিষ্ঠুৰ হ’ব নোৱাৰো।নিজৰ জীয়েকক নিজ পছন্দৰ জীৱনসঙ্গী এজন বাচি বিয়া দিয়াৰ যি সপোন দেউতাই পুহি ৰাখিছে সেই সপোন মই দেউতাক উপহাৰ হিচাপে দিব বিচাৰো। তুমিয়েই কোৱাঁ… এইয়া জানো মোৰ কৰ্তব্য নহয় ??
প্রত্যুষ, তুমি বৰ ভাল ল’ৰা … কিন্তু মোৰ মুখেৰে তুমি শুনিব বিচৰা উত্তৰটো মই দিব নোৱাৰিলো। মোৰ জীৱনত দেউতাৰ বাহিৰে অন্য বিষয়ত চিন্তা কৰিবলৈ একো নাই। এতিয়া দেউতাই বাচি দিয়া পুৰুষজনেই হ’ব মোৰ জীৱনসঙ্গী। এয়া মোৰ দেউতাৰ প্রতি থকা একমাত্র কৰ্তব্য। মই তোমাক কথা দিব নোৱাৰাৰ বাবে দুখী নহ’বা, আমাৰ বন্ধুত্বৰ মধুৰ সম্পৰ্কটি চিৰজীৱন থাকিব। তুমি নিশ্চয় মোক বুজি পাবা …আশা কৰিলো মোৰ ইচ্ছাক তুমি সন্মান কৰিবা আৰু মোৰ মনস্থিতি বুজি পাবা। আজীৱন সঁচা বন্ধুত্বৰ ডোলেৰে বান্ধ খাই থকাৰ প্রতিশ্রুতিৰে…
ইতি,
তোমাৰ বান্ধবী
বাসৱী