উত্তৰ-পূব ভাৰতৰ শোভাময় মাছ- সংকট, সম্ভাৱনিয়তা আৰু সংৰক্ষণ (ড. আৰমান উল্লাহ মুজাদ্দাদী)
সূচনা
ভাৰতবৰ্ষৰ উত্তৰ-পূবৰ ৰাজ্যবোৰ অশেষ জলজ সম্পদেৰে পৰিপুষ্ট৷ ইয়াৰ জলাধাৰবোৰ যেনে বিশাল নদ-নদী, সূতি, উপনদী, বিল-খাল, পাহাৰী জান-জুৰি আদি মাছৰ কাৰণে উপযুক্ত পৰিস্থিতিতন্ত্ৰ (ecosystem) আৰু এইবোৰ বিভিন্ন ধৰণৰ মৎস্য সম্পদৰ আবসস্থল৷ এই অঞ্চলত 23, 972 হেক্টৰ জলাশয়, 19, 150 কি.মি. নদ-নদী, 1, 43, 740 হেক্টৰ বিল-খাল, 40, 809 হেক্টৰ পুখুৰী আৰু 2, 780 হেক্টৰ মাছ আৰু ধানৰ সমন্বিত খেতিৰ কালি পৰিমাণ নথিভুক্ত হৈছে৷ ইয়াৰ জলাশয়বোৰতেই ভাৰতৰ প্ৰায় 33% মাছৰ প্ৰজাতি পোৱা যায়৷ অসমত আটাইতকৈ বেছি, 217 টা মাছৰ প্ৰজাতি পোৱা যায়৷ অৰুনাচল প্ৰদেশৰ উপলব্ধ মাছৰ প্ৰজাতিৰ সংখ্যা হ’ল 167, আৰু 165, 134, 121, 68, 48 আৰু 27 ক্ৰমে মেঘালয়, ত্ৰিপুৰা, মনিপুৰ, নাগালেণ্ড, মিজোৰাম আৰু ছিক্কিমৰ৷
এই মাছবোৰ স্থানীয় মানুহে যুগ যুগ ধৰি খাদ্য হিচাপে ব্যৱহাৰ কৰি আহিছে যদিও এইবো্ৰ মাছৰ এটি লাভজনক দিশ আছে৷ কাৰণ এইবো্ৰ মাছৰ বহুসংখ্যক মাছেই আন্তৰ্জাতিক বজাৰত শোভাময় (ornamental) মাছ হিচা্পে সমাদৃত হৈছে৷ ফলস্বৰূপে বৰ্তমান ভাৰতৰ শোভাময় মাছৰ সমুদায় আন্তৰ্জাতিক বজাৰখনৰ 85% চাহিদা উত্তৰ-পূৰ্বাঞ্চলৰ মাছৰ দ্বাৰা পূৰণ হৈছে৷ এই শোভাময় মাছবোৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰাকৃতিক উৎসবোৰৰ পৰা সংগ্ৰহ কৰি কলিকতাৰ বিশেষ বজাৰলৈ জীৱিত অৱস্থাত পঠাই দিয়া হয় আৰু তাৰ পৰাই আনৰ্জাতিক বজাৰত এক বিশেষ মূল্যৰ বিনিময়ত ৰপ্তানি কৰা হয়৷ পৰিতাপৰ কথা যে এই অঞ্চলৰ বাসিন্দসকলেই আজি এই বিষয়ে প্ৰায় সম্পূৰ্ণভাবে অজ্ঞ৷ ফলস্বৰূপে মাছবোৰ হকে-বিহকে অতিমাত্ৰাকৈ ধৃত হৈছে আৰু মাছৰ জীৱ-বিবিধতা (biodiversity) বিনষ্ট হৈছে৷ আজি বহুবিধ মাছ প্ৰকৃতিৰ পৰা বিলুপ্ত হৈ যাব ধৰিছে৷ তদুপৰি আটাইতকৈ ডাঙৰ কথাটো হ’ল, আমাৰ প্ৰাকৃতিক সম্পদ এই মাছবোৰৰ জিন’টাইপ (genotype) হুবহু বিদেশীৰ হাতত গতাই দিয়া হৈছে যাৰ ফলত অদূৰ ভৱিষ্যতে বিদেশত আমাৰ মাছবোৰ প্ৰতিপালিত হোৱাৰ সম্ভাৱনা আছে আৰু অন্য ৰাষ্ট্ৰই এই মাছবোৰক নিজ প্ৰাকৃতিক মাছ বুলি দাবী কৰাৰ থল আছে৷
শোভাময় মাছ কি?
শোভাময় মাছ সাধাৰণতে ৰংচঙীয়া হয়, যিবোৰ মানুহে আমোদ-প্ৰমোদ, অবসৰ—বিনোদন, শোভাবৰ্ধন, সংৰক্ষণ, ফেংচুই অথবা হ’বিৰ বাবে লালন-পালন কৰে৷ এই মাছবোৰ বিশেষভাবে কাচেৰে নিৰ্মিত বাকচ আকৃতিৰ পাত্ৰ বা মীনঘৰত(aquarium) ৰাখি ঘৰ, অফিচ, বাগিচা, চোতাল আদিত সংস্থাপন কৰা হয়৷ আজিকালি শোভাময় মাছবোৰ ৰংচঙীয়া নহৈ অস্বাভাবিক চৰিত্ৰ বা আকৃতিৰ হ’লে বেছি মূল্য পোৱা যায়৷ উদাহৰণস্বৰূপে কিম্ভুত-কিম্বাকাৰ মাছ, খাদ্য খাওতে আকৰ্ষণীয় কলা-বাজি দেখুৱা মাছ, যুঁজাৰু মাছ আদিৰ মূল্য ৰংচঙীয়া মাছতকৈ বেছি হয়৷
উত্তৰ-পূৰ্বাঞ্চলৰ শোভাময় মাছ
উত্তৰ-পূৰ্বাঞ্চলত শোভাময় মাছৰ 37 টা ফেমেলি, 114 টা শ্ৰেণী, 10 টা অৰ্ডাৰ, 274 টা প্ৰজাতি পোৱা যায় আৰু ইয়াৰ প্ৰায় আটাইবোৰ প্ৰজাতি কলিকতাৰ বজাৰৰ পৰা ৰপ্তানি কৰা হয়৷ ইয়াৰে কিছুমান প্ৰজাতিৰ নাম তলৰ তালিকাত অন্তৰ্ভুক্ত কৰা হ’ল৷
তালিকা ১. উত্তৰ-পূৰ্বাঞ্চলৰ কিছুমান শোভাময় মাছ (ক্ৰম , বৈজ্ঞানিক নাম , স্থানীয় নাম )
- এনাবাচ টেষ্তুদিনিয়াচ কাৱৈ, কৈ
- আপ্লোচেলাচ পান্চ্যাক্চ চেলকনা
- বটিয়া ডেৰিঅ’ বটিয়া, ৰাণী
- চান্না গাচুৱা চেং
- চান্না পান্টেতাচ গৰৈ, লাটি
- মিচ্টাচ ভিট্টেটাচ শিঙৰা
- পুন্টিয়াচ টিক্তো পুঠি, পুটি
- পুন্টিয়াচ চাৰানা চেনি পুঠি
- পুন্টিয়াচ চ’ফ’ৰ পুঠি
- চান্দা নামা চন্দা
- চেদাআৰ্মচচ ৰাংগা চন্দা, চান্দা
- মাষ্টাচেম্বেলাচ আৰ্মেটাচ টুৰা, চিক্ৰা
- কলিচা ফিছিয়েটা বৰ খলিহনা, খইল্সা
- কলিচা লালিয়া খলিহনা, চাটা
- কলিচা মোটা মৌ খলিহনা
- ইচোমাচ ডান্ৰিকাচ দৰিকনা, দাৰ্কিনা
- জেননথেডন কেঞ্চিলা কোকিলা
- একান্থোকবিডিচ বটিআ বটিয়া
- আৰিকথিচ আওৰ আৰি
- বদিচ বদিচ বদিচ নাপিত
- চাকা চাকা চাকা, চয়তান মাছ
- ৱালাগো ৱাট্টু বৰালি, বোয়াল
- হেটাৰ’প্নিয়াচ্টিচ ফ’চিলিচ্ শিঙি, শিং
- ক্লেৰিয়াচ বেট্ৰাকাচ মাগুৰ
- টেট্ৰ’ড’ন কুট্কুটিয়া গংগাটোপ
- গ্লিপ্টোথ’ৰাক্স পাহাৰী মাগুৰ
- এম্বলিফেৰিংগ’ড’ন ম’লা মুৱা, মকা
- নান্দোচ নান্দোচ ভেচেলি
- মনপ্টেৰাচ কুচিয়া কুচিয়া
- চেলা কেচিঅ’চ চেলকনা
- ডেনিঅ ডেংগিলা দাৰিথকা দৰিকনা
- ডেনিঅ আকইপিনাটাচ বৰ দৰিকনা
- বাৰিলিঅচ ব’লা পাহাৰী ট্ৰাউট
- বাৰিলিঅচ শাৰ্কা পাহাৰী ট্ৰাউট
- চান্না মাৰুলিয়াচ শাল
- গাগটা চেনিঅ গাগল
- বালিটোৰা ব্ৰুচেই বালি টুৰা
- বটিয়া ব্ৰুদমুৰেই আচথকা বটিয়া
- বটিয়া ৰোষ্ট্ৰাটা ফুটুকী বটিয়া
- চন্দ্ৰমাৰা চন্দ্ৰমাৰা সোণবৰণীয়া
- চান্না বাৰ্কা বেগুনীয়া গৰৈ
- চান্না ষ্টিৱাৰ্টি শ’ল জাতীয় মাছ
- টিনোপ্চ নোবেলিচ নবেল গৰামি
- ডেনিঅ ডেৱাৰিঅ ৰতন দৰিকনা
- গাৰা গটিলা গটিলা গাৰ
- হাৰা হাৰা পখিলা মাছ
- হাৰা জেৰডোনি সৰু পখিলা
- লাগুৱীআ ৰোবেৰাই ৰিবেৰি মেকুৰী মাছ
- লাগুৱীআ শাৱি চেতা মেকুৰী
- পুন্টিয়াচ গেলিঅচ স্বৰ্ণ পুঠি
- ৰিতা ৰিতা ৰিঠা, বগা মেকুৰী
- চিচতুৰা ডেনিচোনি ডেয়ি আঙঠি বটিয়া
- চিচ্তুৰা ক্সাতুৰিগিনা বিজয় বটিয়া
- নেঅলিচোচেইলাচ হেক্জাচটিচচ্ পিতল মহাশীৰ
- অলিৰা লোন্জিকাটাডা যুঁজাৰু মেকুৰী
- অম্পক বাইমেকুলেটাচ পাভ, পাব্দা, মাখন মেকুৰী
- অম্পক পাব্দা পাভ, পাব্দা
- অষ্টিঅব্ৰামা বেলাংগেৰি পেংবা
- চোমিলেপ্টেচ গোনগোটা জাগুৱাৰ বটিয়া, ল’ছ
- টৰ পুটিটৰা হালধীয়া মহাশীৰ
- টৰ টৰ লাল মহাশীৰ
শোভাময় মাছৰ বাণিজ্যিক মূল্যাংকন
বিশ্বৰ শোভাময় মাছৰ বজাখন প্ৰায় 10, 000 কোটি আমেৰিকান ডলাৰৰ (6.68 লাখ কোটি টকা) বুলি ঠাৱৰ কৰা হৈছে৷ মুখ্য আমদানীকাৰী ৰাষ্ট্ৰবোৰ হ’ল আমেৰিকা, ইউৰো্পীয় ৰাষ্ট্ৰসমূহ আৰু জাপান৷ এছিয়াৰ দেশবোৰৰ পৰা প্ৰায় 50% মাছ ৰপ্তানি হয়৷ চিংগাপুৰে এই ব্যৱসায়ত প্ৰথম স্থানত থাকি সমুদায় বজাৰখনৰ গুৰি ধৰি আছে৷ ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যবোৰ, কেৰেলা আৰু পশ্চিমবংগ এই বাণিজ্যত অগ্ৰনি ভূমিকাত আছে৷ এই ৰাজ্যবোৰৰ বাসিন্দাসকলে মাছ খাই ভাল পায় আৰু শোভাময় মাছো খাদ্য হিচাপে ব্যৱহাৰ কৰে৷ দেখা যায় যে খাদ্য হিচাপে ব্যৱহাৰ হলে শোভাময় মাছৰ মূল্য প্ৰায় 10 গুনে কমি যায়৷ উদাহৰণ স্বৰূপে, যদি খলিহনা মাছৰ (প্ৰতিটোৰ ওজন প্ৰায় 10 গ্ৰাম হয়) খাদ্য হিচাপে মূল্য 100-200 টকা প্ৰতি কিলো হয়, তেনেহলে এটা মাছৰ মূল্য হ’ব 1-2 টকা৷ আনহাতে এই মাছ জীৱিত অৱস্থাত শোভাময় মাছ হিচাপে বিক্ৰি কৰিব পাৰিলে প্ৰতিতো মাছৰ মূল্য পোৱা যায় 5-10 টকাকৈ৷
ভাৰতবৰ্ষত এমপেডা (MPEDA- Marine Product Export Development Authority) নামৰ সংস্থাটোয়ে শোভাময় মাছৰ বাণিজ্যৰ আইনগতভাবে গুৰি ধৰে৷ এমপেডাৰ হেড অফিচ কেৰেলাৰ কচিনত আছে আৰু এটা ব্ৰান্স অফিচ গুৱাহাটীতো আছে৷
শোভাময় মাছৰ অস্তিত্বৰ সংকট
তালিকা ১ ত উল্লেখ কৰা বেছিভাগ মাছেই বৰ্তমান জাতি সংঘৰ IUCN (International Union for Conservation of Nature) ৰেড লিষ্টত অন্তৰ্ভুক্ত হৈছে৷ অৰ্থাৎ এই মাছবোৰ বৰ্তমান প্ৰকৃতিত বিলুপ্তিৰ পথত আছে৷ মাছ বৰ সংবেদনশীন প্ৰাণী আৰু সেয়ে পানীৰ প্ৰদুষণেই মাছৰ প্ৰধান শত্ৰু৷ তদুপৰি আন প্ৰধান কাৰকবোৰ হ’ল
- নদীবান্ধ, নগৰিকৰণ আদিৰ দ্বাৰা মাছৰ আবাসস্থল বিনষ্ট কৰা কাৰ্য৷
- প্ৰকৃতিৰ পৰা অতিমাত্ৰা মাছ আহৰণ কৰা কাৰ্য৷
- মাছৰ প্ৰজনন কালত (মৌচুমী ঋতুৰ পিছৰ সময়ছোৱাত) মাছ ধৰা কাৰ্য৷
- মাছৰ পোণা বা অতি সৰু মাছ (আঙিলীয়া মাছ) ধৰা কাৰ্য৷
- অতি সৰু ৰন্ধ্ৰ থকা জাল দি মাছ ধৰা কাৰ্য৷
- খাল-বিলৰ পানী সিচি তলিলৈকে সম্পূৰ্ণকৈ শুকুৱাই মাছ ধৰা কাৰ্য৷
- পানীত বিষ দি মাছ ধৰা কাৰ্য৷
- জলাশয়বোৰত অতিমাত্ৰা জলজ উদ্ভিদ বাঢ়ি অহা (eutrophication) পৰিঘটনা৷
- চৰকাৰী পঁয়ালগা নিয়ম-নীতিৰে জান, খাল, বিল আদি লীজ দিয়া কাৰ্য, যাৰ দ্বাৰা লীজীয়ে জলাশয়বোৰ নিজৰ ব্যক্তিগত সম্পত্তি হিচাপে ব্যৱহাৰ কৰি প্ৰাকৃতিক পৰিস্থিতিতন্ত্ৰ ধ্বংস কৰে৷
সংৰক্ষণ
কেৱল উত্তৰ-পূৰ্বাঞ্চলতে নহয়, ভাৰতৰ অন্যান্য ৰাজ্যতো মাছৰ সংৰক্ষণ প্ৰণালীবদ্ধভাবে কৰাৰ প্ৰয়োজন আছে৷ এই দিশত উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ স্থিত ভাৰতীয় কৃষি অনুসন্ধান পৰিষদ (ICAR) ৰ নেশ্ব্নেল বিউৰ’ অব ফিশ্ব্ জেনেটিক ৰিচ’ৰ্ছেচ (NBFGR)এ কাম কৰি আছে যদিও সেইয়া যথেষ্ট নহয়৷ মাছৰ সংৰক্ষণৰ বাবে ফলপ্ৰসূ চৰকাৰী যোজনা, কঠোৰ আইন প্ৰনয়ণ আৰু তাৰ সফল ৰূপায়ণ লগতে বলিষ্ঠ জনজাগৰণৰ প্ৰয়োজন৷ শোভাময় মাছ সংৰক্ষণৰ কিছুমান উপায় তলত বৰ্ণনা কৰা হ’ল৷
- প্ৰাকৃতিক আবাসস্থলৰ পৰা বিশেষ কিছুসংখ্যক মাছ ধৰা কাৰ্য সম্পূৰ্ণৰূপে আৰু সাময়িকভাবে নিষিদ্ধ কৰা৷
- বৈজ্ঞানিক পদ্ধতিৰে মাছৰ জিন’টাইপ সংৰক্ষণ কৰা৷
- বিশেষ বিশেষ জলাশয় চিহ্নিত কৰি মাছৰ চেন্চুৱাৰী (sanctuary) হিচাপে ঘোষণা কৰা৷
- দেশীয়ভাবে শোভাময় মাছৰ প্ৰজনন কৰি প্ৰাকৃতিক আবাসস্থলবোৰত চৰকাৰীভাবে মাছৰ পোণা মেলি দিয়া৷
- মাছৰ কৃত্ৰিম প্ৰজনন আৰু পালনৰ বাবে স্থানীয় যুৱক-যুৱতীক প্ৰশিক্ষণ দিয়া৷
- জীৱিত মাছৰ হেণ্ডলিং, পেকেজিং আৰু পৰিবহণৰ উন্নত পদ্ধতিৰ উদ্ভাৱন আৰু তাৰ প্ৰশিক্ষণ৷
- জনসাধাৰণক শোভাময় মাছৰ মূল্য, বিলুপ্তি আদিৰ বিষয়ে সচেতন কৰা আৰু এনে মাছ খাদ্য হিচাপে ব্যৱহাৰ নকৰিবলৈ উদ্গনি দিয়া৷
- মাছ ধৰা কাৰ্যৰ ওপৰত চিজনেল বেন (ban) আৰোপ কৰা৷
- কিছুমান মাছধৰা আহিলা, জাল যেনে আঠুৱা জাল সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা৷
- নদী, বিল, খাল আদিত বান্ধ দিয়া, সম্পূৰ্ণ পানী শুকুৱাই দিয়া কাৰ্য, পানীত বিষ দিয়া আদি কাৰ্য নিষিদ্ধ কৰি তাৰ অপৰাধিক কঠোৰ শাস্তিৰ ব্যৱস্থা কৰা৷
সামৰণি
অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ অপৰিসীম মৎস্য সম্পদৰ সম্ভাৱনীয়তা সন্দেহৰ উৰ্দ্ধত৷ এই সম্পদৰ সদোচিত ব্যৱহাৰ কৰিবলৈ সুশৃংখল গভেষণাৰে বহনক্ষম বাণিজ্যিক ব্যৱস্থা আজিও গঢ়ি উঠা নাই৷ তেনে কৰিলে ইয়াৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ অলেখ যুৱক-যুৱতীৰ সন্মানজনক কৰ্মসংস্থাপন হব পাৰে৷ কিন্তুু এনে পদক্ষেপ লোৱাৰ সময়ত, এটা কথাত সাৰ্বাধিক গুৰুত্ব আৰোপ কৰিব লাগিব যাতে এই অঞ্চলৰ জীৱ-বিবিধতাৰ কোনো প্ৰকাৰ ক্ষতি সাধন নহয়৷ বিলুপ্ত হ’ব ধৰা বহুসংখ্যক মাছৰ প্ৰজাতিৰ সংৰক্ষণৰ সময় ইতিমধ্যে উকলি গৈছে৷ সেয়েহে এই দিশত অনতিপলমে বলিষ্ঠ জনজাগৰণ আনিব লাগিব৷ অন্যথা আমাৰ উত্তৰ পুৰুষে আমাৰ বাপতি সাহোন মাছবোৰ দেখাৰ সৌভাগ্যকণৰ পৰাও বঞ্চিত হ’ব৷
লিখকৰ ঠিকনা:
বৰিষ্ঠ বৈজ্ঞানিক, ভাৰতীয় কৃষি অনুসন্ধান পৰিষদ (ICAR)- চেণ্ট্ৰেল ইন্স্টিটিউট অব প’ষ্ট হাৰ্ভেষ্ট ইঞ্জিনিয়াৰিং এণ্ড টেক্ন’ল’জি (CIPHET), লুধিয়ানা, পাঞ্জাব- 141004
ই-মেইল: [email protected]