উপলব্ধি (সঞ্জীৱ কেওট)

উপলব্ধি

আজি মেট্ৰিকৰ ৰিজাল্ট দিছে৷ মই টিভিৰ সন্মুখত মোৰ ল’ৰাৰ সৈতে বহি সর্ব্বোচস্থান অধিকাৰ কৰা ছাত্ৰ ছাত্ৰীসকলৰ সাক্ষাৎকাৰ চাই আছো৷ সিহতৰ নম্বৰ শুনি মোৰ চকু কপালত উঠিছে৷ মই মোৰ মেট্ৰিকৰ দিনলৈ উভটি গৈছো৷ মনতে বহু প্ৰশ্নই ভুমুকি মাৰিছে
“এওঁলোকে বাৰু ইমান নম্বৰ কেনেকৈ পায়? এওঁলোকে পোৱা নম্বৰবোৰৰ আধাও যদি মই পালোহেঁতেন তেন্তে তেওঁলোকৰ মাক দেউতাকৰ চকুত যি আনন্দৰ চকুপানী মই  দেখিছো, সেই একে চকুৰ পানী মোৰ স্ৱর্গীয় মা দেউতাৰ চকুতো দেখিলোহেতেন৷ মোৰ মনতো সেমেকি উঠিছে৷ হঠাৎ ল’ৰাটোৱে মোক ‘দেউতা কি হ’ল তোমাৰ’ বুলি সোধাত যেন মোৰ চমক ভাঙিল৷
মই দায় সাৰিবলৈকে তাক ‘একো নাই হোৱা অ’ বুলি কৈ আকৌ ভাবিছো৷ এতিয়া সেইবোৰ ভাবিলে হব কি? মই পোৱা নম্বৰৰ তিনিগুণতকৈ বেছি নম্বৰ পাই তেওলোকে পাছ কৰিছে৷ ক’ত মোৰ তৃতীয় বিভাগৰ ৩০-৩৫ নম্বৰ আৰু ক’ত তেওঁলোকৰ ৯০-১০০৷ তেওঁলোকে সাক্ষাৎকাৰত যে কৈ আাছে দৈনিক ১০-১২ ঘন্টা অধ্যয়ণ কৰাৰ কথা, মোৰতো শুনিয়েই গা জিকাৰ খাই উঠিছে৷ ইমান সময় কেনেকৈ পঢ়ে? ইংৰাজী, অংক, বিঞ্জান এইবোৰকেই লৈ সিহতে ১০-১২ ঘন্টা পঢ়ি থাকে! অংকবোৰ কৰি বাৰু মই ভালেই পাইছিলো, কিন্তু জ্যামিতি? অংকত জংক পংক লগাইছিল সেই জ্যামিতি বোৰে ৷ জ্যামিতি মই ইমানেই বেয়া পাইছিলো যে ইয়াৰ বাহু – কোণ বোৰে মোৰ মূৰত আওপকীয়া বৃত্তৰ সৃষ্টি কৰি মোৰ মনৰ পৰা বহু ডিগ্ৰীৰ আঁতৰত  অৱস্থান কৰিছিল৷ বিজ্ঞান পঢ়াৰ সময়ত সদায় মোৰ মনত পৰিছিল ক্ৰিকেট বেট খনলৈ ৷ আৰু বিজ্ঞানৰ যে ইমান টান টান সূত্ৰ, সমীকৰণ…. তাৰে যদি এটা সূত্ৰ ব্যৱহাৰ কৰি মোৰ বেটখন যাদুকৰী কৰি ল’ব পাৰিলোহেঁতেন…..য’ত থাকিলহেঁতেন ৪/৬ ৰ বুটাম ৷ ইচ্ছা কৰিলেই এটা বুটাম টিপি ৪ মাৰিম আৰু কোনোবা সময়ত আন এটা বুটাম টিপি মাৰিম বৃহৎ ছিক্সাৰ… এইবোৰ চিন্তা কৰি থাকোতেই আচল বিজ্ঞানৰ সূত্ৰ-সমীকৰণ ইমান বুজি নোপোৱা হৈ গৈছিলো যে পৰীক্ষাত কোনোমতে ওচৰৰ জনৰ পৰা চাই  আৰু পুৰীয়াৰ সহায় লৈও ত্ৰিশ নম্বৰ পাবলৈহে সক্ষম হ’লো৷ ইংৰাজীৰ সেই আমনি লগা দীঘলীয়া ৰচনা ‘মাই দেইলি লাইফ, মাই এইম ইন লাইফ’ বৰ আচহুৱা লাগিছিল..সেয়ে ইংৰাজীতো গ্ৰেছ মার্ক পাই হে পাছ কৰিলো৷ মই ইংৰাজী বেয়া পোৱা কাৰণ বহুত আছে, তাৰে ভিতৰত এই ৰচনাবোৰ অন্যতম৷
মই আকৌ কিতাপৰ সেই ডেইলি লাইফ’ৰ সাৰাংশটো মনত পেলাইছো৷ সেইখন ঠিক এনেধৰনৰ আছিল….
ৰাতিপুৱা চাৰে পাছ বজাত শোৱাৰ পৰা উঠি প্ৰাতঃকর্ম কৰি পঢ়াৰ টেবুলত বহো৷ চাৰে আঠ বজা লৈকে পঢ়ি শুনি গা-পা ধুই ভাত পানী খাই ইচকুললৈ ওলাই যাওঁ৷’ পাছত ইচকুলত কি কি হয় সেই বৰ্ণনা……‘ইচকুলৰ পৰা তিনিমান বজাত আহি ঘৰ সোমাওঁ৷ ভাত পানী খাই অলপ জিৰাই লগৰবোৰৰ লগত খেলিবলৈ ওলাই যাঁও ৷ সন্ধিয়া আহি হাত মুখ ধুই প্ৰার্থনা গাই পঢ়াৰ টেবুলত বহো ৷ ১০ মান বজাত ভাত খাই শুই পৰো ৷
কিন্তু সেইখন ‘ডেইলি লাইফ’ৰ বিপৰীতে বিপৰীতে মই আচলতে পালন কৰা ডেইলি লাইফ’খনৰ বিৱৰণ আছিল এনেধৰনৰ……
‘ৰাতিপুৱা সাত মান বজাত মাৰ গালি শুনি বিচনাৰ পৰা উঠি চাহকাপ খাই টিউশ্যনলৈ ওলাই যাওঁ৷ টিউশ্যনৰ পৰা চাৰে আঠ বজাত আহি আধা ঘণ্টাৰ কাৰণে গাঁৱলৈ ওলাই যাওঁ, আবেলি খেলিব লগীয়া ক্ৰিকেট খেলৰ কথা আলোচনা কৰিবলৈ৷ ‘ৰাতিপুৱা টিউশ্যনত পঢ়া হয়েই আকৌ মই বেলেগ কৈ কিয় পঢ়িব লাগে বুলি মনতে ভাবি চাৰে ন বজাত ইচকুললৈ ওলাই যাওঁ ৷ ইচকুলৰ আমনি লগা দিন এটাৰ অন্ত পেলাই চাৰে তিনিমান বজাত আহি ঘৰ পাওহি ৷ নাকে কাণে ভাতখিনি গুজি বেটখন লৈ ক্ৰিকেট খেলিবলৈ ওলাই যাওঁ ৷ মা হঁতে সন্ধিয়াৰ প্ৰার্থনা কৰাৰ পাছত আহি ঘৰ সোমাও ৷ বাইদেৱে চাহ কাপৰ লগতে দিয়া গালিখিনি শুনি পঢ়াৰ টেবুলত বহো৷ পঢ়াৰ টেবুলত বহি প্ৰথমতেই খেলখনত কি কি হ’ল অলপ সময় ভাবি থাকো আৰু কাইলৈ কেনেকৈ খেলিম তাৰ পৰিকল্পনা কৰি থাকো৷ তাৰপিছত টোপনিয়াই টোপনিয়াই কিতাপ পঢ়া শেষ কৰি যেনে তেনে ভাত কেইটা খাই বিছনা লওঁ গৈ-
সেই গুৰুত্ৱপূৰ্ণ দিনবোৰক উপেক্ষা কৰাৰ ফলস্ৱৰূপে বর্তমান মই এজন দোকানী ৷ ওচৰৰ চেণ্টাৰটোত গেলামালৰ দোকান এখন দি মোটামুটি উপার্জন কৰি চলি আছো ৷ আজি উপলব্ধি কৰো ছাত্ৰ অৱস্থাত মা দেউতাৰ গালিখিনি শুনি অলপ যদি মই মন লগাই পঢ়িলোহেঁতেন, তেন্তে আজি মই ল’ৰাৰ প্ৰশ্নৰ উত্তৰ অন্ততঃ নির্ভীক ভাবে দিব পাৰিলোহেঁতেন৷
তেনেতে ল’ৰাটোৱে আকৌ মোক আহি সুধিছে, ‘দেউতা তোমালোকৰ সময়ত ইমান নম্বৰ পাই পাছ কৰিছিলনে?’ তেতিয়া মই তাক ক’লো-
“বোপাই অ’ কৰিছিল৷ বহুতে ভাল ভাল নম্বৰ পাই পাছ কৰিছিল৷ কিন্তু মই পঢ়াত একেবাৰে ভাল নাছিলো, আচলতে নপঢ়িছিলো৷ কিন্তু মই তোক আজি আর্জি অহা উপলব্ধিৰ অভিজ্ঞতাৰ পৰা কওঁ কিতাপত থকা ডেইলি লাইফখন তই সদায় অনুকৰণ কৰিবি ৷ কাৰণ সেই কিতাপৰ ডেইলি লাইফেহে প্ৰকৃততে জীৱনৰ লক্ষ্যত উপনীত হবলৈ সহায় কৰে৷”
০০০০০০০
 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!