উভতনি (চিন্ময় গগৈ)
উভতনি
এইবাৰ মই ঘৰলৈ যাম মা…
বহুত হৈছে আৰু,
নিজৰ আত্মাটো বন্ধকত ৰাখি আৰু ধন ঘটিব নোখোজোঁ মা !
ভবা নাছিলোঁ ইমান দূৰ আঁতৰি আহিম মই নিজৰ পৰা,
“সপোনৰ দাম আপোনতকৈ বেচি নহয়”
আজি বুজি পাইছোঁ মা !
মই জীয়াব বিচাৰোঁ,
এই যান্ত্ৰিকতাৰ পৰা আঁতৰি
মানুহ হ’ব বিচাৰোঁ মা,
ব’হাগৰ প্ৰথমজাক বৰষুণত তিতিব বিচাৰোঁ
আকৌ এবাৰ দিখৌৰ বুকুত সাঁতুৰিব বিচাৰোঁ
ঘৰৰ সম্মুখৰ পথাৰৰ নৰা কাটি সমনীয়াৰ স’তে ক্ৰিকেট খেলিব বিচাৰোঁ।
নালাগে মোক অভিজাত সমাজ,বিদেশী সুৰা আৰু বিদেশী গান ,
তোৰ কোলাত মূৰ থৈ এবাৰ শুব খুজিছোঁ,
বহুত দৌৰিছো সফলতাৰ পিছত
এইবাৰ অলপ জিৰাব খুজিছো মা…!