ওলট-পালট : কবি- অতুল চন্দ্ৰ হাজৰিকা (ইউনিক’ড ৰূপান্তৰ- বৰ্ণালী হাজৰিকা)

এক আছিল বুঢ়া-বুঢ়ী,
না্ছিল সিহঁতৰ লৰা-লুৰী
কথাই কথাই এদিন দুয়োৰে,
লাগি গ’ল বৰ হুৰা-হুৰি,

বুঢ়াই ক’লে ফিতাহী মাৰি
শুনিছনে হায় ঘুগুলী বুঢ়ী
সাদিনত ত‍ই যিমান কৰ
এদিনৰ মোৰ কাম
মিছা কৈছো যদি অমুকা বুঢ়াৰ
সলাই থবি নাম,

বুঢ়ী উঠিল দাং খাই
উত্তৰ দিলে বুঢ়ালৈ চাই,
বুঢ়ীৰ যহতে দুবেলা দুমুঠি
খাই আছ’ ত‍ই ভাত
এদিন মাথোন নহ’লে ম‍ই
চেলাই পেলাবি দাঁত,

কাইলৈ বাৰু পৰমাণ চাম
হালখন লৈ ময়ে যাম,
ত‍ই হ’বি ঘৰৰ ঘৈণী
হাঁহ পাৰ বোৰ চাবি
আছে মানে ঘৰৰ কাম
মনোযোগ দিবি
গাই খীৰাবি ,ভাত ৰান্ধিবি
আৰু কাটিবি সুতা,
তেতিয়াহে তোক ম‍ই বুঢ়া
বুলিম বৰ মতা |

পিছদিনা হ’ল পুৱা
মুখত এখন সুমাই গুৱা,
বুঢ়ী ওলাল পোন্ধ মাৰি
কান্ধত নাঙল লৈ,
বুঢ়া থাকিল সেইদিনা ঘৰৰ ঘৈণী হৈ,
বঢ়ী আহিল হালৰ পৰা
দুখে-ভাগৰে আধামৰা
তায়ো পালে সেকা পালি
মুখেৰে নোলায় মাত
ঘটিয়ে ঘটিয়ে পানী খাই হে ত‍ত আহিল গাত |

বুঢ়াই ক’লে হাত যুৰি
অ’ মোৰ বুঢ়াৰ লগৰী
সচাকৈয়ে ত‍ই ঘৰৰ ঘৈণী
ঘৰৰ লখিমী মোৰ
মুৰৰ চুলিৰ সমানহৈ
আয়ুস বাঢ়ক তোৰ
শপত খাই ক’লো এ‍ই
তোৰ ভাগ আৰু নধৰো ম‍ই
তোৰ কামো নহয় ঢিলা,
প্ৰমাণ মাথো চালো,
নলগা জেঙত লগাৰ ফল
হাতে হাতে পালো |

বুঢ়ীয়ে ক’লে লাপুং বুঢ়া
মিছা নকওঁ এক কড়া
হাল বোৱা নহয় তিৰীৰ কাম
মতাৰ ৰন্ধা বঢ়া
বুজিলো দুয়ো দুয়োৰে দুখ
ভাল দৰে আজিৰ পৰা |

Subscribe
Notify of

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
BIJOY
3 years ago

ইণ্টাৰনেটত কবিতাটি লিখাৰ বাবে অসংখ্য ধন্যবাদ

Copying is Prohibited!