উল্টা-পুল্টা (মেৰিলিন দত্ত)
উল্টা-পুল্টা
মেৰিলিন দত্ত
হঠাতে কোনোবাই দুৱাৰখন টুকুৰিয়াব ধৰিলে! প্ৰচণ্ড জোৰৰে! দুৱাৰৰ সিপাৰে থকা ব্যক্তিজন যে অধৈর্য্য হৈ পৰিছে শব্দ শুনিয়েই অনুধাৱণ কৰিব পাৰি! দুৱাৰৰ থক থক শব্দৰ সৈতে কলিং বেলৰ মনপৰশা সংগীতটো মিশ্ৰিত হৈ এক অদ্ভুত শব্দৰ সৃষ্টি কৰিছে! কর্ণ কুহৰ বিদীর্ণ কৰা কোলাহল! এক প্ৰকাৰৰ! বিছনাখনৰ পৰা নমা মোৰ ভৰিখনে শ্লিপাৰযোৰ বিচাৰিবলৈ ধৰিলে!
পালে! শ্লিপাৰযোৰ ভৰিত সুমুৱাই মই থিয় হ’লো! কিন্তু ই কি!! মই দেখোন এটা নাইটি পিন্ধি আছো! মোৰ জিন্সটো ক’ত গ’ল! মোৰ হাত ভৰিবোৰ কঁপিবলৈ ধৰিলে! কঁপা কঁপা হাতখনে মোৰ শৰীৰটো খেপিয়াবলৈ ধৰিছে! ৰাতি ভিতৰতে অস্বাভাৱিকভাৱে মোৰ শৰীৰটোৰ পৰিবর্তন
হৈছে! শৰীৰটোৰ নিদিষ্ট কিছু ঠাইত কিছু অতিৰিক্ত মাংস সংযোজিত হৈছে! মই কঁপিবলৈ ধৰিলো! মূৰটো ঘূৰোৱা ঘূৰোৱা যেন লাগিল! সিফালে দোৱাৰখনৰ শব্দবোৰ আহি আছে! থক্ থকৰ পৰা শব্দবোৰ এতিয়া ধাম ধামলৈ পৰিবর্তিত হৈছে! মোৰ ৰুমটোত এন্ধাৰ! আজি ধৰিত্ৰী ঘন্টা! তথাপিও ছুইচটো দিলো! নাই! ধৰিত্ৰী ঘন্টা বছৰেকত ৩৬৫ দিনে পালন কৰি অহা আমি বিশ্বৰ একমাত্ৰ জাতি! মোবাইলৰ পোহৰৰে মই নাইটিটো এহাতৰে কোঁচাই দুৱাৰখনৰ ফালে আগুৱাই গ’লো! খুলিলো! দুৱাৰৰ সন্মুখত এটা জঁকা! আচৰিত! মই কথমপি নপৰিলো! দুৱাৰৰ সন্মুখত ডাইনোচৰ ? নে অন্য কিবা সৰীসৃপ ? ধৰিব পৰা নাযায়! জঁকাটোৱে মোৰ
ফালে চাই হাঁহিবলৈ ধৰিছে! তাৰ হাড়ৰ খট খট শব্দবোৰৰ সৈতে মোৰ কঁপনিবোৰ একাকাৰ
হৈ গৈছে! এইবাৰ জঁকাটোৱে কান্ধত লৈ অহা মোনাটোৰ পৰা মাছ ধৰা জাল এখন উলিয়ালে! মাত্ৰ কেইটামান ছেকেণ্ডৰ ভিতৰতে জালখনে মোক মেৰিয়াই ধৰিলে! মই ছটফটাবলৈ ধৰিলো!
জালখনৰ পৰা কিছুমান ৰঙা নীলাৰ অদ্ভুত শুং ওলাল! আৰু মোক খুচিবলৈ ধৰিলে! মই গাটো খজুৱাবলৈ ধৰিলো! অসহ্য যন্ত্ৰণাত ছটফটাবলৈ ধৰিলো! সিফালে জালখনে মোক চেপি ধৰিছে! মই ঘামি গৈছো! ওলাবলৈ আপ্ৰাণ চেষ্টা কৰিছো! পৰা নাই! পিন্ধি থকা নাইটিটো ঘামত তিতি গৈছে! মোৰ উশাহবোৰ ছুটি হৈ আহিবলৈ ধৰিছে ক্ৰমাৎ!
ক্ৰেচ….! ৰুমৰ কাষেদি যোৱা তীব্ৰবেগী ট্ৰাক এখনে বেক মাৰিলে!
মই সাৰ পাই উঠিলো! আঠুৱাখন কেনেবাকৈ ছিঙি মোক জপটিয়াই ধৰি আছে! ম’হ কেইটামানে তেতিয়াও মোৰ শৰীৰৰ পৰা ৰক্ত সংগ্ৰহ অভিযানত ব্যস্ত! মই অগ্ৰাহ্য কৰি হাতখন কঁকালৰ তললৈ নিলো! ঠিকেই! অতপৰে মই সপোন দেখি আছিলো! কাৰণ মোৰ পিন্ধনত
তেতিয়া এটা জিন্স পেন্ট!