উল্ফ মেছিঙ – অসীম শইকীয়া

1910 চনত জাৰ্মানীৰ এখন ট্ৰেইনত এজন পোন্ধৰ বছৰীয়া ল’ৰাই টিকট নথকাৰ কাৰণে বেঞ্চৰ তলত লুকাই গৈছিল৷ তাৰ হাতত খাবলৈও এটকা নাছিল৷ সেই সময়তে টিকট পৰীক্ষক জন ল’ৰাটোৰ ওচৰ পালেহি৷ পৰীক্ষক জনে ল’ৰাজনক টিকট দেখাবলৈ ক’লে, ল’ৰাজনে ভয়তে মজিয়াত পৰি থকা এটুকুৰা সৰু কাগজ উঠাই ল’লে আৰু চকু কেইটা বন্ধ কৰি ভাবিবলৈ ধৰিলে যে এইটো এটা ট্ৰেইনৰ টিকট আৰু পৰীক্ষক জনক দি দিলে৷ পৰীক্ষক জনে কাগজ খিলা চাই ল’ৰাটোক ক’লে টিকট আছে যদি তুমি কিয় লুকাই আহিছা, যোৱা নিজৰ চিটত বহাগৈ৷ এই ঘটনাটোৱেই ল’ৰাজনৰ জীৱন সলনি কৰি পেলালে৷ তেওঁ এসময়ত পৃথিৱীৰ বিখ্যাত ব্যক্তি হৈ পৰিল, যাৰ মূৰ বিচ্ছিন্ন কৰিলে হিটলাৰে বহু লাখ ডলাৰ পুৰস্কাৰ ঘোষণা কৰিছিল৷ তেওঁ ইমান প্ৰভাৱশালী ব্যক্তি আছিল যে ষ্টেলিন, আইনষ্টাইন, মহাত্মা গান্ধী দৰে ব্যক্তিয়ে তেওঁক লগ কৰিছিল আৰু গুণমুগ্ধ আছিল৷ সেই ব্যক্তিগৰাকীৰ নাম আছিল উল্ফ মেছিঙ(wolf messing)

মেছিঙৰ এখন আত্মকথা আছে যাৰ নাম “এবাউট মাইচেল্ফ“৷ ইয়াত তেওঁ লিখিছে কিদৰে ট্ৰেইনত হোৱা ঘটনাটোৱে জীৱন সলনি কৰিলে৷ মেচিঙে জীৱনত কৰা পৰীক্ষা নিৰীক্ষাবোৰ বহু বিজ্ঞানীয়ে কৰিব ধৰিলে প্ৰমাণ সহকাৰে সংজ্ঞা দিবলৈ৷

1940 চনত এখন নাটক মঞ্চস্থ কৰি থকা অৱস্থাত য’ত তেওঁৰ প্ৰয়োগবোৰ দেখুৱাব খুজিছিল, তেতিয়া ৰুছৰ নেতা ষ্টেলিনৰ সৈন্যই তেওঁক ক্ৰেমলিনলৈ ধৰি লৈ গ’ল৷ ষ্টেলিনে তেওঁক ক’লে যে মই এই কথা কেতিয়াও মানিব নোৱাৰো যে এজন ব্যক্তিয়ে আনজন ব্যক্তিৰ আন্তৰিক ধাৰণা আৰু চেতনাক প্ৰভাৱিত কৰিব পাৰে৷ সেইবাবে আপোনাক ধৰি অনা হৈছে । আপুনি মোৰ আগত ইয়াৰ প্ৰমাণ কৰক৷মেচিঙ সন্মত হল আৰু ষ্টেলিনে তেওঁক এক বন্ধ কোঠাত পিছদিনা দুই বজালৈকে বন্ধ কৰিলে আৰু ক’লে যে পিছদিনা দুইবজাত মস্কোৰ আটাইতকৈ ডাঙৰ বেঙ্কটোৰ পৰা একলাখ ৰুবল আনি দিব লাগে, তাকো, মেচিঙৰ ধাৰণাৰে বেঙ্কৰ কৰ্মচাৰীক প্ৰভাৱিত কৰি৷

গোটেই বেঙ্ক সৈন্যই ঘেৰি পেলাইছিল৷ দুজন বন্দুকধাৰীয়ে মেচিঙক লৈ বেঙ্কৰ এটা কাউণ্টাৰৰ মুখত পো্ৱালেগৈ৷ মেচিঙে এখন সৰু খালী কাগজত অলপ দেৰি দৃষ্টি দি কেৰাণীক দিলে৷ কেৰাণী জনে কাগজ খিলা অলপ দেৰি চালে আৰু কোনো কথা নোকোৱাকৈ এক লাখ ৰুবল মেচিঙৰ হাতত তুলি দিলে৷ মেচিঙে গৈ টকাখিনি ষ্টেলিনৰ হাতত গতাই দিলে৷ ষ্টেলিন আচৰিত হল যদিও বিশ্বাস কৰিবলৈ টান পালে৷

মেচিঙ একেখিনি ৰুবল ঘূৰাই দিবলৈ আকৌ বেঙ্ক পালেগৈ আৰু কেৰাণীক তেওঁ আগতে দিয়া কাগজখন ঘূৰাই দিবলৈ ক’লে৷ কেৰাণী জনে দেখিলে সেই খন এখন খালী কাগজ আছিল, লগে লগে হাৰ্ট এটেক হৈ তেওঁ ঢলি পৰিল৷

ষ্টেলিনে এতিয়াও বিশ্বাস কৰিবলৈ টান পালে, পুনৰ মেচিঙক ক্ৰেমিলনত কঠোৰ সুৰক্ষাত আৱদ্ধ কৰি ৰাখিলে আৰু জনালে যে কাইলৈ বাৰ বজাত কঠোৰ নিৰাপত্তা বেষ্টনী পাৰ হৈ তেওঁ ষ্টেলিনৰ ওচৰত উপস্থিত হ’ব লাগে৷ এইবাৰো মেচিঙ সফল হ’ল, বাৰবজাত ষ্টেলিনৰ ওচৰত উপস্থিত হল মেচিঙ৷

ইয়াতো ষ্টেলিন সন্তুষ্ট নহল, তেওঁৰ মন কমিউনিষ্ট ভাৱধাৰাৰে ইমান প্ৰতিপালিত যে এই ঘটনা বোৰ মানিবলৈ টান পালে৷ তেওঁ এইবাৰ মেচিঙক ৰাতি বাৰবজাত তেওঁৰ সুৰক্ষিত কোঠাত উপস্থিত হবলৈ নিৰ্দেশ দিলে৷ ষ্টেলিনৰ কোঠাত সোমোৱাটো এক অসম্ভৱ কাম আছিল৷ কোনেও গম নাপায় ষ্টেলিন কোনটো কোঠাত শোৱে৷ তিনিতৰপীয়া সুৰক্ষা ৱ্যৱস্থাৰ প্ৰথম তৰপ সৈন্যই ষ্টেলিন চাৰি নম্বৰ কোঠাত থাকে বুলি জানে, দ্বিতীয় তৰপে ছয় নম্বৰ বুলি জানে, তৃতীয় তৰপে আঠ নম্বৰত থাকে বুলিহে জানে৷ ষ্টেলিনৰ পত্নীয়েও নাজানে তেওঁ কোনটো কোঠাত শোৱে৷ সকলো কোঠা দেখিবলৈ একে৷

ৰাতি বাৰবজাত সৈনিক সকলে পহৰা দি আছে, আচৰিত ধৰণে মেচিঙ ষ্টেলিনৰ কোঠাত উপস্থিত হ’ল৷ ষ্টেলিনৰ নিচিনা ব্যক্তি কঁপি গ’ল, সুধিলে, ‘এয়া তুমি কেনেকৈ কৰিলা’ ।

 

মেচিঙে উত্তৰ দিলে-মই নাজানো, বহুত একো কৰা নাই মাত্ৰ আপোনাৰ সৈনিকক কলো“আই এম বেৰিয়া“ আপোনাৰ সৈন্যই চালাম দি মোক সোমাবলৈ অনুমতি দিলে৷ বেৰিয়া ৰুছ পুলিচ চীফ আছিল, ষ্টেলিনৰ পিছতেই আটাইতকৈ ক্ষমতাশালী আছিল৷ সম্পূৰ্ণ নাম আছিল Lavrenity Pavlovian Beria

মেচিঙৰ আগতে ৰুছত ষ্টেলিনৰ আদেশত বহুত লোকক হত্যা কৰা হৈছিল কাৰণ মেচিঙৰ ধাৰণা সমূহে ভৌতিকবাদী কমিউনিষ্ট ভাৱধাৰাক পঙ্গু কৰিব বুলি ভয় খাইছিল৷ ষ্টেলিনে মেচিঙৰ ধাৰণাসমূহ ৰুছ বৈজ্ঞানিক সকলক বুজাবলৈ নিৰ্দেশ দিলে যাতে যুদ্ধত এই ধাৰণা সমূহ প্ৰয়োগ কৰিব পাৰি৷ উদাহৰণস্বৰূপে এখন যুদ্ধ জাহাজে যদি এখন দেশত আক্ৰমণ কৰিবলৈ যায়, তেন্তে পাইলটক প্ৰভাৱিত কৰি পাইলটৰ নিজৰ ৰাজধানীতে আক্ৰমণ কৰাব পাৰি৷ দ্বিতীয় বিশ্বযুদ্ধৰ পিছতে মাৰ্কিন প্ৰশাসনেও এই বিষয়ে গৱেষণা কৰা শুনা যায়৷ গতিকে যুদ্ধৰ শেষ অস্ত্ৰ ভৌতিক নহয়, মানসিক চেতনা বা ধাৰণা হ’বও পাৰে ভবিষ্যতে৷

 

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!