ত্ৰয়োদশ বৰ্ষ, চতুৰ্থ সংখ্যা, আঘোণ, ১৯৪৫ শক, নবেম্বৰ, ২০২৩

উৎসৱৰ ৰাতি —প্ৰতিমা ৰাজৱাৰ

 

১.
উৎসৱৰ ৰাতি তোমালোক সাৰে থাকা
আকাশত একাদশীৰ জোন আৰু তৰা
তোমালোক বৃত্তাকাৰে ঘূৰি ঘূৰি নাচা
নিজৰ মৃত্যুৰ উপত্যকাত
২.
তোমালোক উৎসৱৰ ৰাতি সাৰে থাকা
তোমালোক যি বাটেৰে গৈ আছা
সেই বাট অন্ধকাৰৰ মকৰা জাল
তাত কঁহুৱা নুফুলে
তোমালোক নিতৌ বন্ধী হৈ গৈ থাকা
৩.
প্ৰাচীন ভোকৰ শৰীৰ
তাত তোমালোকৰ ভুল নাছিল
এফাঁকি ঝুমুইৰৰে ভোক গুচোৱা
এজাক সেউজীয়া ৰেঙনি
৪.
উৎসৱৰ ৰাতি তোমালোকৰ চকুত টোপনি নাই
অমল ভাৱনাত টলমল
নিৰ্মেঘ আকাশৰ কেনভাচ
নৈসৰ্গিক চলমান ছবি
৫.
উৎসৱৰ ৰাতি তোমালোক টোপনি নোযোৱা
এবাটি হাৰিয়াত ডুবাই স্নান কৰোৱা
দুখৰ দিন ৰাতি
—————————-

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!