উৎসৱ : শাংকব চাংমাই

উৎসৱ

শাংকব চাংমাই

বুজি পাওঁ দিনত নুফুলে ৰাতি ফুলা ফুল। জানো মৰতত নহয়, সৰগতহে আছে পাৰিজাতৰ সঁচ।

১/ কাগজৰ নাও সাজি উটুৱাই দিয়াৰ সময়ত অদ্ভুত কিছুমান সপোনে পোখা মেলিছিল কুমলীয়া মনত। ডেউকা মেলি উৰি যাবৰ মন গৈছিল অচিন দেশলৈ। সন্ধিয়া চাকিৰ ঢিমিক ঢামাক পোহৰত উজ্জ্বল হৈ উঠিছিল কাঠ পেঞ্চিলেৰে অঁকা ছবিবোৰ। পদূলিৰ আন্ধাৰ ভেদি ভাঁহি আহিছিল কোনো ঘৰমুৱা গৰখীয়াৰ প্ৰাণখোলা বনগীত। অচিনাকি সেই গৰখীয়াৰ গীতৰ সতে একাত্মবোধ কৰিছিলোঁ, মন প্ৰাণ এক অবুজ শিহৰণত কঁপি উঠিছিল। লাহে লাহে কৈশোৰ নামিছিল।

২/ তাইৰ হাতৰ জেতুকা খিনিৰ ৰঙ কেনেকৈ পাহৰোঁ। তীব্ৰ জেতুকাৰ ৰঙে চকু চাঁট মাৰি ধৰিছিল। লুকাই চুৰকৈ কেৰাহি চকুৰে বাৰে বাৰে চাইছিলোঁ তাইৰ ফালে। এক চেপা উত্তেজনাৰ সুপ্ত আগ্নেয়গিৰি সাৰ পাব ধৰিছিল বুকুৰ কোনো গভীৰতম কোণত। ভুঁই ৰুবলৈ মতা ৰোৱনী কেইজনীৰ মাজত তাইও আছিল– লাহি কঁকালটি হাওলাই এগোছ দুগোছকৈ বোকাত পুতি যোৱা কঠীয়াৰ মাজত মই দেখা পাইছিলোঁ সোণালী শইচৰ ৰঙ। হুৰহুৰাই বৰষুণ নামিছিল। হালখন ঠাইতে এৰি তাইৰ ওচৰলৈ গৈ জাপিটো পিন্ধাই দিছিলোঁ। লগৰবোৰে কিৰিলি মাৰি হাঁহিছিল। তাইও হাঁহিছিল- মিচিকিয়াই। যৌৱনৰ প্ৰথম অধ্যায়ৰ প্ৰথম পাতখিলা শাওণৰ বৰষুণত জুৰুলি-জুপুৰি হৈছিল।

৩/ চৰকাৰী দফতৰত ফৰমাইছ অনুসাৰে ফাইলৰ ওপৰত জমা হোৱা ধূলিৰ অৱয়ববোৰ ফু মাৰোঁ– এস্থমাৰ নিলাজ আমনিটোৱে সুবিধা পাই উক দিয়ে। গ্ৰাহ্য কৰিবলৈ সময়েই বা ক’ত? লেতেৰা ফ্লাস্কৰ পৰা ঘৈণীয়ে কৰি দিয়া চাহ কিম্বা কফি ষ্টীলৰ পুৰণি গিলাছটোত বাকি লৈ লাহে লাহে চিপ মাৰোঁ; চশমাৰ গ্লাছ চাফা কৰোঁ, সন্ধিয়া নোহোৱালৈকে হাতত পিন্ধা ঘড়ীটো নাই কমেও এক ডজনবাৰ চাওঁ। বজাৰৰ মোনাটো কঢ়িয়াই বজাৰখন সস্তীয়া হোৱালৈ বিফল অপেক্ষা কৰোঁ। জুতি নলগা তৰকাৰী-ভাত খাই পালেঙত বেৰৰ ফালে চাই চাই দীঘল দিওঁ; পোন হৈ টোপনিয়াব নোৱাৰোঁ- সৰু ল’ৰাটোৱে মেট্ৰিক দিব, লাইটটো জ্বলি থাকিলে শুবলৈ বৰ অসুবিধা পাওঁ। গাৰ্হস্থ্য জীৱনৰ টোপনিবোৰৰ পৰা সপোনবোৰ এটি এটিকৈ উঁৱলি ছিঙি সৰি যায়। গ্ৰাহ্য কৰিবলৈ সময়েই বা ক’ত?

৪/ অৱসৰ লোৱা মানুহৰ আৰু কি কাম? একেখন বাতৰি কাকতকে উৰাই-ঘূৰাই তিনিবাৰ পঢ়োঁ- বাৰীত খুঁচৰি পাচলি জগাবলৈ যত্ন কৰোঁ। পো-বোৱাৰীক কিবা এষাৰ ক’লে কেটেৰা-জেঙেৰা এপোৱামান উফৰি আহে, পৰাপক্ষত মৌন-মুনিৰ ভাও লৈ চকু মুদি থাকোঁ। শৰীৰৰ আঁহবোৰতো ঘূণে ধৰিছে- তেল নোপোৱা মটৰৰ দৰে আৰ্তনাদ কৰি মাজে মাজে সঁকিয়াই দিয়ে বাৰ্দ্ধক্যৰ কথা। সহধৰ্মিণীয়ে শ্বৰ্ট-কাট লৈ ফাঁকি দি গুছি গ’ল। সন্যাসীৰ দৰে সুঁৱৰোঁ নেদেখাজনক, সোনকালেই মাতি নিবলৈ কাকূতি কৰোঁ। সময়ৰ চকৰি গোটেই জীৱন ধৰি দ্ৰুতলয়ত ঘূৰি ঘূৰি এইখিনিতে বিলম্বিত ৰূপত যেন ফচি থাকিল; সময়ো চাগে বৃদ্ধ হৈছে।

জেতুকা লগা হাতখন, ঢিমিক-ঢামাক পোহৰত ভাঁহি অহা বনগীতৰ সুৰ এতিয়াও অনুভৱ কৰে মোৰ ইন্দ্ৰিয়ই। হয়তো ইন্দ্ৰিয়বোৰৰ সোপাৰে পৰকিতি লৰিছে। বুজোঁ দিনত কেতিয়াও নুফুলে ৰাতি ফুলা ফুল। জানো মৰতত নহয়, সৰগতহে আছে পাৰিজাতৰ সঁচ। কিন্তু সেই সৰগৰ মায়াতকৈ মৰতৰ মোহহে গধূৰ হৈ আহিছে। মৰততেই আকৌ আৰম্ভ কৰিবলৈ ইচ্ছা হৈছে এই যাত্ৰা।

বনগীতৰ ৰিং টোৱে, জেতুকা বোলোৱা হাতখনে খামোচ মাৰি ধৰিছে মোৰ হৃত্‍পিণ্ড- উশাহবোৰ লাহে লাহে নোহোৱা হৈ আহিছে… পথাৰৰ বোকাত মই লাহে লাহে সোমাই গৈ আছোঁ, অসহ্য হৈ উঠা পোহৰৰ উপদ্ৰৱ সহিব নোৱাৰি চকু দুটি মুদি দিছোঁ, এখন ডাঙৰ দুৱাৰ খোল খাইছে.. ভিতৰৰ পৰা উটি আহিছে কোনো উত্সৱৰ উছাহ… ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!