“উৰ্কা” (দিগন্ত কুমাৰ ভট্টাচাৰ্য)

Diganta Kr.Bhattacharya image

২০০৫চনৰ ভোগালী বিহুৰ সময়। পুণেত তেতিয়া ৰুম এটি ভাৰা কৰি অকলে থাকোঁ। যিঘৰ চিনাকী অসমীয়া পৰিয়াল আছিল, তেওঁলোকো অসমলৈ গ’ল। মায়ে পুৱাই ফোন কৰি ক’লে-‘মাছ বা মাংস কিবা এবিধ আনি ৰান্ধি খাবি..আজি উৰুকা’।
অ’ফিচৰ ব্যস্ততাৰ বাবে সন্ধিয়ালৈ পাহৰিয়েই গৈছিলোঁ সেইদিনা উৰুকা। প্ৰায় সাতমান বজাত ফোন এটি আহিল। কলেজত একেলগে পঢ়া বন্ধু এজনৰ। সিও পুণেত থাকে। প্ৰায় দুমাহেই হ’ল হেনো। গমেই পোৱা নাছিলোঁ। তাক মোৰ ৰুমলৈ মাতিলোঁ ‘উৰুকা’ বুলি। আঠমান বজাত সি আহিল। লগত আৰু দুজন আমাৰ সহপাঠী। হাতত প্ৰায় দুই-তিনি কিল’ গাহৰি আৰু মুৰ্গীৰ মাংস। মই মাছ কিনি লৈ গৈছিলোঁৱেই।
‘আৰু দুজনমান আহিব ৰ..আমি খবৰ দিছোঁ’- সিহঁতে ক’লে। ইটোৰ মুখে সিটোৱে শুনি দহমান বজাৰ ভিতৰত প্ৰায় ষোল্লজন মান চিনাকী-অচিনাকী বন্ধু আহি গোট খালে মোৰ সৰু ৰুমটোত। দুজনমান মণিপুৰ-নগালেণ্ডৰ। সিহঁতেও ‘উৰুকা’ কি জানে। চাৰে-এঘাৰমান বজাত আমি ৰান্ধিবলৈ আৰম্ভ কৰিলোঁ। গাহৰি-মাছ-মুৰ্গী-পঠা!

এক সাংঘাটিক আড্ডা আৰম্ভ হ’ল। বহুকেইজন আমাৰ কলেজ’ৰ আছিল। আড্ডাৰ ট’পিকসমূহ ‘কমন’ পৰি গৈছিল আমাৰ।
‘মৌচুমীয়ে তোক ‘না’ কিয় কৈছিল আজিও নুবুজিলোঁ’- গীতাৰ্থই অৰ্ণৱক সুধিলে। অৰ্ণৱ ‘ইমোশ্য’নেল হৈ গ’ল। চকুৰ পৰা ধাৰাসাৰ পানী। মুকুট আকৌ বিৰাট শান্ত। আনৰ চকুত চকুলো তাৰ সহ্য নহয়। সিও অৰ্ণৱৰ হাতত ধৰি সান্ত্বনা দি দি চকুপানী নিগৰালে।
‘মই মৌচুমীৰ নম্বৰটো জানোঁ। ৰ, আজি ফোন কৰি হয় ইপাৰ, নহ’লে সিপাৰ….’- আৰ্মীত চাকৰি পোৱা সেয়া ৰঞ্জন। ‘দম’ আছে তাৰ। ফোন লগালে পুণেৰপৰা ক’লকাতাত থকা মৌচুমীলৈ। ফোন ধৰা নাই। আকৌ চেষ্টা কৰি আছে। এটা সময়ত ফোন ধৰি মৌচুমীৰ ধমক-‘ফাল্টু কথা এটা ক’বলৈ এই ৰাতি একবজাত ফোন কৰিছা??’
অৰ্ণৱৰ কান্দোন বাঢ়ে। মাজতে এজনে গৈ ‘জুই একুৰা নহ’লে কিহৰ উৰুকা’ বুলি বেলক’নীত থকা টাবটোৰ ওপৰতে কাগজ কেইটুকুৰা মান দি জুই ধৰে। প্লাষ্টিকৰ টাব। কাগজৰ লগতে টাবটোও জ্বলে। চিঞৰত বেলক’নীৰ ঠাণ্ডা বতাহজাকেও পলাই ফাঁট মাৰে। এজনে ‘আজি বিহুৰ উৰুকা, কাইলৈ বিহুৰ ভুৰুকা’ গাবলৈ আৰম্ভ কৰে। সমস্বৰে আটায়ে গায়। দুজনমানে কঁকাল ভঙাৰ চেষ্টা দিয়ে।

প্ৰায় তিনিমান বজাত আমি উৰুকাৰ ভোজ খাবলৈ বহোঁ। মোৰ ৰুমত আছিল মাত্ৰ দুখন কাঁহী। কোনোবাই কুকাৰত, আন কোনোবাই কেৰাহী বা সৰু প্লেটতে খাবলৈ আৰম্ভ কৰে।
হঠাতে দুৱাৰত টোকৰ পৰিল। দুৱাৰ খুলি দিলোঁ। বাহিৰত প্ৰায় বিশজনমান বিল্ডিঙটোৰ আৱাসী। চকু-মুখে খঙ-বিৰক্তিৰ চাপ স্পষ্ট। ভিতৰত আমাক সকলোকে দেখি হতবাক। কোনাবাই কুকাৰটো লৈ ভাত খাইছে, কোনোবাই দহ ছেন্টিমিটাৰ ব্যাসাৰ্ধৰ প্লেট এখনত মাংস লৈ চোবোৱাত ব্যস্ত বা অৰ্ণৱ আকৌ মুকুটৰ কান্ধত মূৰটো থৈ চকুলো নিগৰোৱাত মচগুল! কি এক পৰিৱেশ!!

হিন্দী-মাৰাঠীতে গালি আৰম্ভ কৰিলে-‘তহঁত পাগল হৈছ? কিহৰ ইমান হাল্লা এই ৰাতি তিনি বজালৈ’। লগৰ এজনে তাৰ তথৈবচ হিন্দীতে ক’লে-‘আজ মানে উৰুকা হ্যে না’!
এজনে চিঞৰিলে-‘উল্ফা(আলফা) সুনা হ্যে..য়ে উৰ্কা ভি এইচা হী হ্যে ক্যা? তুমলোগ উৰ্কা হো’
‘হা, উৰ্কা ভি উল্ফা জেইচা হী হ্যে…বাট থোড়া নৰমপন্থী হ্যে’- লগৰজনে ক’লে। তেওঁলোকৰ মাজত কিবা কথোপকথন চলিল। অলপপৰ পিছত তেওঁলোক আঁতৰি গ’ল। আমি পুনৰ ‘উৰুকা’ খোৱাত ব্যস্ত হ’লোঁ। এসপ্তাহ পাছত ঘৰৰ মালিকে মোক ঘৰটো এৰি যাবলৈ নিৰ্দেশ দিলে। বিল্ডিংটোৰ সেই মানুহকেইজনক এটা কথাই বুজাই কোৱা নহ’ল ‘উৰুকা(উৰ্কা)’ মানে আচলতে কি!!

 

One thought on ““উৰ্কা” (দিগন্ত কুমাৰ ভট্টাচাৰ্য)

  • April 18, 2015 at 9:34 am
    Permalink

    বহুত সুন্দৰ ৷ ভাল লাগিল পঢ়ি ৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!