ঊনসত্তৰঃগাড়ীলোৱা – মৃদুল কুমাৰ শৰ্মা
শৰ্মা- হেৰা শুনিছানে?
শৰ্মানী- ৰ’বাহে, ইমান জোৰে নিচিঞৰিলেও হয়৷ টিটুক পঢ়াই আছো৷
শৰ্মা- আসঃ, ভাল খবৰ এটা লৈ আনিছো তুমি আকৌ খঙেই কৰি দিলা৷
শৰ্মানী- উৱা কি ভাল খবৰ ডাৰ্লিং? কোৱানা কোৱানা৷ পিলিজ৷
শৰ্মা- আজি গাড়ীৰ ডিলাৰৰ পৰা ফ’ন কৰিছিল৷ আমাৰ গাড়ী আহি গৈছে দুদিন পিছতে ডেলিভাৰি ল’ব পাৰিম৷
শৰ্মানী- উহ্ ৰক্ষা দেই৷ তিনিমাহ ৰৈ ৰৈ আজিহে মনটো ভাল লাগিছে৷
শৰ্মা- তাকেই, খবৰটো পায়েই মনটো ইমান ভাল লাগি গ’ল যে খাহী মাংস এপোৱা লৈয়েই আনিলো৷
শৰ্মানী- ভাল কৰিলা৷ আজি ৰুটী মাংসকে খাম৷ আৰু কিবা আনিছা নেকি?
শৰ্মা- হেঃ হেঃ, সৰু চাই এটা আনিছো আজি৷ বতৰটোও ঠাণ্ডা৷
শৰ্মানী- হুহ্, আৰু মোৰ কাৰণে?
শৰ্মা- ব্ৰীজাৰ নাপালো৷ তুমি মোৰ ভাগৰ পৰাই অলপ পানী বেছিকে দি খাবা৷
শৰ্মানী- বাৰু ঠিক আছে৷ পাৰ্টিৰ দিনা কিন্তু মোক ব্ৰীজাৰ খুৱাবই লাগিব৷ চব যোৱাৰ পিছত খাম৷
শৰ্মা- পাৰ্টি? কিহৰ পাৰ্টি আকৌ?
শৰ্মানী- উৱা? গাড়ী লোৱাৰ পাৰ্টি আকৌ৷ পাৰ্টি এটাটো দিবই লাগিব৷ আজিকালি চবেই দিয়ে৷
শৰ্মা- হেৰা, শুনাচোন৷ গাড়ীখনত অলৰেডি এসোপা টকা গ’ল; মাহে মাহে লোণৰ কিস্তি দিব লাগিব; পেট্ৰ’ল, মবিলৰ খৰচ আছেই৷ আজিকালি গাড়ীৰ পলিছ এটাৰো যিহে দাম৷ অলপ খৰচবোৰ কমাব এৰি তুমি আকৌ পাৰ্টি দি পইচা খৰচ কৰাবলৈ ওলাইছা৷
শৰ্মানী- হেৰা শুনানা৷ পাৰ্টিটো দিলে আমাৰ লাভো হ’ব নহয়৷
শৰ্মা- লাভ? কিহৰ লাভ? পাৰ্টি দিলে খৰচহে হয়, লাভনো কেনেকে হ’ব? খাবলৈ মানুহ মাতি পিছত পইচা ল’বা নেকি?
শৰ্মানী- কি যে কোৱা, খাবলৈ মাতি পইচা ল’বলৈ কোৱা নাই নহয়৷ খৰচনো কিমান হ’ব- লুচী, বুটৰ ডাইল, মিঠাই আৰু পায়সেৰেই হৈ যাব৷ কেকটো মই নিজেই অভেনত দি কৰিম৷
শৰ্মা- তেনেহ’লে কেনেকৈনো লাভ কৰিবা বুজাই দিয়াচোন৷
শৰ্মানী- ধেৎতেৰি! তুমিও যে আৰু! একেবাৰে অঁকৰা হৈয়েই আছা৷ সিদিনা কলিতা-কলিতানীৰ মেৰেজ এনিভাৰ্চাৰিত সুদা হাতেৰে গৈছিলা নেকি? পিংকীৰ বাৰ্থডে’ত কি দিছিলা মনত নাই? তেনেকৈয়ে আমাৰ পাৰ্টিতো মানুহে গিফ্ট লৈ আহিব নহয়৷ আজিকালি কোনেও সুদা মুখেৰে পাৰ্টি খাবলৈ নাযায়৷ যিমান কনজুছ হ’লেও হাতত কিবা এটা লৈয়েই যায়৷
শৰ্মা- পিছে তোমাৰ গাড়ীলোৱা পাৰ্টিতনো মানুহে কি গিফ্টডাল দিব?
শৰ্মানী- আনিব নহয় চাই থাকা৷ সিদিনা বৰানীহঁতৰ নতুন ফ্লেট লোৱা পাৰ্টিত আমি হাৰ্পিক আৰু টইলেট ব্ৰাছ লৈ যোৱা নাছিলো? তেনেদৰে আমাকো গাড়ী ধোৱা ছেম্পু, পলিছ, স্প্ৰে আদি দিব চাই থাকা৷
শৰ্মা- বাঃ, তোমাৰ বৰ বুধি দেই৷ কিবা সৌভাগ্যৰ বলতহে তোমাৰ দৰে ঘৈণী পাইছো৷
শৰ্মানী- উম, সেইটোতো হয়েই৷ পিছে এতিয়া তুমি চাহকাপ খাই দত্তৰ প্ৰেছলৈ যোৱাগে৷
শৰ্মা- প্ৰেছলৈ আকৌ কিয়?
শৰ্মানী- উৱা ইনভাইটেচন কাৰ্ড ছপাব নালাগিব জানো?
শৰ্মা- কি কোৱাহে গাড়ীলোৱা পাৰ্টিটো ইনভাইটেচন কাৰ্ড? মাই গড! পিংকীৰ তোলনীবিয়াত চিঠি ছপাই মানুহ মাতোতে ডেকানীহঁতে ফেচবুকত কি কি বিতৰ্ক কৰিছিল মনত নাই৷
শৰ্মানী- বাদ দিয়াহে৷ সেই ডেকানীয়েই দেখোন বৰানীহঁতৰ ঘৰলোৱা পাৰ্টিত দহখন লুচী দবাই দিছিল৷ তেওঁলোকেওতো চিঠি ছপাই মানুহ মাতিছিল৷
শৰ্মা- মিছামিছি আৰু চিঠিৰ খৰচ৷ গিফ্ট নানিলে চাবা৷ লিখা তুমিয়েই৷
শৰ্মানী- আসঃ, চাই থাকাচোন৷ আমাৰ এবছৰৰ চেম্পু, পলিছ আহি যাব৷ মই কৈ যাওঁ তুমি লিখি যোৱা৷
শৰ্মা- ঠিক আছে ঠিক আছে৷ কৈ যোৱা৷
শৰ্মানী- লিখা- “প্ৰীতিভাজনেষু৷ নমস্কাৰ গ্ৰহণ কৰিব৷ অহা সোমবাৰে আমাৰ ঘৰলৈ নতুন গাড়ী এখন আহিব৷ সোমবাৰে ’গেৰেজ প্ৰৱেশ’ আৰু মংগলবাৰে ’অভ্যৰ্থনা’ৰ আয়োজন কৰা হৈছে৷ তদুপলক্ষে মংগলবাৰে এখন্তেক আমাৰ ঘৰত পদধূলা দি আমাৰ কৃতাৰ্থ কৰিব বুলি আশা কৰিলো৷ ধন্যবাদ৷ “
শৰ্মা- ৱাও! তোমাৰ কিছু ’টেলেণ্ট’ আছে দেই৷ চাওঁ ওচৰলৈ আহাচোন৷
শৰ্মানী- যাহ বদমাচ৷ টিটুৱে দেখিব৷■■