ঋতু ছুটী — অনুবাদ: অৱনী বুঢ়াগোহাঁই
ঋতু ছুটী
তচলিমা নাচৰিন
অনুবাদ: অৱনী বুঢ়াগোহাঁই৷
মুম্বাইৰ এটা কোম্পানীয়ে ঘোষণা কৰিছে যে তেওঁলোকৰ নাৰী কৰ্মীসকলে স্ৰাৱৰ পহিলা দিনা ছুটী লাভ কৰিব৷ বাহ্, বিৰাট আনন্দৰ সংবাদ৷ কিমান ভাল হ’লহেঁতেন যদি সকলো কোম্পানীবোৰ এনেকুৱাই “ৱিমেন ফ্ৰেণ্ডলি“ বা নাৰীৰ প্ৰতি সহানুভূতিশীল হ’লহেঁতেন! পিচে এই এদিনৰ ছুটীটো নাৰীসকলৰ বিপক্ষে যাব বুলিহে আশঙ্কা কৰিছোঁ৷ মহিলাক চাকৰিত ল’বলৈ এনেয়ো বহুত কোম্পানীৰেই আপত্তি৷ মহিলা হেনো চাকৰি কৰাৰ যোগ্য নহয়৷ কিয়নো মহিলাসকল গৰ্ভৱতী হৈ পৰে, সন্তান প্ৰসৱৰ বাবে দীৰ্ঘদিন জুৰি অনুপস্থিত থাকিব লগা হয়৷ গৰ্ভৱতী হোৱাৰ ঝামেলা যিহেতু পুৰুষসকলৰ নাই, সেয়ে পুৰুষসকলক কৰ্মী হিচাপে কোম্পানীৰ মানুহে বেছি পছন্দ কৰে৷ কৰ্মীসকলৰ অনুপস্থিতিৰ বাবে উৎপাদন বা লাভৰ পৰিমাণ কমি যাওক, সেয়া কোনেও নিবিচাৰে৷ এতিয়া যদিহে ঋতুস্ৰাৱৰ ছুটী আৰম্ভ হৈ যায়, তেতিয়াহ’লেতো “ৱিমেন ফ্ৰেণ্ডলি“ হোৱাৰ সলনি কোম্পানীবোৰ এনেদৰে নাৰীবিৰোধী হৈ উঠিব যে ছোৱালী-মহিলাক চাকৰিয়েই নিদিব৷ ছোৱালীক স্কুললৈ যাবলৈ, পঢ়াশুনা কৰিবলৈ, চাকৰি কৰিবলৈ, বেপাৰ-বণিজ কৰিবলৈ, উপাৰ্জন কৰিবলৈ, নিজৰ ভৰিৰ ওপৰত থিয় হবলৈ শতাব্দীৰ পাছত শতাব্দী পুৰুষসকলে বাধা দি আহিছে৷ এতিয়া যিদৰে যুদ্ধ কৰি নাৰীসকলে নিজৰ অধিকাৰকণ আঁজুৰি আনিছে, অপ্ৰয়োজনীয় ছুটীয়ে আকৌ সকলোবোৰ ওলট-পালট কৰি পেলাব৷ নাৰীবিৰোধী ষড়যন্ত্ৰত পুৰুষ কিমান পাৰ্গত সেয়া আমি নজনা নহয়৷
ঋতু ছুটীৰ প্ৰয়োজন নাই৷ কাৰণ ঋতু হৈ থকা সময়ত সকলো ছোৱালীৰ তলপেটত যন্ত্ৰণা নহয়৷ যাৰ হয় তেওঁ বিষ উপশমৰ দৰব খায়৷ যদিহে কাৰোবাৰ বিষ নিৰোধকে কাম নিদিয়ে, অসুস্থতাজনিত কাৰণত ছুটী লয়৷ মুম্বাইৰ “কালচাৰেল মেচিনে”ই প্ৰথম ঋতুছুটীৰ ব্যৱস্থা কৰা নাই, ১৯৯২ চনৰ পৰা বিহাৰৰ চৰকাৰী চাকৰি কৰা মহিলাই ৰজোনিবৃত্তি হোৱালৈকে মাহিলী দুদিন ঋতুছুটী পায়৷ তেওঁলোকেই এই ছুটীৰ দাবী কৰিছিল৷ তেতিয়া বিহাৰৰ মুখ্যমন্ত্ৰী আছিল লালু যাদৱ, তেৱেঁই মাহিলী এদিনৰ ঋতুছুটী মঞ্জুৰ কৰিছিল৷ এতিয়াও সুন্দৰভাবে এই ঋতু ছুটী চলি আছে৷ ঋতু ছুটী লোৱাৰ বাবে পুৰুষসকল নিশ্চিত যে কোন মহিলাৰ কেতিয়া ঋতু চলিছে৷ এই প্ৰাইভেচিটো গুচি যোৱাৰ ফলস্বৰূপে পুৰুষসকলে নাৰীসকলৰ ঋতুৰ কথা লৈ ঠাট্টা মস্কৰা কৰেনে? নাৰীক হেয় জ্ঞান কৰি কোনো পুৰুষসুলভ মন্তব্য কৰেনে? এগৰাকী ছোৱালীয়ে এটা সুন্দৰ উত্তৰ দি কৈছে, “ আমি ধুনীয়া শাড়ী এখন পিন্ধিলেওতো পুৰুষে চেক্সিষ্ট কমেণ্ট কৰে, সেইবুলি কি আমি ধুনীয়া শাড়ী নিপিন্ধিম নেকি? নিশ্চয় পিন্ধিম৷”
পৃথিৱীৰ শতকৰা ৮০ ভাগ শ্ৰমিক নাৰী৷ ঋতুৰ সময়ত ডাঙৰ কোনো অসুবিধাৰ সন্মুখীন নোহোৱাকৈয়ে তেওঁলোকে কাম কৰি গৈছে৷ কিমানবাৰ পুৰুষক বুজাব লাগিব, যে ঋতুস্ৰাৱ কোনো অসুখ বা পঙ্গুত্ব নহয়৷ বিখ্যাত টেনিছ খেলুৱৈ ছেৰেনা ৱিলিয়াম্ছে গৰ্ভৱতী অৱস্থাত টেনিছ খেলি গ্ৰেণ্ড স্লাম জিকিছিল৷ গৰ্ভৱতী অৱস্থাত যদি ছেৰেনাই খেলিব পাৰে, তেনেহ’লে ঋতু চলাকালিন নাৰীয়ে কাম কিয় কৰিব নোৱাৰিব! বহুতে কয়, ঋতুস্ৰাৱৰ ঠিক আগে আগে ছোৱালীবোৰৰ মানসিকতাত পৰিৱৰ্তন আহে৷ সিহঁতৰ খংবোৰ বেছিকৈ প্ৰকাশ পায়, কামত মনোযোগ দিব নোৱাৰে। কামত মনোযোগ দিব নোৱাৰা কথাষাৰ ভুল প্ৰমাণিত হৈছে৷ নাৰী শিক্ষাবিদৰ ওপৰত পৰীক্ষা চলাই দেখা গৈছে, ঋতুস্ৰাৱ হোৱাৰ আগে আগে তেওঁলোকে যি কামত ব্ৰতী হৈ আছে, সেই কামবোৰ অন্য সাধাৰণ সময়ৰ কামবোৰতকৈ বেছি উৎকৃষ্ট৷ আৰু খঙৰ কথা কওঁতে কব লাগিব যে নাৰীৰ খঙক পুৰুষে মুঠেও পছন্দ নকৰে৷ যিজন পুৰুষ অফিচাৰে তেওঁৰ অধীনস্থ কৰ্মীক ধমক হুমকি দি থাকে, তেওঁক অতি ভাল প্ৰশাসক বুলিহে গণ্য কৰা হয়৷ নাৰীৰ ক্ষেত্ৰত হব লাগিব ইয়াৰ বিপৰীতটোহে৷ ৰাগী নাৰীক ৰাগী নাৰী হিচাবেই বিবেচনা কৰা হয়৷ খং কৰিলে আজিকালিতো এটা ৰীতিয়েই হৈছে “ পিএমসিং“ বুলি কোৱাৰ৷
নাৰীৰ বাবে সৰু সুৰা ছুটী দুই এটা আয়োজন কৰি কামৰ পৰিবেশক “ৱিমেন ফ্ৰেণ্ডলি“ কৰিব নোৱাৰি৷ নাৰী পুৰুষৰ মাজত যি বৈষম্য আছে, তাক নিৰ্মূল কৰিব লাগিব৷
বাংলাদেশৰ চৰকাৰী ফেক্টৰীবোৰত মহিলাৰ টয়লেট ব্যৱহাৰ কৰাৰ স্বাধীনতা বা অধিকাৰ অত্যন্ত সীমিত৷ পুৰুষতকৈ মহিলাৰ বেছিকৈ টয়লেটলৈ যোৱাৰ প্ৰয়োজন হয়৷ আৰু যদিহে প্ৰয়োজনত টয়লেটলৈ তেওঁলোক যাব নোৱাৰে, তেওঁলোকৰ কিডনীত অসুখ আৰু নানা জটিলতাৰ সৃষ্টি হয়৷ কিন্তু এনে কথাবোৰ কিমানে বুজে? আচলতে ফেক্টৰীবোৰ আৰু সেইবোৰৰ কামৰ পৰিবেশ পুৰুষৰ সুবিধাৰ বাবেহে তৈয়াৰ কৰা হৈছে, মহিলাৰ সুবিধাৰ বাবে নহয়৷ মহিলাই যাতে আত্মসন্মানৰ সতে, শাৰীৰিক-মানসিক সুস্থতাৰে সতে, প্ৰসন্নতাৰ সতে কাম কৰিব পাৰে তেনে উদ্যোগ কোনেও নলয়৷
যদি পুৰুষৰ ঋতুস্ৰাৱ হ’লহেঁতেন, তেতিয়া কিন্তু ঋতুস্ৰাৱক লৈ প্ৰতি মাহে জাকজমক উৎসৱ হ’লহেঁতেন৷ শাসকৰ পদত বহুৱাই লোৱা হ’লহেঁতেন পুৰুষসকলক, কোৱা হ’লহেঁতেন ঋতুস্ৰাৱৰ সময়ত যিধৰণে খং বাঢ়ে, দেশ এখন চলোৱাৰ বাবে তেনে খঙেই দৰকাৰ৷ আৰু পুৰুষসকলে যদি সন্তান জন্ম দিব পাৰিলেহেঁতেন, তেনেহ’লেতো তেওঁলোকৰ বাবে বিধে বিধে ছুটীৰ ব্যৱস্থা থাকিলেহেঁতেন৷ মানৱ জাতিক বচাই ৰাখিবলৈ কি মহান কাম তেওঁলোকে কৰিছে… এইবোৰকে বছৰজুৰি প্ৰচাৰ হ’লহেঁতেন৷ কৃতজ্ঞতাত সকলোৰে মূৰ দোঁ খাই থাকিলেহেঁতেন৷
এই পুৰুষতান্ত্ৰিক সমাজত ঋতুস্ৰাৱৰ বাবে মহিলাই কোনো সন্মান নাপায়, কাৰণ এইখন সমাজত নাৰীৰ কোনো সন্মান নাই৷
মই ভাবোঁ, ঋতুস্ৰাৱৰ বাবে সকলো নাৰীৰ ছুটীৰ প্ৰয়োজন নাই৷ ঋতুৰ সময়তো নাৰীয়ে ঘৰত অথবা বাহিৰত সকলো কাম কৰে, কৰি আহিছে আবহমান কালৰ পৰাই৷ গৰ্ভাৱস্থাত যিদৰে তেওঁলোকে পৰিশ্ৰম কৰিব পাৰে, ঋতু চলা সময়তো সেই একেদৰেই পাৰে৷ মই হতবাক হৈ পৰোঁ, নাৰীসকলৰ ক্ষমতা ইমানেই বেছি যে পুৰুষে তাৰ ধাৰে কাছেও থিয় দিব নোৱাৰে৷
অথচ এই পুৰুষসকলৰেই অধীনতা স্বীকাৰ কৰি লবলৈ বাধ্য হৈছে নাৰীসমাজ৷