এইবাৰ বিহুত মাইকণহঁতলৈ বুলি (ভগৎ লাল দত্ত)

মাইকণ আহিছিল মাকৰ লগত। মাইকণ মোৰ সমবয়সী। হয়তো অলপ ডাঙৰ হব। মাহৰ হিচাপত নহয়, দিনৰ হিচাপত। মোৰ জন্মৰ কেইদিন মানৰ পিছতে মাক-জীয়েক আহি আমাৰ ঘৰত থিতাপি লৈছিলহি। মাইকণহঁত অহাৰ অলপ দিনৰ পিছতে কলিয়াহঁতও আহি সিহঁতৰ লগ লাগিছিলহি। কলিয়া আমাতকৈ অলপ ডাঙৰ। সিহঁত সকলোৰে বাবে থকাঘৰ সাজি দিয়া হৈছিল আমাৰ সেইসময়ৰ খেৰিঘৰটোৰ পৰা পূবলৈ। যিখিনি ঠাইত পিছত আমাৰ পকী ভঁৰালটো সজা হৈছিল। বুজন হোৱাৰ আগৰ কথা। কিন্তু মনত থকাৰে পৰা সিহঁতৰ লগত সম্পৰ্ক আছিল অভিন্ন। মা কামলৈ যোৱাৰ সময়খিনিত মাইকণৰ মাকৰ গাখীৰেই মোৰ প্ৰাথমিক আহাৰ আছিল।

লাহে লাহে মই ডাঙৰ হৈ আহিলো। মাইকণো ডাঙৰ হৈ আহিল। দেউতাহঁতৰ লগত পথাৰলৈ গৈ কলিয়াইও পথাৰৰ কাম কাজ শিকিব পৰা হ’ল। এবাৰ গাওঁত হাইজা লাগিল নে কিবা খাদ্যৰ বিষক্ৰিয়াই হ’ল ঠিক কব নোৱাৰিম। কিন্তু মাইকণৰ মাক কলেৰা লাগি ঢুকাই থাকিল। কেইদিন মানৰ পিছতে একেই শৌচ গ্ৰহনীত কলিয়াৰ মাকো সিফলীয়া হ’ল। তেতিয়া মাইকণৰ ভায়েক ‘কেম’এ গাখীৰ এৰিছিলহে। আচলতে কেমৰ নামটো হৈছিল কণপোৱালি, কিন্তু মোৰ আধা মাতফুটা মুখত কণপোৱলিটো নুফুটি কেমপোৱালি হ’ল আৰু সেইভাগেই আমি তাক কেম বুলিয়েই মাতি থাকিলোঁ। সি সেইটোত কাহানিওঁ আপত্তি কৰা নাছিল। আমাৰ দেউতাই কৰ’বাৰ আহি ‘মাইকণ ঔ’, ‘বোপাই কেম ঔ’ বুলি মাত লগালে সিহঁত ধপধপাই দৌৰি আহিছিল। কলিয়াহে অলপ ধোদ আছিল, মাতিলেও লাহে ধীৰে গজেন্দ্ৰ গমনেহে পদধূলি দিছিলহি। সি যাৰ লগত পথাৰৰ কাম শিকিছিল তেওঁক আমি ধোদ দদাইদেউ বুলিছিলো (মনে মনেহে, তেওঁৰ মুখৰ আগত নহয়)। বোধহয় ধোদ দদাইদেউ গঞ্জিকাসেৱী আছিল। সেয়ে ৰাতিপুৱা দেৰিলৈকে শুই থাকিব খোজে কিন্তু পুৱা কুকুৰাই ডাক নিদিওঁতেই উঠা মা-দেউতাৰ পাল্লাত পৰি তেওঁৰ পুৱাৰ চিকুন টোপনিত সদায়েই চেঁচা পানী পৰিছিল। সদাই পুৱা জগাই থাকিব লাগে কাৰণে এবাৰ তেওঁৰ প্ৰসংগত দেউতাই ধোদ শব্দটো ব্যৱহাৰ কৰাৰ পৰাই তেওঁ আমাৰ ধোদ দদাইদেউ হ’ল। সেইহেন ধোদ দদাইদেউৰ শিচ হোৱাৰ কৃপাতে গুৰুৰ গুণ আমাৰ কলিয়াইও অৰ্জন কৰিছিল হবলা!

দিন বাগৰি যোৱাৰ লগে লগে মাইকণে নিজৰ সংসাৰ গঢ়ি চম্ভালিব পৰা হ’ল। মাইকণৰ জীয়েক টিকিৰী। সেই নামটো কেনেকৈ পৰিল কব নোৱাৰো। সৰুতে চুটি-চাপৰ আছিল কাৰণে হবলা! এতিয়া সিহঁতৰ সংসাৰত মাইকণেই জেষ্ঠ্যতম স্ত্ৰী সদস্য। কেম, কলিয়াহঁত পথাৰৰ কামকাজত ইতিমধ্যে পকি উঠিল। অহ! কলিয়াৰ ভায়েক থোপোকৰ কথা পাহৰিয়েই গৈছিলো। সৰুতে তেনেই থোপোকা এটা হোৱা কাৰণে তাৰ নাম পৰিল থোপোক। সি ককায়েক কলিয়াৰ নিচিনা মহান গুৰু নাপালে কাৰণে কেমৰ লগত সখাজোৰা বান্ধিলে। কলিয়াৰ লগত কোন সখা আছিল জানো! যিমানদূৰ মনত পৰে কলিয়াহঁতৰ ঘাই ঠাই ঢকুৱাখনাৰ পৰা পিছত অহা সেই হটঙাটো, কলিয়াৰ জোৰা সখি আছিল।

বিহু পালেহিয়ে দেই! ভঁৰালৰ পিছফালৰ কঁঠাল জোপাৰ পৰা ভাহি অহা কুলিৰ মাতটোৱে সেই জাননী দিছে। স্কুললৈ অহা যোৱা কৰোঁতে কাৰোবাৰ কাৰোবাৰ পদূলিৰ গছত দুই এপাহ কপৌ ফুলেও দেখা দিয়া চকুত পৰিছে। চোতালবোৰত মৰণাৰ খেৰ জমা হৈছে। বৰডলা, নগাঢাৰি পাৰি ধান ৰ’দত দিছে।ঘৰবোৰত সন্ধিয়াৰে পৰা আৰম্ভ হোৱা ঢেংকুলুক ঢেংকুলুক ঢেকীৰ মাত লাহে লাহে মাজনিশালৈকে চলা হৈছে। কাষৰ ঘৰৰ পৰা ঢেকীৰ মাতৰ লগতে ভজা ধানৰ গোন্ধও ভাহি অহা হৈছে। চিৰা, কোমল চাউল তৈয়াৰ হৈ আছে তাৰমানে! বজাৰৰ পৰা অহা মানুহৰ হাতত টেকেলী, মলাচৰু সঘনাই দেখা গৈছে। দৈ অকণ নহলে আৰু জলপান খাব পাৰি নেকি! কুলিৰ মাতৰ সংখ্যাও বাঢ়ি আহিছে। মানে বিহু সঁচাকৈয়ে পালেহিয়েই! এতিয়া স্কুলত হেডপণ্ডিত চাৰে প্ৰাৰ্থনাৰ সময়ত গলগলীয়া মাতেৰে কাইলৈৰ পৰা বিহুৰ বন্ধ বুলি ঘোষণা কৰিবলৈহে বাকী।

উৰুকা ! কত যে কাম। মাহঁতে ঘৰৰ মজিয়া ৰঙা মাটিৰে মছি চিকচিকোৱাই দিছে। পাকঘৰৰ চৌকাৰ কাষৰ পৰা আদি কৰি বাহিৰৰ পিৰালিলৈকে একো এৰা নাই। সবতে নতুন মাটিৰ লেপ পৰিছে। চোতাল-তোতাল চিকুনাই কেইবাদিনৰ আগৰ পৰাই চাফা। মৰণাৰ খেৰবোৰ আঁতৰাই জাগ দিবৰ বাবে সহজতে পোৱাকৈ কেইটামান নতুন খেৰৰ পুজি সজা হৈছে। কাইলৈৰ পৰা সাতদিন পদূলিত জাগ দিব লাগিব নহয়। আমি পিলিঙাকেইটাই দীঘলতি, মাখিয়তি বিচাৰি বাঁহনি পাইছোঁগৈ। দীঘলতি, মাখিয়তি লৈ ঘৰ পাওঁ মানে চোতালত বৰডলা এখনত লাও, বেঙেনা, হালধি, কেৰেলা জমা হৈছে। মজলীয়া আকাৰৰ গামলা এটাত মাটি মাহ তিয়াই থোৱা আছে। দেউতাই হাঁকুটি এডাল লৈ ঠেকেৰা কেইটা মান পিছফালৰ বাৰীৰ পৰা পাৰি আনিছে। ছাট সাজিবলৈ ইতিমধ্যে বাঁহৰ যোগাৰ হৈয়েই আছে। আবেলিলৈ সেইকেইডাল ছাঁছি ছাটকেইডাল সাঁজি পেলোৱা হব। বাটেদি চাইকেল মাৰি যোৱা দুই এজনে বিহুগীত টানি গৈছে, ‘চেনাই ঐ …’। কোনোবা দুজন মানে ঠেকেৰা বিচাৰি আহিছে, গাখীৰ ভৰাবলৈ দিয়া কেইজনে টেকেলীকেইটা বিচাৰি আহিছে। কেইজনমানে পদূলিৰে পৰাই ৰিঙিয়াই খবৰ কৰিছে, “ককাইদেউ, যা-যোগাৰ কৰিছে?” কোনোবা ফালৰ পৰা অনুশীলন কৰি থকা ঢোল-পেঁপাৰ মাতো ভাহি আহিছে।

বিহুৰ প্ৰথম দিন। আমি শুই উঠোঁ মানে মাহ-হালধি পিচি তৈয়াৰ কৰা নোৱোঁৱা সামগ্ৰীবিদ তৈয়াৰ। মুখ-চোখ ধুই আহি বৰডলাত থকা লাও, বেঙেনা, ঠেকেৰা, হালধি, কেৰেলাবোৰ টুকুৰা-টুকুৰ কৰি বাঁহৰ জোংকেইডালত সী-লৈ ছাট সজা কামটো আৰম্ভ হৈ যায়। ইফালে বাটেদি বৰপুখুৰীৰ ফাললৈ গোধন সহ ৰাইজৰ সোঁত আৰম্ভ হয়। হাতে হাতে ছাট, দীঘলতি-মাখিয়তিৰ ডাল। টোপোলাত পিচিলোৱা মাহ-হালধি, বটলত মিঠাতেল। আজি মাইকণ, টিকিৰীহঁতৰ দিন। গৰু বিহু। প্ৰত্যেকৰে মূৰত অকণ অকণ তেল দি মাহ-হালধিৰে নোৱাঁই গা-পা ধুৱাই দি কলপাতেৰে মেৰিওৱা পিঠা একোটাহঁত খুৱাই দিওঁ। দীঘলতি-মাখিয়তিৰে মহ-মাখি খেদি খেদি। লগতে ছাটৰ পৰা উলিয়াই “লাও খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা। মাৰে সৰু, বাপেৰে সৰু, তহঁত হবি বৰ বৰ গৰু।।” গাই গাই গাত ছটিওৱাৰ লগতে লগতে কেইটুকুৰা মান খুৱাইও দিয়া হয়। টেঁটুলৈকে হাত বাই হাগনিৰ টেবলেট কঁটিয়াই দিব বুলি ভয়ত আনদিনা ডিঙি চুবলৈ নিদিয়া থোপোকেও সেইদিনা গাটো পাতি দিয়ে। সিহঁতেও কিজানি বুজি পায়, আজি কিবা এটা বিশেষ দিন। সন্ধিয়ালৈ পদূলিত জাগ দিয়াৰ বাবে খেৰ আৰু তুঁহগুড়িৰ দ’ম এটাত দীঘলতি-মাখিয়তি, বিহলঙণী আদি জাপি ধোঁৱা দি মহ-মাখি খেদাৰ ব্যৱস্থাৰ লগতে চৰিয়াত মাইকণহঁতৰ কাৰণে ‘স্পেছিয়েল বিহুৰ জলপান’। মাহ-হালধিৰে নোওঁৱা, তুলসী লগোৱা নতুন পঘা।

মাইকণহঁত ‘স্পেছিয়েল’ আছিল। উদংকালি পথাৰত চৰি থকা কেইবাশ গৰুৰ জাকৰ মাজৰ পৰা বিচাৰি উলিয়াবলৈ “মাইকণ আহ” নাইবা “টিকিৰী আহ” বুলি চিঞৰ এটা মাৰি দিলেই যথেষ্ট আছিল। জুম এৰি চুৰচুৰাই ঘৰলৈ বুলি বাট লয়। ঘৰৰ মানুহে বাটেৰে কথা পাতি গৈ থাকোঁতে জুমৰ মাজৰ পৰা মূৰ ডাঙি হেম্বিয়াই “হেল্লো” বুলি নোকোৱাকৈ নাথাকিছিল। সন্ধিয়া ঘৰলৈ আহি পোৱাৰ পিছত নিমখ অকণ চেলেকাই নিদিলে ওফোণ্ড পাতিছিল, ৰাতিপুৱা খিৰোৱাৰ সময়ত অসুবিধা কৰি। সেয়াও এক জীৱন আছিল।

বিহুবুলি এই লেখাটো মাইকণহঁতলৈ উছৰ্গা কৰিলো।

Leave a Reply

Your email address will not be published. Required fields are marked *

Copying is Prohibited!