এই প্ৰেম – ৰূপাঞ্জলী চেতিয়া
চিনাকি বাইদেউ এগৰাকীৰ প্ৰেম বিবাহ হৈছিল৷ প্ৰায় ন বছৰীয়া প্ৰেমৰ পৰিণতিস্বৰূপে পৰিয়ালৰ অমতত হ’লেও দুয়ো দুয়োকে জীৱনসংগীৰূপে আঁকোৱালি ন-কৈ জীৱন আৰম্ভ কৰিছিল৷ কেৱল অফুৰন্ত ভালপোৱাক সাৰথি কৰিয়েই সংসাৰৰ আদিপৰ্বৰ পাতনি মেলা বাইদেউ আৰু ভিনদেউৰ যুগ্ম জীৱনৰ প্ৰধান সমস্যাটো আছিল আৰ্থিক৷
এজন ল’ৰা বাইদেউৰ প্ৰেমত প্ৰায় বিয়াকুল হৈ আছিল বুলিব পাৰি৷ ভিনদেউৰ লগত প্ৰেমৰ বহুদিনীয়া সম্পৰ্ক আছে বুলি জনাৰ পিছতো ল’ৰাজনে বাৰম্বাৰ মাক-দেউতাকক কাকূতি কৰিছিল বাইদেউক তেওঁলৈ বিয়া দিবলৈ৷ সম্ভ্ৰান্ত পৰিয়ালৰ ল’ৰাজন সকলো ফালৰ পৰাই উপযুক্ত আছিল; যাৰ বাবে বাইদেউৰ পৰিয়ালৰ সকলোৱে তেওঁৰ লগতে বাইদেউৰ বিয়াখন হোৱাটো বিচাৰিছিল৷ পিছে বাইদেৱে খোলাখুলিকৈ জনাই দিছিল যে তেওঁ আনৰ লগত কেতিয়াও বিয়া নহয়৷ তথাপি বাইদেউৰ তেনে স্পষ্ট নাকচৰ পাছতো ল’ৰাজনে আশা এৰা নাছিল৷ আমি সৰু তেতিয়া; হ’লেও প্ৰতিবাৰ প্ৰত্যাখানৰ পিছত তেওঁৰ দুচকুৰ শূন্যতাখিনি আৰু অলপ যেন গভীৰ হৈ উঠাটো আমিও লক্ষ্য কৰিছিলোঁ৷
বাইদেউৰ প্ৰেমিকজনক মাজে মাজে লগ পাওঁ। বহু পলমকৈ সংসাৰী হ’ল; আৰ্থিক সচ্ছলতা আগতকৈয়ো বাঢ়িল৷ কিন্তু সীমাহীন প্ৰাচুৰ্যৰ মাজতো কিবা এক শূন্যতাই যেন অহৰহ তেওঁক ঘেৰি থাকে৷ দুচকুত সেই শূন্যতাই অনবৰতে টলমলাই থাকে৷
বাইদেউ-ভিনদেউৰ সংসাৰত এতিয়াও আৰ্থিক অভাৱ আছে৷ হ’লেও পাৰস্পৰিক বুজা-বুজি আৰু ভালপোৱাৰ বাবেই তেওঁলোকৰ সংসাৰ সুন্দৰ আৰু সুচল৷ দুয়ো দুয়োৰে পৰিপূৰক। প্ৰেমৰ বাবেই সেই মানুহজনৰ প্ৰাচুৰ্যৰ মাজতো অসুখ আৰু প্ৰেমৰ বাবেই অভাৱ-অনাটন নেওচি বাইদেউ আৰু ভিনদেউৰ সুখ! কি যে এক বৈপৰীত্য! আৰু এই বৈপৰীত্যৰ এটাই কাৰণ-এই প্ৰেম৷
ভালপোৱা আচলতে এনেকুৱাই, একো নাথাকিলেও য’ত বহু কিবা-কিবি পোৱা যায়।
~~~~~
কলেজ জুনিয়ৰ ভণ্টি এজনীৰ কাহিনী৷ তাইৰ ল’ৰা এজনৰ লগত প্ৰায় চাৰিবছৰীয়া প্ৰেমৰ গভীৰ সম্পৰ্ক। এটা ব্যক্তিগত কোম্পানীৰ চাকৰিয়াল ল’ৰাজনৰ ঘৰ আঁতৰৰ চহৰ এখনত৷ কিন্তু চাকৰিসূত্ৰে তাই থকা চহৰতে ঘৰ ভাৰা কৰি থাকে৷ ঘৰৰ একমাত্ৰ ল’ৰা হিচাপে তেওঁৰ বাধ্য-বাধকতা বহুত; বিশেষকৈ বিবাহৰ ক্ষেত্ৰত৷ সেয়ে দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্কই পোখা মেলোতেই তেওঁ স্পষ্টকৈ কৈছিল ভণ্টিজনীক সেই কথা৷ ভাল পালেও যে ঘৰৰ মানুহৰ অমতত গৈ তাইক বিয়া পতাটো সম্ভৱ নহয় সেয়া দুয়ো জানিছিল৷ ঘাইকৈ জাত-পাতৰ পাৰ্থক্যৰ বাবে দুয়ো বিয়াৰ সপোনটোক নিলগাই ৰাখিছিল৷
ল’ৰাজনে কোম্পানীৰ কামৰ পৰা আহৰি পালেই তাইক লগ কৰিবলৈ মাতিছিল৷ তায়ো ঢপলিয়াই তাৰ কাষলৈ গৈছিল ৷ আমাৰ দুয়োৰে ওপৰত খং উঠিছিল, বিশেষকৈ ল’ৰাজনৰ ওপৰত৷ ‘ইমান যদি ভালপোৱা আছেই, তেন্তে অলপ সাহস দেখুৱাই ঘৰৰ মানুহৰ লগত কথা পাতি নাচাৱ কিয়?’ তাইকো গালি পাৰিছিলোঁ৷ প্ৰতিবাৰ লগ কৰিবলৈ যোৱাৰ আগত দেখা তাইৰ উজ্জ্বল চকু-মুখ ঘূৰি আহোঁতে মোলান পৰি আহিছিল৷ তাই প্ৰায়ে কান্দিছিলহি৷ প্ৰতিবাৰ লগ পোৱাৰ পাছত অনাগত বিচ্ছেদৰ ভাৱনাই তাইক আতংকিত কৰিছিল৷ আমিও সহিব পৰা নাছিলোঁ৷
‘নালাগে আৰু সেইডালক লগ কৰিবলৈ যাব! নালাগে ভাল পাব! পাহৰি যা তাক!’ ইত্যাদি ইত্যাদি অলেখ ধমকি, অলেখ বুজনি৷ পিছে বুজে কোনে!? তাইৰতো মগজুৰ কোঠালি ভালপোৱাই তলাবন্ধ কৰি ৰাখিছে! আৰু ‘পাহৰি যা’ বুলি কোনোবাই কাৰোবাক ক’লেই পাহৰাটো জানো সম্ভৱ?
তাই বুজিছিল নে বুজিও নুবুজিছিল? মই সদায় ভাবিছিলোঁ৷ দুয়োৰে মাজৰ সম্পৰ্কটোক মৰীচিকাৰ লগত তুলনা কৰিছিলোঁ৷ কিহৰ তাড়নাত এই প্ৰেম-ভালপোৱা? য’ত প্ৰেমাস্পদক নিজৰ কৰি পাব নোৱাৰি, নিজৰ কৰি ৰাখিব নোৱাৰি তাত প্ৰেমৰ মূল্যই বা কি?
শেষত অৱধাৰিতভাবেই দুয়োৰে মিলন নহ’লগৈ৷ পৰিয়ালৰ কথা মতে দুয়ো দুফালে বেলেগৰ লগত সংসাৰ তৰিলে৷ ল’ৰাজনৰ কথা মই নাজানো, কিন্তু ছোৱালীজনীৰ পৰিপূৰ্ণ সংসাৰ এখন থাকিও যেন কোনোবাখিনিত অসম্পূৰ্ণ৷ পৰিস্থিতি আৰু সময়ৰ তাগিদাত ল’ৰাজনৰ পৰা কায়িকভাবে আঁতৰি আহিছিল, কিন্তু হিয়াৰ মাজত তেওঁ লৈ আহিল৷ পাই হেৰুওৱা সেই প্ৰেমে এতিয়া তাইৰ বুকুত হুঁলৰ দৰে অনবৰতে বিন্ধি থাকে। যাৰ বাবে তাই এতিয়া সুখী হৈও অসুখী৷ তাৰ কাৰণ এটাই তাইৰ প্ৰেম, তাইৰ ভালপোৱা৷
ভালপোৱা আচলতে এনেকুৱাই, একো পোৱাৰ আশা নকৰিও য’ত আশা থাকে!