এই সময় নহওক যেন শেষ সময় – নাজিয়া হাচান

সময় গতিশীল। তিনিটা কাল ক্ৰমে অতীত, বৰ্তমান, ভূত বা ভৱিষ্যত। এই কাল কেতিয়াও কাৰো বাবেই ৰৈ নাথাকে। পাৰ হোৱা অতীত কালৰ বিষয়ে ইতিহাসৰ জৰিয়তে আমাৰ কিছু কথা বা ঘটনা জ্ঞাত থাকে। বৰ্তমান কালক আমি লগত লৈ ঘূৰি ফুৰোঁ যদিও বান্ধি ৰখা বা খেদি পঠাব পৰাটো আমাৰ বাবে সম্ভৱ নহয়। আৰু ভৱিষ্যত?  ভৱিষ্যত কালক মুঠিত বন্ধাটো বাদেই;  সেই কালৰ বিষয়ে সাধাৰণ ব্যক্তিৰ কোনো কথায়ে আগতীয়াকৈ জ্ঞাত নাথাকে। অসাধাৰণ শক্তিৰ অবিহনে ভৱিষ্যত কালত কি পৰিবেশ বা কেনে পৰিস্থিতি হ’ব সেই বিষয়ে আমি কোনোৱেই ডাঠি ক’বলৈ এশ শতাংশই সক্ষম নহওঁ।

একবিংশ শতিকাৰ বৰ্তমানৰ এই সময়খিনি সমগ্ৰ পৃথিৱীৰ বাবে এটা কঠিন সময়! পৃথিৱীৰ প্ৰতিখন দেশ আজি কৰ’ণা ভাইৰাছ নামৰ ভয়ানক মহামাৰীক লৈ আতংকত সময়বোৰ পাৰ কৰিছে। আমেৰিকাৰ দৰে শক্তিশালী ৰাষ্ট্ৰ, এই মহামাৰীৰ কৱলত পৰি কিদৰে জিয়াতু ভুগিছে সেয়া আমাৰ সকলোৰে জ্ঞাত! এনেধৰণৰ প্ৰকৃতিত হোৱা ব্যাধি, দুৰ্যোগ, মহামাৰী আদিৰ দৰে প্ৰলয়;  এয়াই প্ৰথম বা শেষ বুলি আমি ক’ব নোৱাৰোঁ। এই ধৰণৰ সংকট অতীতৰ পৰা বৰ্তমানলৈ চলি আহিছে। হয়তো পৃথিৱীত জীৱ প্ৰাণী থকালৈকে এইধৰণৰ কঠিন সময় ভৱিষ্যতেও নিশ্চয় এইদৰেই আহিব আৰু যাব। কাৰণ ইতিহাসৰ পাতত আমি বিচাৰিলে দেখা পাওঁ হাইজা, কলেৰা, প্লেগ, ভূঁইকপ চ্যুনামি আদিৰ দৰে প্ৰকৃতিত ঘটি যোৱা ধ্বংসাত্মক পৰিস্থিতিত মানৱ তথা জীৱ প্ৰাণীয়ে কিদৰে পাৰ কৰিছিল কঠিন সময়! এই সময় বা পৰিস্থিতিয়ে যদিওবা কঠিন, অসহায় ৰূপত প্ৰকৃতিত দেখা দিয়ে; কিন্তু সেই সময় কেতিয়াও চিৰস্থায়ী হৈ নাথাকে। সেই সংকটৰ সময়ে বিভিন্ন ক্ষেত্ৰত আমাক এটা ব্যতিক্ৰমী জীৱনৰ লগত পৰিচয় হ’বলৈ বাধ্য কৰি থৈ যায়। আজি এই লেখাটিত সংকটৰ কঠিন সময়ে কিদৰে আমাক গতানুগতিক জীৱনটোত কিছু ব্যতিক্ৰমি চিন্তা ধাৰাক গ্ৰহণ কৰিবলৈ শিকাই থৈ যায়; তাৰ ঋণাত্মক দিশটো বাদ দি ধনাত্মক দিশটোৰ বিষয়ে চমুকৈ উল্লেখ কৰা হ’ল।

সাম্প্ৰতিক পৰিস্থিতিত কৰ’ণা ভাইৰাছৰ দৰে মহামাৰীৰ পৰা বাছি থকাৰ বাবে গ্ৰহণ কৰা কেইটামান সতৰ্কতা পথ আমি সকলোৱেই মানি চলিবলৈ বাধ্য হৈছোঁ। তাৰে তিনিটা মুখ্য সতৰ্ক তথা সজাগতাৰ দিশ তলত আগবঢ়ালোঁ –

১/গৃহবন্দী

বৰ্তমান যুগত আমি প্ৰতিজন মানুহেই নিজ কৰ্মত নিশ্চয় অতি ব্যস্ত। আপোন মানুহখিনিক সময় দিবলৈ যেন সময়ৰ আমাৰ অভাৱ। আৰু বৰ্তমান মহা সংকট কৰ’ণা ভাইৰাছৰ বিপৰীতে যুঁজ দিবলৈ; হাজাৰ ব্যস্ততাক এলাগী কৰি চৰকাৰে জনোৱা গৃহবন্দীৰ দৰে মুখ্য সতৰ্কতাক সন্মান কৰিবলৈ সকলোৱেই বাধ্য হৈছোঁ। কৰ্মৰ হাজাৰ ব্যস্ততাক একাষৰীয়া কৰি আজি আমি সকলোৱেই আপোন মানুহখিনিক সময় দিয়াৰ লগতে নিজৰ বাবেও বহুখিনি সময় উলিয়াবলৈ এক প্ৰকাৰে আমি প্ৰস্তুত। 

এইখিনিতে মনত পৰিছে ১৮৮৯ চনত লিখা, লেখক এণ্টন চেকভৰ “বিত” শিৰোনাম কাহিনীটোলৈ। থোৰতে ক’ব বিচাৰিম কিদৰে কাহিনীৰ নায়কে পোন্ধৰ বছৰ বন্ধ কোঠাত মানুহৰ পৰা দূৰত্বত থাকিব পাৰিব বুলি এজনৰ লগত বিত(বাজী) মাৰিছিল। আৰু সেই বাজী অনুসৰি পোন্ধৰ বছৰ গৃহবন্দী হিচাপে তেওঁ থাকি; পৃথিৱীৰ অমূল্য সম্পদৰ গৰাকী হ’ব পাৰিছিল। সেই সময়খিনিত কিতাপ আৰু কলম তেওঁৰ একমাত্ৰ সংগী হিচাপে ৰাখিছিল। আৰু সেই চর্চাত তেওঁ জ্ঞানৰ পৰিধি বঢ়াই নিজক অমূল্য ৰত্নেৰে গঢ়িব পাৰিছিল। যি ৰত্নৰ তুলনা তেওঁ বিত মাৰা দুই মিলিয়ন ডলাৰেই নহয়, পৃথিৱীৰ কোনো সম্পত্তিৰ লগত তুলনা নহয় বুলি শেষত তেওঁ দাবী কৰিছিল।

ঠিক তেনেদৰেই আজিৰ এই সময়খিনিত প্ৰায় প্ৰতিজন গৃহবন্দীয়ে কিছুমান অনন্য সম্পদ নিজৰ বাবে যেন গোটাব পাৰিছে। বোধ কৰিছে বহু জনেই যে, কেৱল বাহিৰৰ কৰ্ম ব্যস্ততায়ে জীৱনৰ শেষ উদ্দেশ্য নহয়। আমি এইদৰে বন্দী হৈ থাকিও সৃষ্টিমূলক কামত নিজক নিয়োজিত কৰিব পাৰোঁ। সেয়া লাগিলে কিছুমানৰ বাবে কিতাপ অধ্যয়নেৰে হওঁক বা প্ৰতিজনৰ ৰুচি অনুসৰি দৈনিক জীৱনত এই পৰিস্থিতত কৰিবলৈ সুবিধা পোৱা কৰ্মসমূহেই হওঁক কিয়! কাৰণ এনেধৰণৰ প্রতিটো কৰ্ময়ে অসাধাৰণ আত্মসন্তুষ্টি যুগুৱাৰ লগতে, ন-প্ৰজন্মক এটা নতুন সৃষ্টিৰ দিশ দেখুৱাইছে। গতিকে সাম্প্ৰতিক কঠিন সময়খিনিত গৃহবন্দীৰ দৰে সজাগতা নিশ্চয়কৈ সকলোৰে বাবে ধনাত্মক চিন্তাধাৰাৰ এটা উল্লেখনীয় দিশ।

২/অস্পৃশ্যতা

মানৱ জাতিৰ মাজত বিয়পা এই মহামাৰীয়ে অস্পৃশ্যতাৰ দিশটোত বৰ্তমান সময়ত বিশেষভাৱে প্ৰভাৱ বিস্তাৰ কৰিছে। মানুহে উচ্চ নিচ, জাতি-ধৰ্মত ব্যৱধান নাৰাখি সমূহ মানৱজাতিয়ে এজনে আনজনক পৰা ব্যৱধান বজায় চলিবলৈ আগবাঢ়িছে। কৰ’ণা ভাইৰাছৰ দৰে মহামাৰী পৃথিৱীত বিয়পাৰ আগলৈকে;  অস্পৃশ্যতাৰ দৰে মনোবৃত্তি কেৱল জাতি, ধর্ম, উচ্চ, নিম্ন আদিৰ দৰে নিৰৰ্থক দিশবোৰত মানুহে  পাৰ্থক্যৰ গুৰুত্বত ৰাখিছিল। কিন্তু আজি তাৰ বিপৰীতে জাতি, ধৰ্ম, ভাষা, উচ্চ-নিচ নিৰ্বিশেষে সকলোৰে মাজত অস্পৃশ্যতাৰ মনোভাৱে গঢ় লৈ উঠিছে। সাধাৰণ পৰিস্থিতিত;  মানুহৰ মাজত এনেধৰণৰ পাৰ্থক্যবিহীন অস্পৃশ্যতাৰ মনোভাৱে স্থান দখল কৰিব পৰাটো নিশ্চয়কৈ সন্দেহজনক আছিল! গতিকে সমাজৰ সকলো শ্ৰেণীৰ লোকেই যে সম পৰ্যায়ৰ তাৰে এক অনন্য নিদৰ্শন; বৰ্তমান আমাৰ মাজত গঢ়া এই অস্পৃশ্যতাৰ মনোভাৱ!

৩/ব্যক্তিগত পা-পৰিচ্ছনতা

সজাগতাৰ তৃতীয়তো উল্লেখনীয় দিশ হৈছে ব্যক্তিগত পৰিচ্ছনতা। ইয়াৰ ফলত, বৰ্তমান প্ৰতিজন মানুহেই নিজৰ লগতে আনকো পৰিষ্কাৰ কৰি ৰখাৰ কথা ভাবিবলৈ এক প্ৰকাৰ বাধ্য হৈছে। এজনৰ দ্বাৰা আন এজনলৈ বিয়পিব পৰা ব্যাধি বিভিন্ন প্ৰকাৰৰ। আৰু সেয়া আমাৰ হাত আৰু মুখৰ পৰায়ে বিয়পাৰ সুবিধা আটাইতকৈ বেছি। কিন্তু সেই কথাষাৰ সাধাৰণ সময়খিনিত গুৰুত্ব সহকাৰে লোৱা নহয়। কিন্তু আজি কৰ’ণা ভাইৰাছৰ দৰে মহামাৰীয়ে আমাক বাধ্য কৰিছে নিজৰ হাতখনৰ লগতে আনকো প্ৰতি মুহূৰ্তত সেই বিষয়ে সজাগ কৰি ৰখাৰ সিদ্ধান্ত ল’বলৈ। সামাজিক দূৰত্ব বজায় মুখ, নাক ঢাকি কিদৰে নিজৰ লগতে সমাজকো বিকাৰ মুক্ত কৰি ৰাখিব পাৰি সেই সজাগতা;  পৃথিৱীৰ সকলো মানৱজাতিৰ মাজত গঢ় লোৱা; কঠিন সময়ৰ আন এটা অনন্য ধনাত্মক দিশ বুলি ক’ব পৰা যায়।

গতিকে, কালৰ চক্ৰত কঠিন সময়বোৰৰ এদিন নিশ্চয় সলনি হ’ব। এই কঠিন  সময়ে নিশ্চয় মেলানি মাগি পৃথিৱীক উদ্ধাৰ কৰিব। আমি মাথোঁ প্ৰতিজনেই এই সময়ত প্ৰতিজ্ঞাবদ্ধ হ’ব লাগে যে, কঠিন সময়ে দি যোৱা ধনাত্মক চিন্তাধাৰাক সদায় সঁহাৰি জনাই দৈনিক জীৱনত আগবাঢ়িব পৰা যায়। এই কঠিন সময়ে যেন দি যাওক মানৱজাতিক প্ৰকৃতিৰ কোলাত বিশ্বাসৰ একোলা নিকা ঠাই! স্বাৰ্থপৰ মানৱজাতিক এই সংকটে দেখুৱাই যায় যেন শুদ্ধ পথ। সংকটৰ এই সময়বোৰত কথাবোৰ আমি ফঁহিয়াই ভাবি চোৱাৰ সময় আহি পৰিছে। কাৰণ, সময়বোৰ যে অহংকাৰী! আমি কেতিয়াও আমাৰ ভাললগা ক্ষণটোক বান্ধি ৰাখিব যিদৰে নোৱাৰোঁ, তেনেদৰে কঠিন অসহায় সময়বোৰক খেদিও পঠাব আজিলৈকে কোনেও পৰা নাই। সময়ে নিজৰ মতেই নিজৰ ৰূপ সলাই যায়! আমি সময়ৰ মাথোঁ দাস সদৃশ। সেয়ে, এই কঠিন সময়ৰ ঋণাত্মক দিশটোক আওকাণ কৰি;  ধনাত্মক দিশটোত গুৰুত্ব ৰাখি যুদ্ধত জয়ী হওঁ  আহক। অন্তত এয়ে ক’ব খুজিম যে, মানৱজাতিৰ বাবে এই সময় নহওঁক যেন শেষ সময়!

০০০০০

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!