একলব্য (- দীপালী বৰা)

একলব্য
******
– দীপালী বৰা৷
গুৰু দ্ৰোণাচাৰ্যই
কাটি পেলাইছিল একলব্যৰ আঙুলি
আৰু নিশ্চিত কৰিছিল
অৰ্জুনৰ স্থিতি
ৰাজন্যৰ স্বাৰ্থeklavya-drona
একলব্যক ন্যায় দিবলৈ
নাছিল বেদব্যাসৰ আহৰি
কাৰণ একলব্য আছিল প্ৰজা
যাৰ থাকিব নোৱাৰে কোনো স্বাৰ্থ
থাকিব নোৱাৰে আপোন ইচ্ছা
ৰজাৰ বাবেই জীৱন প্ৰজাৰ
ৰজাৰ বাবেই মৰণ
সুশাসন আৰু সুন্দৰ দিনৰ
সপোন দেখুৱাই
আজিও আহে ৰজা
ৰাজনীতিৰ পাশাখেলত
আমাক পণ ৰাখি
কাটি পেলায় আমাৰ আঙুলি
আমাৰ সম্পূৰ্ণ হাত
নিষাদ সময়
আমি আজিও নিমাত…

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!