একান্ত ব্যক্তিগত — মানসী দেবী
হাতত এটা সৰু ষ্টিলৰ বাতি লৈ মানুহগৰাকী দুৱাৰমুখত ৰৈ আছিল৷ বিছনাত পৰি থকা কণমানিজনীৰ ঔষধ খুউৱা মুখখন মচি মচি মানুহগৰাকীলৈ চালোঁ, চকুত তেওঁৰ আকুলতা৷ মই মাত্ৰ চকুৰে বুজালোঁ, ক্ষন্তেক ৰ’বলৈ৷ কণমানিজনীৰ কামখিনি কৰি মানুহগৰাকীৰপৰা বাতিটো লৈ বিছনাখনৰ এটা মূৰত বেৰৰ ফালে মুখ কৰি বহি মোৰ কামখিনি কৰি তেওঁলৈ বাতিটো আগবঢ়াই দিলোঁ৷ মানুহগৰাকীয়ে বাতিটোৰ ফালে চালে, বাতিটোৰ পদাৰ্থখিনিৰ দৰেই যেন তেওঁৰ মুখখনো বগা হৈ পৰিল তেনে অনুভৱ হ’ল৷
যোৱা দুটা দিনৰপৰাই এয়া চলি আছে৷ মোলৈ আগবঢ়োৱা খালী বাতিটো মই পূৰাই দিওঁ এবাতি সঞ্জীৱনী সুধাৰে, তাৰ বিনিময়ত দেখা পাওঁ দুটি উজ্জ্বল চকু, গোটেই মুখমণ্ডলত ভৰি পৰা এক সন্তুষ্টিৰ ভাৱ৷
নাৰ্চিং হোমখনত এসপ্তাহৰ আগতে সৰু ছোৱালীজনীক ভৰ্তি কৰোৱা হৈছিল৷ পাঁচমহীয়া সন্তানটিয়ে ঘৰত যেতিয়া শ্বাস -প্ৰশ্বাস লোৱাত অসুবিধা পাইছিল, আনকি মোৰ বুকুৰ গাখীৰকণো খাবলৈ মন নকৰিছিল, তেতিয়া ঘৰুৱা চিকিৎসকজনৰ পৰামৰ্শ মতে তাইক শিশু বিশেষজ্ঞজনক দেখুওৱা হ’ল আৰু নাৰ্চিং হোমত ভৰ্তি কৰালোঁ৷ চিকিৎসকৰ তৎপৰতাত তাইৰ শৰীৰ নিউমোনিয়া ৰোগত আক্ৰান্ত হোৱা বুলি ধৰা পৰাত, তাইক কৃত্ৰিম উপায়েৰে শ্বাস গ্ৰহণ, কফ বাহিৰ কৰা আৰু চেলাইন ইনজেক্চনৰ খোঁচ মৰা কাৰ্যত মোৰ চকুলো ওলাইছিল, তায়ো বৰ কষ্ট পোৱা যেন অনুভৱ কৰিছিলোঁ৷
তিনিদিনমানৰ পাছত তাই কিছু সুস্থ হোৱা যেন লাগিলেও, তাইৰ চিকিৎসা চলি থাকিল৷ তৃতীয় দিনা আবেলি এগৰাকী গৰ্ভৱতী মহিলাক ভৰ্তি কৰোৱা দেখিলোঁ কাষৰ কেবিনটোত৷ ৰাতিলৈ তেওঁ ছিজাৰিয়ান অস্ত্ৰোপচাৰৰ দ্বাৰা এহাল যমজ সন্তান জন্ম দিয়ে, এটা ল’ৰা, এজনী ছোৱালী৷ সন্তান জন্ম দি মাকগৰাকী অসুস্থ হৈ পৰিল, এফালে শৰীৰত অস্ত্ৰোপচাৰ, আনফালে ৰক্তক্ষৰণৰ সমস্যা৷ মানুহগৰাকীয়ে কোনোমতেই শিশু দুটিৰ যত্ন ল’ব নোৱাৰিলে৷ ইফালে শিশু যতন কোঠাত দুটা শিশুৰ ভোকৰ কান্দোনে গগন ভেদিছে৷ নাৰ্চিং হোমৰ স্বত্বাধিকাৰী চিকিৎসকজন শিশু দুটিক লৈ যেন বিপাঙত পৰিল, দুয়োটাই বটলৰ গাখীৰ খাবলৈ অস্বীকাৰ কৰিলে৷ উপায় নাপাই তেখেতে নিশা দুইমান বজাত শিশু বিভাগৰ ’ৱাৰ্ড’ত সোমাই তিনিগৰাকী মাকক জগাই অকণমান গাখীৰৰ বাবে অনুৰোধ কৰিলে, পিছে কোনো এগৰাকীয়েও তেখেতৰ অনুৰোধ ৰক্ষা নকৰিলে৷ অৱশেষত তেখেত মোৰ ওচৰলৈ আহিল, ছোৱালীজনীক চেলাইন দি থোৱা আছিল বাবে মই সাৰে আছিলো৷ তেখেতে মোক সুধিলে, “মোক অলপ সহায় কৰিবনে? “
মই একে উশাহতে ক’লোঁ, “নিশ্চয়৷ “ ডাক্তৰ যেন কিছু পৰিমাণে আশ্বস্ত হ’ল৷ তেখেতে কোৱা মতেই মই শিশু যতন কোঠাত থকা শিশু দুটিক অমৃত সুধা পান কৰালোঁ৷ এটি এটিকৈ দুয়োটা দেৱশিশুৰ ক্ষুধা নিবাৰণ হোৱাত, দুয়োটাই কিছুপৰ পাছতে টোপনিৰ কোলাত আশ্ৰয় ল’লে৷ সিহঁত দুয়োকে নাৰ্চৰ হাতত দি মই এক গভীৰ প্ৰশান্তিৰে কোঠাৰপৰা ওলাই মোৰ ছোৱালীজনীৰ কাষ পালোঁহি৷
পাছদিনা পুৱা অকৌ শিশু দুটিক দুগ্ধপান কৰালোঁ৷ মাজতে গৈ মাককো দেখা কৰি আহোঁ, তেওঁ তেতিয়াও অৰ্দ্ধচেতন অৱস্থাত৷ ইফালে মোৰ ছোৱালীজনীয়েও মোৰ গাখীৰ খাবলৈ ল’লে৷ মনটো ভাল লাগিল৷ আবেলিলৈ শিশু দুটিৰ আইতাক গৰাকীয়ে হাতত বাতি এটা লৈ মই থকা কোঠাটোৰ সন্মুখত মোলৈ আকুল অনুৰোধেৰে বাট চাই থকা দৃশ্যটৌ জীৱনৰ এক বিশেষ স্মৃতি হৈ ৰ’ব৷