একাবেঁকা পথ – অশোক নাথ

জীৱনৰ একাবেঁকা পথেৰে…… নতুন চন্দৰে….
মনৰ অৰণ্যৰ সেউজীয়াখিনি হেৰুৱাৰ পৰত,
আশাৰ সূৰ্য্যটো ডাৱৰে ঢাকি ধৰাৰ পৰত,
অনিশ্চয়তাৰ হিমচেচা বতাহে অন্তৰ কপোৱা পৰত,
কলা ডাৱৰ আহি মূৰ আকাশ চুই যোৱা পৰত,
ভয় নকৰিবা বন্ধু, তুমি নাকান্দিবা বন্ধু!
এয়াই যে নিয়ম এই পৃথিৱীৰ,
আন্ধাৰ অবিহনে জানো আকাশ ইমান সুন্দৰ! !
অশান্ত অবিহনে জানো গভীৰ সাগৰ! !
যত দুখ আছে সেইখন হৃদয়তে আছে আশাৰ ৰশ্মি,
পৰিবৰ্তন গ্ৰহণ কৰিবলৈ শিকা বন্ধু,
পৃথিৱীখন নতুনকৈ চাবলৈ শিকা বন্ধু,
তুমিয়েতো কৈছিলা দিনৰ পিছত ৰাতি, ৰাতিৰ পিছত দিন৷
সময় গতিশীল, গ্ৰীস্মৰ পিছত বৰ্ষা ……. শীতৰ পিছত বসন্ত৷
ভয় নকৰিবা বন্ধু, দুখ নকৰিবা বন্ধু,
নতুন ৠতুয়ে কঢ়িয়াই আনিব নতুন বতৰা নতুন সময়! ! ! !■■

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!