:একুৰি এটা বাঁকৰ বচন::::(-মনজিৎ)


——————————–

১)
পকা দাড়িয়েই হওক নাইবা ধর্ষণকাৰীয়ে হওক
এটাৰ ওপৰটো ৰেহেম কৰিব নালাগে।

২)
মোডী মেজিকেই হওক

বা ৰাহুল মেজিকেই হওক
হিট্‌ কিন্তু অনলি ‘টাটা মেজিক’

৩)
‘অহংকাৰেই হওক চৰকাৰেই হওক
দেৰিকৈ হ’লেও এদিন ভাগিবই’

৪)
গান্ধী বুলিলে সেই পোকটোৱেই হওক নাইবা চুনু মাইনা ৰাহুলেই হওক
দুয়োটাই ভাল বিৰক্তি দায়ক দেই।

৫)
তথাকথিত বুদ্ধিজীৱিয়ে হওক বা হার্ডদিস্কৰ মেমৰি ১০০০ জি বি (GB)য়ে হওক,
ভিতৰত দৰকাৰী আৰু দমদাৰ মাল মতং নাথাকিলে দুয়োটাই নামৰ হে কামৰ নহয়।
৬)
কাষলতি তলৰ গোন্ধই হওক বা অসম বন্ধই হওক ভাল অশান্তি কৰে ।
দুয়ো ক্ষেত্রতে আনৰ অশান্তি অসুবিধাৰ কথাও বুজিব লাগে।
৭)
লাইফতেই হওক মোবাইলতেই হওক
বেলেন্স থকা বৰ দৰকাৰ।
৮)
SEXয়েই হওক নাইবা TAXয়েই হওক
অবৈধ হ’লে এদিন ধৰা পৰিবই। লাগিলে যিমানেই লুকুৱাবলে চেষ্টা নকৰক কিয়।
৯)
টোপনিয়েই হওক অফিছেই হওক
এদিন খতি কৰিলে দুদিনলে মিলাই থাকিব লাগে।
১০)
গছত বগোৱা লতাই হওক দুর্বলতাই হওক
যিমান পাৰি সোনকালে আঁতৰাই পেলাব লাগে।
১১)
স্বর্গদেউৰ কথা
আৰু
বালিত মূতা একেই
১২)
প্রতিযোগিতা মুলক পৰীক্ষাৰ নিগেটিভ মার্ক
আৰু
ৰাতিৰ হাইৱেত ৰৈ থকা টেংকাৰ বা ট্রাক।
দুয়োটাৰে ক্ষেত্রত সাৱধানতা অৱলম্বন কৰাটো বিৰাট প্রয়োজন।
১৩)
দিনক বাঢ়ি অহা
উচ্চাকাংক্ষা
আৰু
জনসংখ্যাৰ ওপৰত লেকাম নলগালে ভৱিষ্যত সংকতাপন্ন।
১৪)
এসময়ত আলফাৰ নামত চি আৰ পিয়ে
আৰু
এতিয়া ব্রেকিং নিউজৰ বোকোচাত উঠি টি আৰ পিয়ে বৰ আমনি কৰিব লৈছে।
১৫)
ঘৈণী
আৰু
শীতৰ পুৱা বাথৰুমত প্রথম মগ পানী।
যিমানেই খামী ডাঠ মানুহ নহওক কিয়। বাহিৰত যিমানেই ফালি নাথাকক কিয় এই দুয়োটাৰ আগত এবাৰ হ’লেও বুকু কপেই।
১৬)
নিউজ চেনেল
আৰু
বিয়নিৰ মেল।
দুয়োটা একেই,আনৰ কথাবোৰ খুচৰি খুচৰি বৰ ৰস পাই।
১৭)
ষ্ট্রীট লাইটৰ পোহৰত জোনাকৰ মাদকতা
আৰু
ব্রেকিং নিউজৰ ভীৰত প্রকৃত সাংবাদিকতা। দুয়োটা একেই যেন অনুভৱ হয়।
১৮)
লাইচেন্স
আৰু
কমনচেন্স
মানুহৰ জীৱনত দুটা বৰ দৰকাৰী বস্তু। নথকা জন বিপদত পৰাৰ সম্ভাৱনাই বেছি।
১৯)
খানা হজম নহ’লে হজমুলা
পিছে
কথা হজম নহ’লে আকৌ মূৰঘোলা।
২০)
সাহিত্যিক
আৰু
ভূ-মাফিয়াৰ মাজতো এটা সাদৃশ্য আছে
দুয়ো সদায় এটি ভাল প্লটৰ সন্ধানত থাকে।
২১)
ফেছবুকৰ টেগ্‌
আৰু
বনগুটি দুয়োটা একেই।
অনাহকত লাগি আহে আৰু অশান্তি কৰে। গুচাই গুচাই আমনি লাগি যায়।

Subscribe
Notify of

3 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
vargav gogoi
9 years ago

ভাল লাগিল

সুৰজিত বৰুৱা
9 years ago

এক নতুন সোৱাদ পালো।

থানেশ্বৰ বড়ো
3 years ago

সুন্দৰ!

Copying is Prohibited!