একেই ৰাতি ঘূৰি আহে বাৰে বাৰে – ৰীতা চৌধুৰী
একেই ৰাতি ঘূৰি আহে বাৰে বাৰে৷ পুৰণি কবিতাটোৱে ক’লে…
একান্ত
এই ৰাতি নীৰৱতাৰ বাবে৷
মুখৰ হৈ উঠাৰ বাবেই এই নীৰৱতা৷
প্ৰতিটো ৰাতিৰেই থাকে নিজৰ স্বৰলিপি
প্ৰতিটো ৰাতিৰেই থাকে একক সূচীপত্ৰ৷
আজি ৰাতিটো নীৰৱতাৰ বাবে৷
অলপ জিৰণি আৰু অলপ প্ৰশান্তি
আৰু অলপ নিৰ্জনতা…
ৰাতিটোৰ সিপাৰে ৰৈ আছে বাহু মেলি
সুদীৰ্ঘ পথ আৰু কোলাহল
প্ৰখৰ ৰ’দ আৰু মৰুভূমি…৷
■■■