একেবোৰ কথাকে ঘূৰাই পকাই (মৌচুমী বৰি)
একেবোৰ কথাকে ঘূৰাই পকাই আৰু কিমান কবিতা লিখা — মোৰ মাজৰ মই জনীয়ে কৈ উঠিল
এৰা, ঘূৰি ঘূৰি নিজৰ মাজত নিজৰ ভিতৰলৈ….
অৱচেতনত শুই থকা দুখ-সুখ বোৰৰ মাজলৈকে মইচোন গৈ থাকোঁ আৰু গৈ থাকোঁ
আচলতে মই আজি পুনৰ তোমাৰ কথাকে লিখিব খুজিছিলোঁ
তোমাৰ কথা ভাৱি চকুযুৰি সেমেকি থকাৰ কথা; অভিমান,আৱেগ আদিৰ কথা
পিছে মোৰ মাজৰ মইজনীৰ বিদ্ৰোপভৰা হাঁহিটো দেখি ৰৈ গ’লো
এৰা, হয়তো
কিমান আৰু পুৰণি কথাকে উৰাই ঘূৰাই উৰাই ঘূৰাই
কলমৰ আগেৰে কবিতা লিখিবা
পাখি গজাই নিজৰ ভিতৰৰ পৰা ওলাই আঁহা
ৰৈ আছে আকাশ তোমাৰ বাবে
ৰৈ আছে সাগৰ তোমাৰ বাবে
ৰৈ আছে বসুন্ধৰা তোমাৰ বাবে