এক জটিল চৰ্মৰোগ চ’ৰিয়াচিচ- (ডা০ ভূপেন শইকীয়া)
চ’ৰিয়াচিচ এবিধ জটিল চৰ্মৰোগ ৷ ভাৰতবৰ্ষৰ ১৩৩কোটি জনসংখ্যাৰ ভিতৰৰ এক কোটিৰো অধিক সংখ্যক লোক চ’ৰিয়াচিচৰ ভুক্তভোগী বুলি জনা যায় ৷ আনহাতে গোটেই বিশ্বৰ একৰ পৰা ৩শতাংশ লোক লোক চ’ৰিয়াচিচত আক্ৰান্ত বুলি সমীক্ষাত প্ৰকাশ ৷ অসমতো চ’ৰিয়াচিচৰ ৰোগী বহু হাজাৰজন আছে, সেয়ে এই ৰোগৰ বিষয়ে এক সম্যক আলোচনাৰ প্ৰয়োজনীয়তা আছে৷ অতি প্ৰাচীন কালৰ পৰা মানুহে এই ৰোগৰ বিষয়ে চৰ্চা কৰি আহিছিল ৷ খৃষ্টপূৰ্ব ২৫চনত জন্মা ৰোমান বিশ্বকোষ প্ৰণেতা আউলুচ কৰ্ণেলিউচ চেলচাচে সৰ্বপ্ৰথমে ছালৰ এই ৰোগৰ বৰ্ণনা নিজৰ লিখনিৰ মাধ্যমেৰে ব্যক্ত কৰে ৷ ১৮০৮ – ১৮১৩চনত দুজন ব্ৰিটিছ চিকিৎসক ৰবাৰ্ট ৱিলিয়ান আৰু থমাচ বেটমেনে এই চৰ্মৰোগৰ ওপৰত বিস্তাৰিত তথ্য আগবঢ়ায় ৷
‘চ’ৰিয়াচিচ’ (Psoriasis ) শব্দটো গ্ৰীক ভাষাৰ পৰা অহা- যাৰ সমাৰ্থক প্ৰতিশব্দ হ’ল খজুৱতি ৷ এটা সময়ত এই ৰোগক কুষ্ঠ (Leprosy ) ৰোগৰ দৰে সংক্ৰামক বুলি ভবা হৈছিল ৷ আৰ্চেনিক, চালফাৰ,পাৰা (Mercury ), আয়’ডিন, ফেনাইল, সোণ (Gold salt )আদিৰ দৰে বিপদজনক দ্ৰব্যৰে চ’ৰিয়াচিচ ৰোগীৰ চিকিৎসা কৰা হৈছিল ৷ ১৯০০চনৰ পৰাহে চ’ৰিয়াচিচৰ আধুনিক চিকিৎসাত ষ্টেৰইড, ক’লটাৰ, আলট্ৰাভায়লেট ৰে’ আদিৰ প্ৰচলন আৰম্ভ হয় ৷ ই যে সংক্ৰামক ব্যাধি নহয় সেই বিষয়েও বিজ্ঞানীসকলে নিশ্চিত হয় ৷
এই ৰোগৰ সঠিক কাৰণ উদ্ভাৱন আৰু ৰোগৰ নিৰাময়ৰ ওপৰত আজিৰ দিনতো অহৰ্নিশে নানান অনুসন্ধান আৰু প্ৰয়োগ চলি আছে ৷ এই লিখনিৰ মাধ্যমেৰে জটিল ৰোগ চ’ৰিয়াচিচৰ বিষয়ে কিছু লাগতিয়াল কথা পাঠককলক অৱগত কৰাবৰ প্ৰয়াস কৰিম ৷
চ’ৰিয়াচিচ কিয় বা কি দৰে আৰম্ভ হয় বুজিবলৈ হলে মানৱ শৰীৰৰ ৰোগ প্ৰতিৰোধ প্ৰণালীৰ (Immune system) এটি থুলমুল আভাস সকলোৱে জনাৰ প্ৰয়োজন ৷ আমাৰ দেহত বেক্টেৰিয়া, ভাইৰাচ বা আন ৰোগৰ বীজাণুৱে প্ৰবেশ কৰিলে সেই সংক্ৰমণৰ ফলত আমি অসুস্থহৈ পৰোঁ ৷ আমাৰ তেজত থকা ৰক্ত কণিকা আৰু শ্বেত কণিকাই সেই সংক্ৰমণৰ বিৰুদ্ধে যুঁজিবলৈ আগবাঢ়ি আহে ৷ ৰক্ত কণিকাই শৰীৰৰ প্ৰতিটো কোষক আৱশ্যক হোৱা অক্সিজেনৰ যোগান ধৰে ৷ শ্বেত কণিকাত থকা বি-লিম্ফচাইটৰ পৰা এন্টিবডি উৎপন্ন হয় আৰু শ্বেত কণিকাত থকা টি-লিম্ফচাইটৰ পৰা স্মৃতি বা মেমৰি কোষে পৰৱৰ্তী সংক্ৰমণত ৰোগৰ বিৰুদ্ধে যুঁজাত সক্ৰিয় ভূমিকা লয় ৷ ইয়াৰ ওপৰিও শ্বেত কণিকাত থকা মেক্ৰফেজ নামৰ উপাদানে বীজাণুক গ্ৰাহ কৰে নতুবা আবদ্ধ কৰে আৰু এইদৰে তেজ শোধিতকৰণ কৰে ৷ গতিকে যি কোনো বীজাণুয়ে শৰীৰত সংক্ৰমণ কৰাৰ কেই সপ্তাহমানৰ পিছত শ্বেত কণিকাৰ বি-লিম্ফচাইটৰ পৰা এন্টিবডি নামৰ যুঁজাৰ সৈনিক নিৰ্গত হয় আৰু আমাৰ শৰীৰক সুৰক্ষা দিব আৰম্ভ কৰে ৷ ৰোগ প্ৰতিৰোধ প্ৰণালীৰ অংশ এই টি-লিম্ফচাইটৰ অতি সক্ৰিয়তাৰ ফলত চ’ৰিয়াচিচ উৎপন্ন হয় বুলি শেহতীয়াকৈ বিজ্ঞানীসকলে দাবী কৰিছে ৷ টি-লিম্ফচাইটৰ কোষবিলাকে নিজৰ শৰীৰৰ ছালক চিনাক্ত কৰাত ভুল কৰাৰ পৰিণতি ( Auto immunity)হ’ল চ’ৰিয়াচিচৰ উৎপত্তিৰ সম্ভাব্য তত্ব ৷ ১০ শতাংশ ৰোগীৰ পৰিয়ালৰ আন কাৰোবাৰ এই ৰোগ থকালৈ চাই চ’ৰিয়াচিচত বংশগতিৰো এক ভূমিকা থাকিব পাৰে বুলি ভবা হৈছে ৷ চ’ৰায়াচিচৰ সৈতে জড়িত থাকিব পৰা ৩বিধ জিনৰ নাম হ’ল- NAT 9, RAPTOR, SLC9A3R1 ৷ আকৌ পাৰিপাৰ্শ্বিকতাজনিত কাৰকো ইয়াৰ লগত জড়িত হব পাৰে ৷ মহিলাৰ তুলনাত চ’ৰিয়াচিচ হোৱা পুৰুষৰ সংখ্যা বেচি বুলি জনা যায় ৷
ৰোগৰ উৎপত্তিত অৱদান যোগোৱা আন আন কাৰক কিছুমান হ’ল –
• শাৰীৰিক-মানসিক চাপ বা ষ্ট্ৰেচ
• আঘাত যেনে কটা-চিঙা, জ্বলা-পোৰা, ৰ’দৰ উত্তাপত শৰীৰ দেই যোৱা, উৰহ বা আন পোকৰ কামোৰ আদি
• ধূম্ৰপান
• মদ্যপান
• কিছুমান ঔষধৰ পাৰ্শ্বক্ৰিয়া স্বৰূপে – যেনে বিষনাষক,মেলেৰিয়াৰ দৰব, উচ্চ ৰক্তচাপত ব্যৱহূত বিটাব্লকাৰ আৰু মনোৰোগৰ চিকিৎসাত প্ৰয়োগ হোৱা লিথিয়াম ৷
• বীজানুৰ সংক্ৰমণ – যেনে শিশুৰ স্পেক্ট্ৰকক্কেল বীজানুৰ ডিঙি বা ছালত হোৱা সংক্ৰমণ
• মেদবহুলতা – অতি শকত লোকৰ ছালৰ ভাজত চ’ৰিয়াচিচৰ তৰপ পৰা দেখা যায় ৷
চ’ৰিয়াচিচৰ ক্ষেত্ৰত লক্ষণীয় আন কিছু দিশ তলত উল্লেখ কৰিলোঁ :
– ই সোঁচৰা ৰোগ নহয় ৷
– কেঁচুৱাৰ পৰা বৃদ্ধ বয়সলৈ যি কোনো ব্যক্তিৰ চ’ৰিয়াচিচ হব পাৰে ৷
– সাধাৰণতে ২০ৰ পৰা ৩০ বছৰ বয়সত এই ৰোগ আৰম্ভ হোৱা দেখা যায় ৷
– এবাৰ আৰোগ্যহৈ পুনৰ ৰোগাক্ৰান্ত হোৱা প্ৰায় দেখা যায় ৷
– গ্ৰীষ্মকালৰ তুলনাত শীকালত ৰোগৰ প্ৰকোপ বেচি হয় ৷
– ১০ৰ পৰা ৩০শতাংশ লোকৰ কেতিয়াবা আপোনা আপুনি ৰোগ ভাল হয় ৷
– এই ৰোগ সাধাৰণতে এটা চকৰিৰ দৰে ঘূৰি থাকে ৷ কেইবা সপ্তাহ বা মাহ জুৰি অসুখে তীব্ৰ ৰূপ ধৰে -তাৰ পিছত শাম কাটে – ৰোগৰ চোক কমি শান্তহৈ থাকে – নিজে নিজে ৰোগৰ উপশম হয়-নাইবা পুনৰ নকৈ উক দিয়ে ৷
চ’ৰিয়াচিচৰ লক্ষণসমূহ :
ব্যক্তিভেদে লক্ষণসমূহৰ কিছু তাৰতম্য দেখা যাব পাৰে, কিন্তু সাধাৰণ লক্ষণসমূহ তলত উল্লেখ কৰা ধৰণৰ :-
– ছালৰ ওপৰত বিভিন্ন আকাৰৰ ৰঙা বৰণৰ টুকুৰা, যাৰ ওপৰত পাতল ৰূপালী তৰপ দেখা যায় ৷
– ছাল হৈ পৰে শুষ্ক, ফাট মেলা, ৰক্তক্ষয় হব খোজা ৷
– খজুৱতি, পোৰণি আৰু জ্বলা ভাৱ লগত থাকে ৷
– নখবোৰ সাধাৰণতে হৈ পৰে আঁচোৰ থকা,ডাঠ, গাত থকা ধৰণৰ ৷
– হাঁড়ৰ গাঠিসমূহ ফুলি উঠা আৰু জঠৰ হোৱা ৷
চ’ৰিয়াচিচৰ প্ৰকাৰ :
১- চ’ৰিয়াচিচ ভালগাৰিচ বা প্লেকু চ’ৰিয়াচিচ – প্ৰায় ৮০শতাংশ ৰোগী এই শ্ৰেণীত পৰে ৷ মানুহৰ ছাল প্ৰতি মাহে নকৈ আহে ৷ চ’ৰিয়াচিচ হলে নতুন অপৰিপক্ক ছালৰ ওপৰত ৰঙচুৱা ডাঠ তৰপৰ (Plaque) সৃষ্টি হয় ৷ এনে তৰপ ঘাইকৈ কিলাকুটি,আঁঠু, মূৰৰ ছাল, কঁকাল,পিঠিত বেচিকৈ হোৱা পৰিলক্ষিত হয় ৷ কিন্তু শৰীৰৰ যি কোনো ঠাইতে এনে হব পাৰে ৷ যৌনাংগ,কৰঙণ,মুখৰ ভিতৰতো হব পাৰে ৷ জননেন্দ্ৰিয় আক্ৰান্ত হলে প্ৰসাব আৰু সহবাস কষ্টপ্ৰদ হব পাৰে ৷ মুখৰ ভিতৰৰ ছাল আক্ৰান্ত হলে চোবোৱাত বা গিলাত কষ্ট হব পাৰে ৷ সেই ডাঠ তৰপৰ ওপৰত ৰূপালী এৰাব খোজা পাতল তৰপ একোটা থাকে ৷ খজুৱতি কম বেচি পৰিমাণে থাকেই ৷ বিষো হব পাৰে ৷ তেজো নিগৰিব পাৰে ৷ শৰীৰত এনে তৰপ কেইটামান বা বহুখিনি হব পাৰে ৷
২-নখৰ চ’ৰিয়াচিচত হাতৰ আৰু ভৰিৰ নখৰ আকৃতি, ৰঙ, গঢ়ৰ বিজুতি ঘটে ৷ নখৰ ওপৰখন আঁচ-আঁচ বা ফাটমেলা ধৰণৰ হব পাৰে ৷ নখটো তলৰ সংলগ্ন আঙুলৰ পৰা পৃথকহৈ এৰাই আহিব পাৰে ৷ একে সময়তে নখচুকীয়া ৰোগ নহলে নখত ভেঁকুৰে ধৰিব পাৰে ৷
৩- মূৰৰ (Scalp) চ’ৰিয়াচিচত আক্ৰান্ত অংশ ৰঙা পৰে আৰু অতিপাত খজুৱতি হয় ৷ চুলিৰ সীমাৰ তললৈকে ৰোগ বাঢ়িব ধৰে ৷ চুলি সৰিব ধৰে ৷ মূৰটো বগা উফিয়ে ধৰা যেন দেখুৱায় ৷
৪- নিয়ৰ কণিকা সদৃশ্য গোটাটে ( Guttate ) চ’ৰিয়াচিচত সাধাৰণতে কম বয়সীয়া লোক ভুক্তভোগী হয় ৷ বেক্টৰিয়াৰ সংক্ৰমণৰ পিছত চ’ৰিয়াচিচ আৰম্ভ হয় ৷ শৰীৰত এক চেন্টিমিটাৰ বা তাতকৈ সৰু ব্যাসাৰ্ধৰ পাতল দাগ বুকু, ভৰি নহলে বাহুৰ অঞ্চলত হবলৈ ধৰে ৷
৫- ইনভাৰ্চ (Inverse) বা ফ্লেকচুৰেল (Fluctural) চ’ৰিয়াচিচ বেচিকৈ শকত লোকৰ হয় ৷ কাষলতিৰ তলত, কৰঙণৰ চুকত, জননেন্দ্ৰিয় কাষত বা স্তনৰ তলত মিহি ৰঙচুৱা দাগ বহিব ধৰে ৷ খজুৱতিৰ ওপৰি বিষো হব পাৰে ৷ ভেঁকুৰত ভূগিব পাৰে ৷ গৰম বতৰ, ঘৰ্ষণ হলে,ঘমাৰ্ত হলে অসুখ বেচি কষ্ট্ৰপদ হয় ৷
৬- পূঁজৰে ভৰা (Pustular) চ’ৰিয়াচিচ কোনো কোনোজনৰ হব পাৰে ৷ অতি কম সংখ্যকৰহে এনে হয় ৷ ৰঙা পৰা ছালত বিষ, জ্বৰ, খজুৱতি আৰু হাগনি থাকিব পাৰে ৷ অসুখ সৰ্বশৰীৰত (Von Zumbusch), হাতৰ-ভৰিৰ তলুৱাত (Palmoplanter ) নহলে আঙুলিৰ অগ্ৰভাগত (Acropustular)হব পাৰে ৷
৭- এৰিথ্ৰডামেটিক (erythrodermotic ) চ’ৰিয়াচিচ – আটাইতকৈ কমকৈ হোৱা এই ৰোগ বৰ গুৰুতৰ ৷ গোটেই ৰঙা পৰে ৷ ছালএৰাব ধৰে ৷ ভীষণ খজুৱতি আৰু পোৰণি হয় ৷ ডিহাইড্ৰেচন, বেক্টেৰিয়াৰ সংক্ৰমণ আৰু পুষ্টিহীনতাই দেখা দিব পাৰে ৷
৮- গাঠিৰ হাঁড়ৰ চ’ৰিয়াচিচ – ১০ৰ পৰা ৩০শতাংশ ৰোগীয়ে ইয়াত আক্ৰান্ত হয় ৷ কম বেচি পৰিমাণে হাঁড়ৰ গাঠিবিলাক ফুলি উঠে আৰু বিষ হয় ৷ একেলগে নখৰো বিকৃতি হয় ৷
চ’ৰিয়াচিচৰ পৰা হবপৰা জটিলতাসমূহ :
• চকুৰ– য়ুভিয়াইটিচ, কনজাংটিভাইটিচ,চকুৰ পতাৰ সংক্ৰমণ
• হৃদৰোগ – ষ্ট্ৰোক, উচ্চ ৰক্তচাপ, শৰীৰৰ চৰ্বি বঢ়া ডিচলিপিডেমিয়া আদি
• স্নায়ুজনিত-– পাৰকিনচ’নিজম
• মানসিক ৰোগ-ডিপ্ৰেচন
• কিডনিৰ অসুখ
• ডায়েবেটিজ
• মেটাবলিক চিনড্ৰম
• অন্যান্য অ’টো-ইমিউন ডিজিজ যেনে ইৰিটেবল বাৱেল চিনড্ৰম, চিলিয়াক ডিজিজ, ক্ৰণছ ডিজিজ, মাল্টিপল স্কেৰচিচ
আন একে দেখা ৰোগৰ পৰা পৃথকীকৰণ :
পিটিৰিয়াচিচ ৰজিয়া, লাইকেন প্লেনাচ, ছালৰ ভেঁকুৰ, চেবৰিক ডাৰ্মাটাইটিচ ৷
: চিকিৎসাৰ চমু আভাস :
চ’ৰিয়াচিচৰ চিকিৎসা যিকোনো চিকিৎসকৰ বাবে প্ৰত্যাহ্বান স্বৰূপ ৷ দৰাচলতে ৰোগৰ সম্পূৰ্ণ নিৰাময়ৰ কোনেও নিশ্চয়তা দিব নোৱাৰে ৷ কিছুমান ঔষধে বিপদজনক পাৰ্শ্বক্ৰিয়াও কৰিব পাৰে ৷ তথাপিও বৰ্তমান সময়ত নানান আধুনিক দৰবৰ সহায়ত আৰু চিকিৎসা পদ্ধতিৰ প্ৰয়োগৰ দ্বাৰা আশাপ্ৰদ পৰিণাম দেখা যোৱাটো ৰোগীৰ বাবে সন্তোষৰ বতৰা ৷
নিম্নলিখিত কিছুমান লগোৱা দৰব হ’ল –
• ষ্টেৰইড ক্ৰিম
• ভিটামিন-ডি ক্ৰিম -কেলচিট্ৰল, কেলচিপ্ৰটিনে
• এনথ্ৰালিন নামৰ মলমেছালৰ ডিএনএ কোষক নিয়মীয়া ক্ৰিয়া কৰাত সহায় কৰে ৷
• ৰেটিনয়ডমলম যেনে টাৰ্যোটিন
• টাৰকোলিমাচ মলমে টি- লিম্ফচাইটৰ সক্ৰিয়তা নিয়ন্ত্ৰণ কৰে
• চেলিচাইলিকমলম
• কোলটাৰ মলম
• ছালৰ আৰ্দ্ৰতা বৰ্তাই ৰখা ক্ৰিম(Moisturizures)
আলট্ৰাভায়লেট ৰে,ফটো-কেমথিৰাপি ( চ’ৰালিন আৰু পুভা),সূৰ্য্যৰ ৰশ্মিৰ প্ৰয়োগ,লেজাৰ আদিৰ প্ৰয়োগ বিশেষজ্ঞসকলে ৰোগীভেদে কৰি মিশ্ৰিত ফলাফল পাইছে ৷
নানাবিধ ঔষধিৰ প্ৰয়োগ-
ইমিউনিটি প্ৰতিৰোধক দৰব, টি-লিম্ফচাইটৰ সক্ৰিয়তা কমোৱা নানবিধ খোৱা দৰব আৰু বেজী বৰ্তমান বজাৰত উপলব্ধ ৷ সতৰ্কতাৰে সেইবিলাক ঔষধৰ প্ৰয়োগ নকৰিলে লিভাৰ, কিডনিত ছাপৰ সৃষ্টি কৰিব পাৰে আৰু সকলো ধৰণৰ তেজৰ কণিকা হ্ৰাস কৰিব পাৰে ৷ কিছুমান উল্লেখযোগ্য দৰবৰ নাম হ’ল- চাইক্লস্পৰিন, মেথট্ৰিস্কেট,ইটানাৰচেপ্ট,ইনফ্লিস্কিমেব, উইষ্টেকিনুমেব আদি ৷
নানাবিধ লাগতিয়াল সৰুসুৰা কথা –
চ’ৰিয়াচিচৰ প্ৰতিষেধক আজিলৈ ওলোৱা নাই ৷ কিন্তু কিছমান ঘৰুৱা প্ৰয়োগৰ দ্বাৰা ৰোগ নবঢ়াকৈ কিছু পৰিমাণে নিয়ন্ত্ৰণত ৰাখিব পাৰি ৷আয়ুৰ্বেদিক আৰু হোমিঅ’পেথিক চিকিৎসাৰো মিশ্ৰিত ফলাফল দেখা যায় ৷
– সদায় সন্তুলিত সুষম খাদ্য গ্ৰহণ কৰক ৷ প্ৰচুৰ ফলমূল আৰু শাক-পাচলিৰ পৰা শৰীৰে ৰক্তশোধক এন্টিঅক্সিডেন্ট আৰু ভিটামিন আহৰণ কৰে ৷ অলিভ অইল,টুনা,চলমান জাতীয় মাছৰ পৰা অমেগা-৩ নামৰ লাগতিয়াল তত্ব শৰীৰে আহৰণ কৰিব পাৰে ৷
— নিয়মিত ব্যায়াম আৰু যোগাসন কৰিলে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বাঢ়ে ৷
– মদ,চিগাৰেট, জাংক ফুড,টিনতঅহা ৰেডিমেড খাদ্য পৰিহাৰ কৰক ৷
-নিয়মিত নিদ্ৰাৰ অভ্যাস গঢ়ক ৷
– অতিপাত শাৰীৰিক-মানসিক ছাপ এৰাই চলক ৷
– দেহক শীতৰ প্ৰকোপৰ পৰাব চাওক ৷ বাতানুকুলিত যন্ত্ৰ সতৰ্কতাৰে ব্যৱহাৰ কৰিব ৷
– চিন্থেটিকৰ সলনি কপাহী কাপোৰ ব্যৱহাৰ কৰক ৷
– নহৰু আৰু এলোভেৰাৰ ৰসত চ’ৰিয়াচিচ প্ৰতিৰোধক তত্ব থকা বুলি অনুমান হয় ৷
– গা-ধোৱাৰ আগতে শৰীৰটো নাৰিকল তেলেৰে মালিচ কৰিলে ছাল সোনকালে শুষ্কহৈ নাযায় ৷
– পকাকলৰ বাকলি ঘঁহিলেও ছাল মিহি হয় ৷
– তুলসী আৰু মহা নিমৰ পাত চৰ্মৰ বাবে উপযোগী ৷ খাবলৈ গা ধুবলৈ ব্যৱহাৰ কৰক ৷
– আপোনাৰ চিকিৎসকৰ পৰামৰ্শ মানি চলক ৷ নিজাববীয়াকৈ আনক দেখি কোনো দৰবৰ প্ৰয়োগ নকৰিব ৷