এখন কলিজাৰ বিজ্ঞাপন –কুসুমাঞ্জলি শৰ্মা

 

খনিকৰে দুৱাৰত টুকুৰিয়াইছিল

বাৰন্দাতে ৰৈ ক’লে
প্ৰেমৰ প্ৰতিমা সাজিম
মডেল তোমাক লাগে

মোৰ উত্তৰ বিহীন নিশ্চল চাৱনি
বহু কথা পঢ়ি
ক্ষমা বিচাৰি ক’লে
—উভটি যাওঁগৈ
তুমি ইতিমধ্যেই
কলিজা নথকা প্ৰতিমা

বৰ বেয়াকৈ ধৰা পৰিলোঁ
এতিয়া
বিজ্ঞাপন দিম কাকতে কাকতে
অনতি পলমে ব্ৰহ্মাণ্ডৰ দাঁতাক লাগে
হয়, মোক ইউনিভাৰ্চেল ড’নাৰ তেজৰ গ্ৰুপৰ
এখন কলিজাৰ দৰকাৰ

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!