এখন কুহুমবুলীয়া চহৰৰ সাধু : অনিন্দিতা পৰাগ ডেকা

বতাহৰ নিফুট হাতত ধৰি

সন্ধিয়াৰ ডেফ’ডিলপাহৰ সুগন্ধি
আজিও ভাঁহি আহে মোৰ ওচৰলৈ
আৰু
আদিম চহৰখনৰ কুহুমবুলীয়া ঘৰটোৰ
জীৱন বিষয়ক গল্পটো পঢ়ি শুনায়

ৰঙচুৱা বৰষুণ এজাকত
ফুলপাহক মই
ছাতি মেলি দিছিলোঁ
আৰু
তিতিব বিচাৰিছিলোঁ পূৰ্ণতাৰে
অথচ হৃদয়ত আশ্ৰম এখন গঢ়ি
ফুলি থাকিল ফুলপাহ
আৰু
সাগৰখন দুচকুত জাঁপি-কুচি
মই গতি কৰিলোঁ বানপ্ৰস্থলৈ
কুন্দত কটা
সেই চহৰখনৰ
সোঁৱৰণি গছকি৷

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!